1 ULB যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্বৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজ্বৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই। BSB BSB: This is the word that came to Jeremiah from the LORD in the tenth year of Zedekiah king of Judah, which was the eighteenth year of Nebuchadnezzar.
2 ULB সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্যসান্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল। BSB BSB: At that time the army of the king of Babylon was besieging Jerusalem, and Jeremiah the prophet was imprisoned in the courtyard of the guard, which was in the palace of the king of Judah.
3 ULB যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব; BSB BSB: For Zedekiah king of Judah had imprisoned him, saying: “Why are you prophesying like this? You claim that the LORD says, ‘Behold, I am about to deliver this city into the hand of the king of Babylon, and he will capture it.
4 ULB যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব; BSB BSB: Zedekiah king of Judah will not escape from the hands of the Chaldeans, but he will surely be delivered into the hand of the king of Babylon, and will speak with him face to face and see him eye to eye.
5 ULB কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব”- এয়ে যিহোৱাৰ ঘোণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,” BSB BSB: He will take Zedekiah to Babylon, where he will stay until I attend to him, declares the LORD. If you fight against the Chaldeans, you will not succeed.’”
6 ULB যিৰিমিয়াই ক’লে, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, BSB BSB: Jeremiah replied, “The word of the LORD came to me, saying:
7 ULB ‘চোৱা, তোমাৰ দদায়েৰা চল্লূমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।” BSB BSB: Behold! Hanamel, the son of your uncle Shallum, is coming to you to say, ‘Buy for yourself my field in Anathoth, for you have the right of redemption to buy it.’
8 ULB পাছত যিহোৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্র হনমেলে প্ৰহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক’লে, “মই বিনয় কৰোঁ, বিন্যামীন দেশৰ অনাথোত থকা মোৰ শস্যক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধিকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ; তুমি নিজৰ কাৰণে তাক কিনি লোৱা।” তেতিয়া, এয়ে যে যিহোৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ। BSB BSB: Then, as the LORD had said, my cousin Hanamel came to me in the courtyard of the guard and urged me, ‘Please buy my field in Anathoth in the land of Benjamin, for you own the right of inheritance and redemption. Buy it for yourself.’” Then I knew that this was the word of the LORD.
9 ULB এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ। BSB BSB: So I bought the field in Anathoth from my cousin Hanamel, and I weighed out seventeen shekels of silver.
10 ULB মই দলীলত চহি দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ। BSB BSB: I signed and sealed the deed, called in witnesses, and weighed out the silver on the scales.
11 ULB তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলীল দুখন, অৰ্থাত মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ললোঁ। BSB BSB: Then I took the deed of purchase—the sealed copy with its terms and conditions, as well as the open copy—
12 ULB তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহি দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহূদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত সোধাই দিলোঁ। BSB BSB: and I gave this deed to Baruch son of Neriah, the son of Mahseiah, in the sight of my cousin Hanamel and the witnesses who were signing the purchase agreement and all the Jews sitting in the courtyard of the guard.
13 ULB তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ, মই ক’লো BSB BSB: In their sight I instructed Baruch,
14 ULB “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলীলখন আৰু এই খোলা দলীলখন, দুয়োখন লৈ বহুদিনলৈ থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা।’ BSB BSB: “This is what the LORD of Hosts, the God of Israel, says: Take these deeds—both the sealed copy and the open copy of the deed of purchase—and put them in a clay jar to preserve them for a long time.
15 ULB কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।” BSB BSB: For this is what the LORD of Hosts, the God of Israel, says: Houses, fields, and vineyards will again be bought in this land.”
16 ULB নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলীলখন দিয়াৰ পাছত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লোঁ, BSB BSB: After I had given the deed of purchase to Baruch son of Neriah, I prayed to the LORD:
17 ULB “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই; BSB BSB: “Oh, Lord GOD! You have made the heavens and the earth by Your great power and outstretched arm. Nothing is too difficult for You!
18 ULB তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্তুতিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম। BSB BSB: You show loving devotion to thousands but lay the iniquity of the fathers into the laps of their children after them, O great and mighty God whose name is the LORD of Hosts,
19 ULB তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য-সন্তানসকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে। BSB BSB: the One great in counsel and mighty in deed, whose eyes are on all the ways of the sons of men, to reward each one according to his ways and according to the fruit of his deeds.
20 ULB তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা। BSB BSB: You performed signs and wonders in the land of Egypt, and You do so to this very day, both in Israel and among all mankind. And You have made a name for Yourself, as is the case to this day.
21 ULB তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা। BSB BSB: You brought Your people Israel out of the land of Egypt with signs and wonders, with a strong hand and an outstretched arm, and with great terror.
