1 ULB মোৰ মূৰ জলময়, আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে! কেনে ভাল আছিল, অহ, মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলোহেতেন। BSB BSB: Oh, that my head were a spring of water, and my eyes a fountain of tears! I would weep day and night over the slain daughter of my people.
2 ULB অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল! কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাস-ঘাতক লোকৰ সমাজ। BSB BSB: If only I had a traveler’s lodge in the wilderness, I would abandon my people and depart from them, for they are all adulterers, a crowd of faithless people.
3 ULB আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়। কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে। BSB BSB: “They bend their tongues like bows; lies prevail over truth in the land. For they proceed from evil to evil, and they do not take Me into account,” declares the LORD.
4 ULB তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা, আৰু কোনো ভাইক বিশ্বাস নকৰিবা; কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চ্চি ফুৰে। BSB BSB: “Let everyone guard against his neighbor; do not trust any brother, for every brother deals craftily, and every friend spreads slander.
5 ULB আৰু প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নহয়; তেওঁলোকে মিছা কথা কবলৈ নিজ নিজ জিভাক শিকালে; তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়। BSB BSB: Each one betrays his friend; no one tells the truth. They have taught their tongues to lie; they wear themselves out committing iniquity.
6 ULB তোমাৰ বসতিৰ ঠাই ছলৰ মাজত আছে; যিহোৱাই কৈছে, তেওঁলোকে ছলৰ কাৰণে মোক জানিবলৈ অমান্তি হয়। BSB BSB: You dwell in the midst of deception; in their deceit they refuse to know Me,” declares the LORD.
7 ULB এই হেতুকে বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম; কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ? BSB BSB: Therefore this is what the LORD of Hosts says: “Behold, I will refine them and test them, for what else can I do because of the daughter of My people?
8 ULB তেওঁলোকৰ জিভা প্ৰাণনাশক বাণস্বৰূপ, সেয়ে ছলৰ কথা কয়; তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ-চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে। BSB BSB: Their tongues are deadly arrows; they speak deception. With his mouth a man speaks peace to his neighbor, but in his heart he sets a trap for him.
9 ULB যিহোৱাই কৈছে, মই তেওঁলোকক এইবোৰৰ কাৰণে দণ্ড নিদিম নে? মোৰ প্ৰাণে এনে জাতিৰ প্ৰতিকাৰ নাসাধিব নে? BSB BSB: Should I not punish them for these things? declares the LORD. Should I not avenge Myself on such a nation as this?”
10 ULB মই পৰ্ব্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাঁকাৰ কৰিম, আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ কাৰণে বিলাপ কৰিম। কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ’ল, পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাইবোৰ আৰু পশুবোৰো পলাই গুচি গ’ল। BSB BSB: I will take up a weeping and wailing for the mountains, a dirge over the wilderness pasture, for they have been scorched so no one passes through, and the lowing of cattle is not heard. Both the birds of the air and the beasts have fled; they have gone away.
11 ULB মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম। আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম। BSB BSB: “And I will make Jerusalem a heap of rubble, a haunt for jackals; and I will make the cities of Judah a desolation, without inhabitant.”
12 ULB সেই সকলো বুজিব পৰা কোন জ্ঞানী লোক আছে? আৰু তাক প্ৰকাশ কৰিবৰ বাবে যিহোৱাই যাৰ আগত নিজ মুখে কৈছিল? এনে কোন মানুহ আছে? এই দেশৰ মাজেদি কোনেও যাব নোৱাৰাকৈ এয়ে কিয় বিনষ্ট আৰু মৰুভুমিৰ নিচিনা দগ্ধ হল? BSB BSB: Who is the man wise enough to understand this? To whom has the mouth of the LORD spoken, that he may explain it? Why is the land destroyed and scorched like a desert, so no one can pass through it?
13 ULB যিহোৱাই কৈছে, ‘কাৰণ এই, মই তেওঁলোকৰ আগত স্থাপৰ কৰা মোৰ ব্যৱস্থা তেওঁলোকে ত্যাগ কৰিলে, আৰু মোৰ বাক্যলৈ কাণ নিদিলে, বা তাত নচলিলে। BSB BSB: And the LORD answered, “It is because they have forsaken My law, which I set before them; they have not walked in it or obeyed My voice.
14 ULB কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে। BSB BSB: Instead, they have followed the stubbornness of their hearts and gone after the Baals, as their fathers taught them.”
15 ULB এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই এই লোকসকলক নাগ্দানা ভোজন কৰোৱাম, আৰু বিহ গছৰ ৰস পান কৰোৱাম। BSB BSB: Therefore this is what the LORD of Hosts, the God of Israel, says: “Behold, I will feed this people wormwood and give them poisoned water to drink.
