1 ULB পাছত সেই বছৰত যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত চতুৰ্থ বছৰৰ পঞ্চম মাহত, যিহেৱাৰ গৃহত, পুৰোহিত আৰু সকলো প্ৰজাৰ আগত গিবিয়োন নিবাসী অজ্জুনৰ পুত্ৰ হননিয়া ভাববাদীয়ে মোক এই কথা ক’লে, BSB BSB: In the fifth month of that same year, the fourth year, near the beginning of the reign of King Zedekiah of Judah, the prophet Hananiah son of Azzur, who was from Gibeon, said to me in the house of the LORD in the presence of the priests and all the people:
2 ULB “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ। BSB BSB: “This is what the LORD of Hosts, the God of Israel, says: ‘I have broken the yoke of the king of Babylon.
3 ULB এই ঠাইৰ পৰা বাবিলৰ ৰজা নবূখদনেচৰে বাবিললৈ লৈ যোৱা যিহোৱাৰ গৃহৰ সকলো বস্তু সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই পুনৰায় এই ঠাইলৈ আনিম। BSB BSB: Within two years I will restore to this place all the articles of the house of the LORD that Nebuchadnezzar king of Babylon removed from here and carried to Babylon.
4 ULB আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।” BSB BSB: And I will restore to this place Jeconiah son of Jehoiakim king of Judah, along with all the exiles from Judah who went to Babylon,’ declares the LORD, ‘for I will break the yoke of the king of Babylon.’”
5 ULB তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিহোৱাৰ গৃহত থিয় হৈ থকা পুৰোহিতসকল আৰু প্ৰজাসকলৰ আগত হননিয়া ভাববাদীক কথা ক’লে, BSB BSB: Then the prophet Jeremiah replied to the prophet Hananiah in the presence of the priests and all the people who were standing in the house of the LORD.
6 ULB যিৰিমিয়া ভাববাদীয়ে এই কথা ক’লে, আমেন, যিহোৱাই তাকেই কৰ’ক; বাবিলৰ পৰা এই ঠাইলৈ যিহোৱাৰ গৃহৰ বস্তুবোৰ আৰু দেশান্তৰত হোৱা আটাইকে পুনৰায় আনিব বুলি তুমি প্ৰচাৰ কৰা সেই ভাববাণীবোৰ যিহোৱাই সিদ্ধ কৰ’ক। BSB BSB: “Amen!” Jeremiah said. “May the LORD do so! May the LORD fulfill the words you have prophesied, and may He restore the articles of His house and all the exiles back to this place from Babylon.
7 ULB তথাপি তোমাৰ কাণত আৰু আটাই প্ৰজাৰ কাণত এই যি কথা মই কওঁ, তাক শুনা। BSB BSB: Nevertheless, listen now to this message I am speaking in your hearing and in the hearing of all the people.
8 ULB মোৰ আৰু তোমাৰ আগেয়ে যি প্ৰাচীন ভাববাদীসকল আছিল, তেওঁলোকে অনেক অনেক দেশ আৰু মহৎ মহৎ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ, অমঙ্গল আৰু মহামাৰী হ’ব বুলি ভাববাণী প্ৰচাৰ কৰিছিল। BSB BSB: The prophets of old who preceded you and me prophesied war, disaster, and plague against many lands and great kingdoms.
9 ULB যি ভাববাদীয়ে শান্তি হ’ব বুলি ভাববাণী প্ৰচাৰ কৰে, সেই ভাববাদীৰ বাক্য ফলিয়ালেহে, যিহোৱাই সঁচাকৈ তেওঁক পঠোৱা হয় বুলি জনা যাব।” BSB BSB: As for the prophet who prophesies peace, only if the word of the prophet comes true will the prophet be recognized as one the LORD has truly sent.”
10 ULB পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন সোলোকাই ভাঙি পেলালে। BSB BSB: Then the prophet Hananiah took the yoke off the neck of Jeremiah the prophet and broke it.
11 ULB আৰু হননিয়াই আটাই প্ৰজাসকলৰ আগত ক’লে, “যিহোৱাই এই কথা কৈছে: ‘সম্পূৰ্ণ দুইবছৰৰ ভিতৰত মই বাবিলৰ ৰজা নবূখদনেচৰৰ যুৱলি এইদৰেই ভাঙি আটাই জাতিৰ ডিঙিৰ পৰা গুচাম’।” তেতিয়া যিৰিমিয়া ভাববাদী নিজ বাটে গুচি গ’ল। BSB BSB: And in the presence of all the people Hananiah proclaimed, “This is what the LORD says: ‘In this way, within two years I will break the yoke of Nebuchadnezzar king of Babylon off the neck of all the nations.’” At this, Jeremiah the prophet went on his way.
12 ULB পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন ভাঙি গুচুৱাৰ পাছত যিহোৱাৰ বাক্য যিৰিমিয়ালৈ আহিল, বোলে, BSB BSB: But shortly after Hananiah the prophet had broken the yoke off his neck, the word of the LORD came to Jeremiah:
13 ULB “তুমি গৈ হননিয়াক কোৱা, যিহোৱাই এই কথা কৈছে, ‘তুমি কাঠৰ যুৱলি ভাঙিলা হয়, কিন্তু তাৰ সলনি লোহাৰ যুৱলি যুগুত কৰিব লাগে।” BSB BSB: “Go and tell Hananiah that this is what the LORD says: ‘You have broken a yoke of wood, but in its place you have fashioned a yoke of iron.’
14 ULB কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ নবূখদনেচৰ ৰজাৰ বন্দী-কাম কৰিবলৈ মই সকলো জাতিৰ ডিঙিত লোহাৰ যুৱলি লগালোঁ; তাতে তেওঁলোকে তেওঁৰ বন্দী-কাম কৰিব; আৰু মই বনৰ জন্তুবোৰকো তেওঁক দিলোঁ।” BSB BSB: For this is what the LORD of Hosts, the God of Israel, says: ‘I have put a yoke of iron on the neck of all these nations to make them serve Nebuchadnezzar king of Babylon, and they will serve him. I have even given him control of the beasts of the field.’”
15 ULB পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা। BSB BSB: Then the prophet Jeremiah said to the prophet Hananiah, “Listen, Hananiah! The LORD did not send you, but you have persuaded this people to trust in a lie.
16 ULB এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা। BSB BSB: Therefore this is what the LORD says: ‘I am about to remove you from the face of the earth. You will die this year because you have preached rebellion against the LORD.’”
17 ULB আৰু হননিয়া ভাববাদী সেই বছৰৰ সপ্তম মাহত মৰিল। BSB BSB: And in the seventh month of that very year, the prophet Hananiah died.
Select verses for actions: Enter goes to them and Escape comes back.