1 ULB মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মুৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে। BSB BSB: This is the burden against Egypt: Behold, the LORD rides on a swift cloud; He is coming to Egypt. The idols of Egypt will tremble before Him, and the hearts of the Egyptians will melt within them.
2 ULB “মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব। BSB BSB: “So I will incite Egyptian against Egyptian; brother will fight against brother, neighbor against neighbor, city against city, and kingdom against kingdom.
3 ULB মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত-পোহাঁ, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব। BSB BSB: Then the spirit of the Egyptians will be emptied out from among them, and I will frustrate their plans, so that they will resort to idols and spirits of the dead, to mediums and spiritists.
4 ULB বাহিনীসকলৰ প্রভু যিহোৱাই কৈছে, “মই মিচৰীয়াসকলক এজন নিষ্ঠুৰ মালিকৰ হাতত সমৰ্পণ কৰিম, আৰু এজন পৰাক্রমী ৰজাই তেওঁলোকক শাসন কৰিব।” BSB BSB: I will deliver the Egyptians into the hands of a harsh master, and a fierce king will rule over them,” declares the Lord GOD of Hosts.
5 ULB সমুদ্রৰ পানী শুকাই যাব, আৰু নদী শুকাই খালী যাব। BSB BSB: The waters of the Nile will dry up, and the riverbed will be parched and empty.
6 ULB নদীবোৰ দুৰ্গন্ধযুক্ত হ’ব, আৰু মিচৰৰ নদীৰ পানী কমি শুকাই যাব; নল আৰু খাগড়ি নিৰ্জীব হ’ব। BSB BSB: The canals will stink; the streams of Egypt will trickle and dry up; the reeds and rushes will wither.
7 ULB নীল নদীৰ ঘাট, আৰু নীল নদীৰ দাঁতিৰ ঘাঁহনিবোৰ শুকাই ধূলিলৈ পৰিণত হ’ব, আৰু বতাহে উৰুৱাই লৈ যাব। BSB BSB: The bulrushes by the Nile, by the mouth of the river, and all the fields sown along the Nile, will wither, blow away, and be no more.
8 ULB মাছমৰীয়াসকল ক্রন্দন কৰিব, আৰু নদীত বৰশী টুপুৱাসকলে বিলাপ কৰিব, তেওঁলোকৰ দৰে পানীত জাল পেলোৱাসকলেও দুঃখ কৰিব। BSB BSB: Then the fishermen will mourn, all who cast a hook into the Nile will lament, and those who spread nets on the waters will pine away.
9 ULB শণ সূতা ফনিওৱা কাম কৰাসকল আৰু বগা বস্ত্ৰ বোৱাসকল বিবৰ্ণ হ’ব। BSB BSB: The workers in flax will be dismayed, and the weavers of fine linen will turn pale.
10 ULB মিচৰীয়াৰ কাপোৰৰ কাম কৰা লোকসকলক ভগ্ন কৰা হ’ব; আৰু হাজিৰাত কাম কৰাসকলে মনত কষ্ট পাব। BSB BSB: The workers in cloth will be dejected, and all the hired workers will be sick at heart.
11 ULB চোৱণৰ ৰাজকুমাৰ সকল সম্পূৰ্ণ মূৰ্খ, আৰু ফৌৰণৰ সকলোতকৈ জ্ঞানী পৰামৰ্শদাতা সকলৰ মন্ত্রণা জ্ঞানশূন্য হ’ব। “মই জ্ঞানীলোকৰ পুত্ৰ, প্ৰাচীন ৰজাসকলৰ সন্তান,” এই বুলি ফৌৰণৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক’ব পাৰা? BSB BSB: The princes of Zoan are mere fools; Pharaoh’s wise counselors give senseless advice. How can you say to Pharaoh, “I am one of the wise, a son of eastern kings”?
12 ULB তেনেহ’লে তোমালোকৰ জ্ঞানীলোক ক’ত? তেওঁলোকে তোমালোকক কওক, আৰু মিচৰৰ বিষয়ে বাহিনীসকলৰ যিহোৱাই কি পৰিকল্পনা কৰিছে, সেই বিষয়ে তেওঁলোকে জানক। BSB BSB: Where are your wise men now? Let them tell you and reveal what the LORD of Hosts has planned against Egypt.
13 ULB চোৱণৰ ৰাজকুমাৰ সকল মূৰ্খ হ’ল, নোফৰ ৰাজকুমাৰ সকল প্ৰতাৰিত হ’ল; তেওঁলোকে মিচৰৰ জাতিবোৰৰ চুকৰ শিল স্বৰূপ, তেওঁলোকে মিচৰীয়াসকলক বিপথগামী কৰিলে। BSB BSB: The princes of Zoan have become fools; the princes of Memphis are deceived. The cornerstones of her tribes have led Egypt astray.