16 ULB তেওঁলোকে বা তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলে নজনা জাতিসকলৰ মাজত মই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম; আৰু মই তেওঁলোকক সংহাৰ নকৰোঁমানলৈকে, তেওঁলোকৰ পাছে পাছে তৰোৱাল পঠিয়াম। BSB BSB: I will scatter them among the nations that neither they nor their fathers have known, and I will send a sword after them until I have finished them off.”
17 ULB বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে বিবেচনা কৰা; বিলাপ-কাৰিণীহঁতক মাতা, তেওঁলোক আহক; বিলাপ কৰাত নিপুণ মহিলাসকলৰ ওচৰলৈ মানুহ পঠিওৱা, তেওঁলোক আহক। BSB BSB: This is what the LORD of Hosts says: “Take note, and summon the wailing women; send for the most skillful among them.
18 ULB তেওঁলোকে খৰকৈ আহি আমাৰ কাৰণে হাহাঁকাৰ কৰ’ক, যাতে চকু-লোত আমাৰ চকু উটি যাবৰ বাবে, আৰু আমাৰ চকুৰ পিৰঠিয়েদি বেগেৰে পানী ওলাই যায়। BSB BSB: Let them come quickly and take up a lament over us, that our eyes may overflow with tears, and our eyelids may gush with water.
19 ULB কিয়নো চিয়োনৰ পৰা হাহাঁকাৰ শব্দ শুনা গৈছে, আমি কেনে বিনষ্ট হ’লোঁ! আমি দেশ ত্যগ কৰা বাবে, তেওঁলোকে আমাৰ নিবাসবোৰ ভাঙি পেলোৱাৰ কাৰণে আমি অতি ব্যাকুল হ’লোঁ। BSB BSB: For the sound of wailing is heard from Zion: ‘How devastated we are! How great is our shame! For we have abandoned the land because our dwellings have been torn down.’”
20 ULB তথাপি হে মহিলাসকল, যিহোৱাৰ বাক্য শুনা: আৰু তোমালোকৰ কাৰণে তেওঁৰ মুখৰ বাক্য মনোযোগেৰে গ্ৰহণ কৰা। আৰু তোমালোকে নিজ নিজ জীয়েৰাসকলক হাহাঁকাৰ কৰিবলৈ শিক্ষা দিয়া, আৰু তোমালোক প্ৰত্যেকে নিজ নিজ ওচৰ-চুবুৰীয়াক বিলাপ কৰিবলৈ শিকোৱা। BSB BSB: Now, O women, hear the word of the LORD. Open your ears to the word of His mouth. Teach your daughters to wail, and one another to lament.
21 ULB কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে। খিড়িকীয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল। BSB BSB: For death has climbed in through our windows; it has entered our fortresses to cut off the children from the streets, the young men from the town squares.
22 ULB তুমি কোৱা, যিহোৱাই এইদৰে কৈছে: লোকসকলৰ শৱ সাৰৰ দৰে পৰি থাকিব, আৰু দাওঁতাৰ পাছত এৰি যোৱা মুঠিৰ দৰেই পথাৰত পৰি থাকিব; কোনেও সেইবোৰ নোগোটাব। BSB BSB: Declare that this is what the LORD says: “The corpses of men will fall like dung upon the open field, like newly cut grain behind the reaper, with no one to gather it.”
23 ULB যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক। BSB BSB: This is what the LORD says: “Let not the wise man boast in his wisdom, nor the strong man in his strength, nor the wealthy man in his riches.
24 ULB কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্ম্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তুক পাওঁ, ইয়াক যিহোৱাই কৈছে। BSB BSB: But let him who boasts boast in this, that he understands and knows Me, that I am the LORD, who exercises loving devotion, justice and righteousness on the earth—for I delight in these things,” declares the LORD.
25 ULB যিহোৱাই কৈছে, চোৱা, এনে দিন আহিছে, যে, সেই দিনা মই চুন্নৎ হোৱাসকলক অচুন্নৎ বুলি দণ্ড দিম। BSB BSB: “Behold, the days are coming,” declares the LORD, “when I will punish all who are circumcised only in the flesh—
26 ULB মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তানসকল, মোৱাৱ আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতিসকল অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়ত অচুন্নৎ’।” BSB BSB: Egypt, Judah, Edom, Ammon, Moab, and all the inhabitants of the desert who clip the hair of their temples. For all these nations are uncircumcised, and the whole house of Israel is uncircumcised in heart.”
Select verses for actions: Enter goes to them and Escape comes back.