1 ULB হে অৰিয়েল, হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ! বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক। BSB BSB: Woe to you, O Ariel, the city of Ariel where David camped! Year upon year let your festivals recur.
2 ULB কিন্তু মই অৰিয়েলক ৱৰোধ কৰিম; আৰু তেওঁ শোক আৰু বিলাপ কৰিব, আৰু তেওঁ মোৰ পক্ষে অৰীয়েলৰ দৰে হ’ব। BSB BSB: And I will constrain Ariel, and there will be mourning and lamentation; she will be like an altar hearth before Me.
3 ULB মই তোমাৰ বিৰুদ্ধে চাৰিওফালে চাউনি পাতিম, আৰু লোহাৰ বেৰেৰে তোমাক বেৰি ধৰিম, আৰু তোমাৰ বিৰুদ্ধে কাম কৰা গড় তুলিম। BSB BSB: I will camp in a circle around you; I will besiege you with towers and set up siege works against you.
4 ULB তুমি নত হ’বা, ভুমিৰ পৰা কথা কবা; তোমাৰ বাক্য সৰু হৈ ধুলিৰ পৰা ওলাব। তোমাৰ মাত ভুতৰ দৰে ভুমিৰ পৰা ওলাব, আৰু তোমাৰ বাক্যৰ অতি দুৰ্বল হৈ ধুলিৰ পৰা ওলাব। BSB BSB: You will be brought low, you will speak from the ground, and out of the dust your words will be muffled. Your voice will be like a spirit from the ground; your speech will whisper out of the dust.
5 ULB কিন্তু তোমাৰ আক্রমণকাৰীৰ দলসমূহ মিহি ধুলিৰ দৰে হ’ব, আৰু ভয়ানক লোকসমুহ উৰি যোৱা তুঁহৰ দৰে হ’ব; এই সকলো অকস্মাতে, চকুৰ প্ৰচাৰতে ঘটিব। BSB BSB: But your many foes will be like fine dust, the multitude of the ruthless like blowing chaff. Then suddenly, in an instant,
6 ULB মেঘ-গৰ্জ্জন, ভূমিকম্প, মহাশব্দ, বা’মৰলী বতাহ, ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতে বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই দণ্ড দিয়া যাব। BSB BSB: you will be visited by the LORD of Hosts with thunder and earthquake and loud noise, with windstorm and tempest and consuming flame of fire.
7 ULB অৰীয়েলৰ বিৰুদ্ধে যি সকলো জাতি সমুহে যুদ্ধ কৰিব, আৰু তেওঁৰ দৃঢ় কোঁঠৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু তেওঁক ক্লেশ দিব, এই সকলো এটা সপোন, আৰু ৰাতিৰ এটা দৰ্শনৰ দৰে হ’ব। BSB BSB: All the many nations going out to battle against Ariel—even all who war against her, laying siege and attacking her—will be like a dream, like a vision in the night,
8 ULB যেনেকৈ ক্ষুধাতুৰ মানুহে সপোনত ভোজন কৰে, কিন্তু সাৰ পালে পেট খালী হৈ থাকে, বা যেনেকৈ তৃষ্ণাতুৰ মানুহে সপোনত পান কৰে, কিন্তু সাৰ পালে পিয়াহত দুৰ্ব্বল হয়, আৰু অন্তৰত পিয়াহ লাগে, হয়, তেনেকৈয়ে চিয়োন পৰ্ব্বতৰ বিৰুদ্ধে যুদ্ধ কৰা সকলো দেশ সমূহ হ’ব। BSB BSB: as when a hungry man dreams he is eating, then awakens still hungry; as when a thirsty man dreams he is drinking, then awakens faint and parched. So will it be for all the many nations who go to battle against Mount Zion.
10 ULB কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে। BSB BSB: For the LORD has poured out on you a spirit of deep sleep. He has shut your eyes, O prophets; He has covered your heads, O seers.
12 ULB যদি “ইয়াক পাঠ কৰা,”এই বুলি কৈ অজ্ঞান এজনক পুথিখন দিয়ে, তেওঁ কয়, “মই পঢ়িব নাজানো।” BSB BSB: Or if the scroll is handed to one unable to read, he will say, “I cannot read.”
13 ULB যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা। BSB BSB: Therefore the Lord said: “These people draw near to Me with their mouths and honor Me with their lips, but their hearts are far from Me. Their worship of Me is but rules taught by men.
14 ULB এই হেতুকে, চোৱা, মই এই লোকসকলৰ মাজত অদ্ভুত ৰূপে, আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকিম, তেওঁলোকৰ জ্ঞানী লোকসকলৰ জ্ঞান নষ্ট হ’ব, আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোকসকলৰ সুবুদ্ধি লুপ্ত থাকিব। BSB BSB: Therefore I will again confound these people with wonder upon wonder. The wisdom of the wise will vanish, and the intelligence of the intelligent will be hidden.”
