Isaiah 4 4 Isaiah Judgment and hope for Judah Assamese Unlocked Literal Bible 1 ULB সেই দিনা সাত গৰাকী মহিলাই এজন পুৰুষক ধৰিব, আৰু ক’ব, “আমি আমাৰ নিজৰ আহাৰ খাম, আৰু নিজৰ বস্ত্র পিন্ধিম; কিন্তু আমাৰ লাজ দূৰ কৰিবলৈ আপোনাৰ নাম লবলৈ দিয়ক।” BSB BSB: In that day seven women will take hold of one man and say, “We will eat our own bread and provide our own clothes. Just let us be called by your name. Take away our disgrace!”
2 ULB সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব। BSB BSB: On that day the Branch of the LORD will be beautiful and glorious, and the fruit of the land will be the pride and glory of Israel’s survivors.
3 ULB তেতিয়া চিয়োন আৰু যিৰূচালেমত থকা অৱশিষ্ট লোকসকলৰ নাম জীৱন পুস্তকত লিখা থাকিব, আৰু তেওঁলোক প্রতিজনকে পবিত্র বুলি কোৱা হ’ব। BSB BSB: Whoever remains in Zion and whoever is left in Jerusalem will be called holy—all in Jerusalem who are recorded among the living—
4 ULB ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্রভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব। BSB BSB: when the Lord has washed away the filth of the daughters of Zion and cleansed the bloodstains from the heart of Jerusalem by a spirit of judgment and a spirit of fire.
5 ULB তেতিয়া যিহোৱাই চিয়োন পৰ্ব্বতৰ সকলো ঠাই, আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোৱাৰে, আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ’ব। BSB BSB: Then the LORD will create over all of Mount Zion and over her assemblies a cloud of smoke by day and a glowing flame of fire by night. For over all the glory there will be a canopy,
6 ULB এই সকলো দিনৰ সময়ত গৰমৰ পৰা ৰক্ষা পাবলৈ ছাঁ, আৰু ধুমুহা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় আৰু আৱৰন হ’ব। BSB BSB: a shelter to give shade from the heat by day, and a refuge and hiding place from the storm and the rain.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Isaiah 4
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Isaiah 4, and keep Opened free for readers who can’t pay.