14 ULB যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে, মতলীয়ালোকে বমি কৰি ঢলংপলং কৰাৰ দৰে, তেওঁলোকে মিচৰক তেওঁৰ সকলো কাৰ্যত বিপথগামী কৰিলে, BSB BSB: The LORD has poured into her a spirit of confusion. Egypt has been led astray in all she does, as a drunkard staggers through his own vomit.
15 ULB মূৰ বা নেগুৰ, খাজুৰ পাত বা খাগড়ি তাত কোনো এজনে মিচৰৰ বাবে একো কৰিব নোৱাৰে। BSB BSB: There is nothing Egypt can do—head or tail, palm or reed.
16 ULB সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব। BSB BSB: In that day the Egyptians will be like women. They will tremble with fear beneath the uplifted hand of the LORD of Hosts, when He brandishes it against them.
17 ULB যিহূদা দেশ মিচৰীয়াসকলৰ আগত ত্ৰাসৰ কাৰণ হ’ব। মিচৰৰ বিৰুদ্ধে বাহিনীসকলৰ যিহোৱাই কৰা পৰিকল্পনাৰ কাৰণে যেতিয়াই কোনো এজনে তেওঁলোকক সোঁৱৰণ কৰিব, তেতিয়া তেওঁলোকে ভয় কৰিব। BSB BSB: The land of Judah will bring terror to Egypt; whenever Judah is mentioned, Egypt will tremble over what the LORD of Hosts has planned against it.
18 ULB সেই দিনা কনানীয়া ভাষা কোৱা আৰু বাহিনীসকলৰ যিহোৱালৈ শপত খোৱা পাঁচখন নগৰ হ’ব। এই পাচঁখনৰ এখন সূৰ্যৰ নগৰ নামেৰে প্রখ্যাত হ’ব। BSB BSB: In that day five cities in the land of Egypt will speak the language of Canaan and swear allegiance to the LORD of Hosts. One of them will be called the City of the Sun.
19 ULB সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব। BSB BSB: In that day there will be an altar to the LORD in the center of the land of Egypt, and a pillar to the LORD near her border.
20 ULB সেয়ে মিচৰ দেশত বাহিনীসকলৰ যিহোৱাৰ অৰ্থে এটা চিন আৰু সাক্ষীস্বৰূপ হ’ব। যেতিয়া তেওঁলোকে উপদ্ৰৱকাৰী সকলৰ বাবে যিহোৱাৰ আগত কাতৰোক্তি কৰিব; তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁ এজন ত্রানকৰ্ত্তা আৰু উদ্ধাৰকৰ্ত্তা পঠাব, আৰু তেওঁ তেওঁলোকক মুক্ত কৰিব। BSB BSB: It will be a sign and a witness to the LORD of Hosts in the land of Egypt. When they cry out to the LORD because of their oppressors, He will send them a savior and defender to rescue them.
21 ULB যিহোৱা মিচৰত জনাজাত হ’ব, আৰু সেই দিনা মিচৰীয়াসকলে যিহোৱাক জানিব। তেওঁলোকে বলিদান আৰু উৎসৰ্গৰ সৈতে তেওঁৰ আৰাধনা কৰিব, আৰু যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰিব, আৰু সিদ্ধও কৰিব। BSB BSB: The LORD will make Himself known to Egypt, and on that day Egypt will acknowledge the LORD. They will worship with sacrifices and offerings; they will make vows to the LORD and fulfill them.
22 ULB যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব। BSB BSB: And the LORD will strike Egypt with a plague; He will strike them but heal them. They will turn to the LORD, and He will hear their prayers and heal them.
23 ULB সেই দিনা সেই ঠাইত মিচৰ দেশৰ পৰা অচূৰলৈকে এটা ৰাজপথ হ’ব, তাতে অচূৰীয়া লোকে মিচৰলৈ, আৰু মিচৰীয়া লোকে অচোৰলৈ অহা যোৱা কৰিব; আৰু মিচৰীয়াসকলে অচূৰীয়াসকলৰ সৈতে অৰাধনা কৰিব। BSB BSB: In that day there will be a highway from Egypt to Assyria. The Assyrians will go to Egypt, and the Egyptians to Assyria. The Egyptians and Assyrians will worship together.
24 ULB সেই দিনা মিচৰ আৰু অচূৰৰ সৈতে ইস্রায়েল তৃতীয় হৈ পৃথিৱীৰ মাজত আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব। BSB BSB: In that day Israel will join a three-party alliance with Egypt and Assyria—a blessing upon the earth.
25 ULB বাহিনীসকলৰ যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিব আৰু ক’ব, “মোৰ মিচৰীয়া লোকসকল, মোৰ হাতে কৰা কাৰ্য অচূৰ, আৰু মোৰ আধিপত্য ইস্ৰায়েল আশীৰ্ব্বাদপ্ৰাপ্ত হওক।” BSB BSB: The LORD of Hosts will bless them, saying, “Blessed be Egypt My people, Assyria My handiwork, and Israel My inheritance.”
Select verses for actions: Enter goes to them and Escape comes back.