15 ULB যিহোৱাৰ পৰা নিজৰ কল্পনা গভীৰভাৱে লুকুৱাব খোজা জনৰ সন্তাপ হ’ব, আৰু আন্ধাৰত কাৰ্য কৰা জন, তেওঁলোকে কয়, “আমাক কোনে দেখে? আমাক কোনে জানে?” তেওঁলোকৰ সন্তাপ হ’ব। BSB BSB: Woe to those who dig deep to hide their plans from the LORD. In darkness they do their works and say, “Who sees us, and who will know?”
16 ULB তোমালোকৰ বিষয়সমূহ বিপৰীত দিশে ঘূৰোৱা! কুমাৰ কুমাৰৰ মাটিৰ সমান বিবেচিত হয় নে? “তেওঁ মোক নিৰ্ম্মাণ কৰা নাই,” এই বুলি নিৰ্ম্মিত বস্তুৱে নিৰ্ম্মণকৰ্ত্তাৰ বিষয়ে ক’ব পাৰে নে? “তেওঁ বুজা নাই,” গঠিত বস্তুৱে তাৰ গঠনকাৰীৰ বিষয়ে ক’ব পাৰে নে? BSB BSB: You have turned things upside down, as if the potter were regarded as clay. Shall what is formed say to him who formed it, “He did not make me”? Can the pottery say of the potter, “He has no understanding”?
17 ULB অতি অলপ সময়, লিবানোন এটা পথাৰত পৰিণত হ’ব, আৰু সেই পথাৰ জংঘললৈ পৰিণত হ’ব। BSB BSB: In a very short time, will not Lebanon become an orchard, and the orchard seem like a forest?
18 ULB সেই দিনা কালাসকলে পুস্তকখনৰ বাক্য শুনিব, আৰু অন্ধসকলৰ চকুৱে অন্ধকাৰৰ মাজৰ পৰা দেখিৱলৈ পাব। BSB BSB: On that day the deaf will hear the words of the scroll, and out of the deep darkness the eyes of the blind will see.
19 ULB নিপীড়িত লোকসকলে পুনৰ যিহোৱাত আনন্দ কৰিব, আৰু দৰিদ্ৰ লোকসকলৰ মাজত ইস্ৰায়েলৰ পবিত্ৰ জনাত উল্লাস কৰিব। BSB BSB: The humble will increase their joy in the LORD, and the poor among men will rejoice in the Holy One of Israel.
20 ULB কিয়নো নিষ্ঠুৰ লোক লোপ হ’ব, আৰু নিন্দক শেষ হৈছে, আৰু পাপ কাৰ্য কৰিবলৈ ভাল পোৱা সকলো লোক নিষ্কাশন হ’ব, BSB BSB: For the ruthless will vanish, the mockers will disappear, and all who look for evil will be cut down—
21 ULB যিবোৰে গোচৰত মানুহক অপৰাধী পাতে, নগৰৰ দুৱাৰত প্ৰতিবাদী জনলৈ ফান্দ পাতে, আৰু মিছা কথাৰে ধাৰ্ম্মিকৰ ন্যায় দূৰ কৰে, সেই সকলোকে উচ্ছন্ন কৰা হৈছে। BSB BSB: those who indict a man with a word, who ensnare the mediator at the gate, and who with false charges deprive the innocent of justice.
22 ULB এই হেতুকে অব্ৰাহামৰ মুক্তি দাতা যিহোৱাই যাকোবৰ বংশৰ বিষয়ে এই কথা কৈছে, এতিয়াৰ পৰা যাকোব লজ্জিত নহ’ব, আৰু নাইবা তেওঁৰ মুখ বিবৰ্ণ নহ’ব। BSB BSB: Therefore the LORD who redeemed Abraham says of the house of Jacob: “No longer will Jacob be ashamed and no more will his face grow pale.
23 ULB কিন্তু যেতিয়া তেওঁ মোৰ হাতৰ কাৰ্য নিজৰ সন্তানসকলক দেখিব, তেতিয়া তেওঁলোকে মোৰ নাম পবিত্ৰ কৰিব; এনে কি, তেওঁলোকে যাকোবৰ পবিত্ৰ জনাক পবিত্ৰ বুলি মানিব, আৰু ইস্ৰায়েলৰ ঈশ্বৰক ভয় কৰিব। BSB BSB: For when he sees his children around him, the work of My hands, they will honor My name, they will sanctify the Holy One of Jacob, and they will stand in awe of the God of Israel.
24 ULB ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰা সকলে জ্ঞান শিকিব।” BSB BSB: Then the wayward in spirit will come to understanding, and those who grumble will accept instruction.”
Select verses for actions: Enter goes to them and Escape comes back.