2 ULB হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে। BSB BSB: Listen, O heavens, and give ear, O earth, for the LORD has spoken: “I have raised children and brought them up, but they have rebelled against Me.
3 ULB গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়; কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।” BSB BSB: The ox knows its owner, and the donkey its master’s manger, but Israel does not know; My people do not understand.”
4 ULB হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তানসকল! তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ জনাক হেয়জ্ঞান কৰিলে; তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে। BSB BSB: Alas, O sinful nation, a people laden with iniquity, a brood of evildoers, children who act corruptly! They have forsaken the LORD; they have despised the Holy One of Israel and turned their backs on Him.
5 ULB তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল; BSB BSB: Why do you want more beatings? Why do you keep rebelling? Your head has a massive wound, and your whole heart is afflicted.
6 ULB ভৰিৰ তলুৱাৰে পৰা মুৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই; কেৱল ঘা, আঘাত, আৰু মুকলি ঘাবোৰ সতেজ; সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে সুশ্রূষাও কৰা নাই। BSB BSB: From the sole of your foot to the top of your head, there is no soundness—only wounds and welts and festering sores neither cleansed nor bandaged nor soothed with oil.
7 ULB তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে। BSB BSB: Your land is desolate; your cities are burned with fire. Foreigners devour your fields before you—a desolation demolished by strangers.
8 ULB দ্ৰাক্ষাবাৰীৰ পঁজাৰ দৰে, আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে, আৰু অৱৰোধ কৰা নগৰৰ দৰে, চিয়োন-জীয়ৰী পৰিত্যক্ত হৈছে। BSB BSB: And the Daughter of Zion is abandoned like a shelter in a vineyard, like a shack in a cucumber field, like a city besieged.
9 ULB বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোহেঁতেন। BSB BSB: Unless the LORD of Hosts had left us a few survivors, we would have become like Sodom, we would have resembled Gomorrah.
10 ULB হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা; হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া। BSB BSB: Hear the word of the LORD, you rulers of Sodom; listen to the instruction of our God, you people of Gomorrah!
11 ULB যিহোৱাই কৈছে, “মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি?” ভেড়া পোৱালী আৰু হৃষ্ট পুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে; ষাঁড়গৰু, ভেড়া, বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ। BSB BSB: “What good to Me is your multitude of sacrifices?” says the LORD. “I am full from the burnt offerings of rams and the fat of well-fed cattle; I take no delight in the blood of bulls and lambs and goats.
12 ULB যেতিয়া তোমালোকে মোৰ আগত উপস্থিত হ’বলৈ আহাঁ, আৰু মোৰ চোতালখন গচকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল? BSB BSB: When you come to appear before Me, who has required this of you—this trampling of My courts?
13 ULB অনৰ্থক নৈবেদ্য আৰু নানিবা; আৰু ধূপ মোলৈ ঘিণলগীয়া; তোমালোকৰ ন-জোন, বিশ্ৰামবাৰ, আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰোঁ। BSB BSB: Bring your worthless offerings no more; your incense is detestable to Me. New Moons, Sabbaths, and convocations—I cannot endure iniquity in a solemn assembly.
14 ULB তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে; সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ। BSB BSB: I hate your New Moons and your appointed feasts. They have become a burden to Me; I am weary of bearing them.
15 ULB সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত তেজেৰে পৰিপূৰ্ণ হৈছে। BSB BSB: When you spread out your hands in prayer, I will hide My eyes from you; even though you multiply your prayers, I will not listen. Your hands are covered with blood.
16 ULB নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা, BSB BSB: Wash and cleanse yourselves. Remove your evil deeds from My sight. Stop doing evil!
17 ULB ভাল কৰ্ম কৰিবলৈ শিকা। ন্যায়বিচাৰ বিচৰা, আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।” BSB BSB: Learn to do right; seek justice and correct the oppressor. Defend the fatherless and plead the case of the widow.”
18 ULB যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোহঁক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊনৰ দৰে হৈ পৰিব। BSB BSB: “Come now, let us reason together,” says the LORD. “Though your sins are like scarlet, they will be as white as snow; though they are as red as crimson, they will become like wool.
19 ULB তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফ’ল ভোগ কৰিবলৈ পাবা। BSB BSB: If you are willing and obedient, you will eat the best of the land.
20 ULB কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহাচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰিব,” কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে। BSB BSB: But if you resist and rebel, you will be devoured by the sword.” For the mouth of the LORD has spoken.
21 ULB কি দৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰী সকলেৰে পৰিপূৰ্ণ। BSB BSB: See how the faithful city has become a harlot! She once was full of justice; righteousness resided within her, but now only murderers!
22 ULB তোমালোকৰ ৰূপ বিশুদ্ধলৈ পৰিণত হ’ল, আৰু তোমালোকৰ দ্ৰাক্ষাৰস পানীৰে মিহলোৱা হ’ল। BSB BSB: Your silver has become dross; your fine wine is diluted with water.
23 ULB তোমালোকৰ শাসনকৰ্ত্তাসকল বিদ্ৰোহী আৰু চুৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকৰ আগত নাহে। BSB BSB: Your rulers are rebels, friends of thieves. They all love bribes and chasing after rewards. They do not defend the fatherless, and the plea of the widow never comes before them.
24 ULB এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে: “তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজকে প্রতিশোধ সাধিম; BSB BSB: Therefore the Lord GOD of Hosts, the Mighty One of Israel, declares: “Ah, I will be relieved of My foes and avenge Myself on My enemies.
25 ULB মই তোমালোকৰ বিৰুদ্ধে মোৰ হাত ঘূৰাই আনিম, তোমালোকৰ আবৰ্জনা আঁতৰাই শুদ্ধ কৰিম, আৰু তোমালোকৰ সকলো অসাৰ বস্তু নাইকিয়া কৰিম। BSB BSB: I will turn My hand against you; I will thoroughly purge your dross; I will remove all your impurities.
26 ULB মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্ত্তাসকলক, আৰু আৰম্ভণীৰ দৰে তোমালোকৰ পৰামৰ্শদাতাসকলক পুনৰায় স্থাপন কৰিম; তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ’বা।” BSB BSB: I will restore your judges as at first, and your counselors as at the beginning. After that you will be called the City of Righteousness, the Faithful City.”
27 ULB চিয়োন ন্যায়বিচাৰৰ দ্বাৰাই, আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ’ব। BSB BSB: Zion will be redeemed with justice, her repentant ones with righteousness.
28 ULB বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব। BSB BSB: But rebels and sinners will together be shattered, and those who forsake the LORD will perish.
29 ULB “কিয়নো তোমালোকে ইচ্ছা কৰা পবিত্র অক গছবোৰৰ বাবে লাজ পাবা, আৰু তোমালোকৰ মনোনীত বাগিছাবোৰৰ বাবে বিভ্রান্ত হ’বা। BSB BSB: Surely you will be ashamed of the sacred oaks in which you have delighted; you will be embarrassed by the gardens that you have chosen.
30 ULB কাৰণ তোমালোক অক গছৰ শুকান পাতৰ দৰে, আৰু পানী নথকা বাগিছাৰ দৰে হ’বা। BSB BSB: For you will become like an oak whose leaves are withered, like a garden without water.
31 ULB পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব; সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নোমাব নোৱাৰিব। BSB BSB: The strong man will become tinder and his work will be a spark; both will burn together, with no one to quench the flames.
Select verses for actions: Enter goes to them and Escape comes back.