22 ULB আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা। BSB BSB: You gave them this land that You had sworn to give their fathers, a land flowing with milk and honey.
23 ULB তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা। BSB BSB: They came in and possessed it, but they did not obey Your voice or walk in Your law. They failed to perform all that You commanded them to do, and so You have brought upon them all this disaster.
24 ULB চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা। BSB BSB: See how the siege ramps are mounted against the city to capture it. And by sword and famine and plague, the city has been given into the hands of the Chaldeans who are fighting against it. What You have spoken has happened, as You now see!
25 ULB আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।” BSB BSB: Yet You, O Lord GOD, have said to me, ‘Buy for yourself the field with silver and call in witnesses, even though the city has been delivered into the hands of the Chaldeans!’”
26 ULB তেতিয়া যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে, BSB BSB: Then the word of the LORD came to Jeremiah:
27 ULB “চোৱা! ময়েই যিহোৱা, সকলো মৰ্ত্ত্যৰেই ঈশ্বৰ। মোৰ অসাধ্য জানো কিবা আছে নে?” BSB BSB: “Behold, I am the LORD, the God of all flesh. Is anything too difficult for Me?
28 ULB এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদৰেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব। BSB BSB: Therefore this is what the LORD says: Behold, I am about to deliver this city into the hands of the Chaldeans and of Nebuchadnezzar king of Babylon, who will capture it.
29 ULB আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব। BSB BSB: And the Chaldeans who are fighting against this city will come in, set it on fire, and burn it, along with the houses of those who provoked Me to anger by burning incense to Baal on their rooftops and by pouring out drink offerings to other gods.
30 ULB কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তানসকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে”- এয়ে যিহেৱাৰ ঘোষণা। BSB BSB: For the children of Israel and of Judah have done nothing but evil in My sight from their youth; indeed, they have done nothing but provoke Me to anger by the work of their hands, declares the LORD.
31 ULB “কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে, ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণ হে হৈ পৰিছে। সেই কাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম, BSB BSB: For this city has aroused My wrath and fury from the day it was built until now. Therefore I will remove it from My presence
32 ULB কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তানসকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্ম্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে- তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল। BSB BSB: because of all the evil the children of Israel and of Judah have done to provoke Me to anger—they, their kings, their officials, their priests and prophets, the men of Judah, and the residents of Jerusalem.
33 ULB তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে। BSB BSB: They have turned their backs to Me and not their faces. Though I taught them again and again, they would not listen or respond to discipline.
34 ULB কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে। BSB BSB: They have placed their abominations in the house that bears My Name, and so have defiled it.
35 ULB তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে। BSB BSB: They have built the high places of Baal in the Valley of Ben-hinnom to make their sons and daughters pass through the fire to Molech—something I never commanded them, nor had it ever entered My mind, that they should commit such an abomination and cause Judah to sin.
36 ULB এই কাৰণে এতিয়া, মই যিহেৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে: BSB BSB: Now therefore, about this city of which you say, ‘It will be delivered into the hand of the king of Babylon by sword and famine and plague,’ this is what the LORD, the God of Israel, says:
37 ULB চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খোৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম। BSB BSB: I will surely gather My people from all the lands to which I have banished them in My furious anger and great wrath, and I will return them to this place and make them dwell in safety.
38 ULB তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম। BSB BSB: They will be My people, and I will be their God.
39 ULB মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তানসকলৰ মঙ্গল হয়। BSB BSB: I will give them one heart and one way, so that they will always fear Me for their own good and for the good of their children after them.
40 ULB তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়। BSB BSB: I will make an everlasting covenant with them: I will never turn away from doing good to them, and I will put My fear in their hearts, so that they will never turn away from Me.
41 ULB তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।” BSB BSB: Yes, I will rejoice in doing them good, and I will faithfully plant them in this land with all My heart and with all My soul.
42 ULB কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম। BSB BSB: For this is what the LORD says: Just as I have brought all this great disaster on this people, so I will bring on them all the good I have promised them.
43 ULB তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব। BSB BSB: And fields will be bought in this land about which you are saying, ‘It is a desolation, without man or beast; it has been delivered into the hands of the Chaldeans.’
44 ULB তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহি দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম”- এয়ে যিহোৱাৰ ঘোষণা। BSB BSB: Fields will be purchased with silver, and deeds will be signed, sealed, and witnessed in the land of Benjamin, in the areas surrounding Jerusalem, and in the cities of Judah—the cities of the hill country, the foothills, and the Negev—because I will restore them from captivity, declares the LORD.”
Select verses for actions: Enter goes to them and Escape comes back.