1 ULB "মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলোঁ, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷ BSB BSB: “I have told you these things so that you will not fall away.
2 ULB মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে। BSB BSB: They will put you out of the synagogues. In fact, a time is coming when anyone who kills you will think he is offering a service to God.
3 ULB তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব। BSB BSB: They will do these things because they have not known the Father or Me.
4 ULB কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলো। BSB BSB: But I have told you these things so that when their hour comes, you will remember that I told you about them. I did not tell you these things from the beginning, because I was with you.
5 ULB কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, 'তুমি নো কলৈ গৈ আছা?’ BSB BSB: Now, however, I am going to Him who sent Me; yet none of you asks Me, ‘Where are You going?’
6 ULB কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰৰে ভৰি পৰিছে। BSB BSB: Instead, your hearts are filled with sorrow because I have told you these things.
8 ULB তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব। BSB BSB: And when He comes, He will convict the world in regard to sin and righteousness and judgment:
9 ULB তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে; BSB BSB: in regard to sin, because they do not believe in Me;
10 ULB ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা; BSB BSB: in regard to righteousness, because I am going to the Father and you will no longer see Me;
11 ULB আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ শাসনকৰ্তাৰ সোধ-বিচাৰ কৰা হ’ল। BSB BSB: and in regard to judgment, because the prince of this world has been condemned.
12 ULB তোমালোকক ক’বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হব। BSB BSB: I still have much to tell you, but you cannot yet bear to hear it.
14 ULB তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি আছে, তেওঁ তাৰ পৰা লৈ, তোমালোকক জনাব। BSB BSB: He will glorify Me by taking from what is Mine and disclosing it to you.
15 ULB পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব। BSB BSB: Everything that belongs to the Father is Mine. That is why I said that the Spirit will take from what is Mine and disclose it to you.
16 ULB কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।" BSB BSB: In a little while you will see Me no more, and then after a little while you will see Me.”
17 ULB তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, "তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; 'কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ'? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই"৷ BSB BSB: Then some of His disciples asked one another, “Why is He telling us, ‘In a little while you will not see Me, and then after a little while you will see Me’ and ‘Because I am going to the Father’?”
18 ULB এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, 'অলপ সময়'? তেওঁ কি কথা কৈ আছে আমি নাজানো।" BSB BSB: They kept asking, “Why is He saying, ‘a little while’? We do not understand what He is saying.”
19 ULB যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, "মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?" BSB BSB: Aware that they wanted to question Him, Jesus said to them, “Are you asking one another why I said, ‘In a little while you will not see Me, and then after a little while you will see Me’?
20 ULB মই তোমালোকক সচাঁকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব। BSB BSB: Truly, truly, I tell you, you will weep and wail while the world rejoices. You will grieve, but your grief will turn to joy.
21 ULB প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে। BSB BSB: A woman has pain in childbirth because her time has come; but when she brings forth her child, she forgets her anguish because of her joy that a child has been born into the world.
22 ULB ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব। BSB BSB: So also you have sorrow now, but I will see you again and your hearts will rejoice, and no one will take away your joy.
23 ULB সেই দিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সচাঁকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেন্তে তেওঁ তোমালোকক দিব। BSB BSB: In that day you will no longer ask Me anything. Truly, truly, I tell you, whatever you ask the Father in My name, He will give you.
24 ULB এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব। BSB BSB: Until now you have not asked for anything in My name. Ask and you will receive, so that your joy may be complete.
25 ULB এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে। BSB BSB: I have spoken these things to you in figures of speech. An hour is coming when I will no longer speak to you this way, but will tell you plainly about the Father.
26 ULB সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত বিচাৰিম; BSB BSB: In that day you will ask in My name. I am not saying that I will ask the Father on your behalf.
27 ULB কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্রেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা। BSB BSB: For the Father Himself loves you, because you have loved Me and have believed that I came from God.
28 ULB মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলো; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।" BSB BSB: I came from the Father and entered the world. In turn, I will leave the world and go to the Father.”
29 ULB তেতিয়া তেওঁৰ শিষ্য সকলে ক’লে, "চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই। BSB BSB: His disciples said, “See, now You are speaking plainly and without figures of speech.
30 ULB এতিয়া আমি বুজি পালো যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ। BSB BSB: Now we understand that You know all things and that You have no need for anyone to question You. Because of this, we believe that You came from God.”
31 ULB যীচুৱে তেওঁলোকক কলে, "এতিয়া বিশ্বাস কৰিছা নে?" BSB BSB: “Do you finally believe?” Jesus replied.
32 ULB চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে। BSB BSB: “Look, an hour is coming and has already come when you will be scattered, each to his own home, and you will leave Me all alone. Yet I am not alone, because the Father is with Me.
33 ULB এই কাৰণে মই তোমালোকক এইবোৰ কথা কলোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।" BSB BSB: I have told you these things so that in Me you may have peace. In the world you will have tribulation. But take courage; I have overcome the world!”
Select verses for actions: Enter goes to them and Escape comes back.