2 ULB তাতে তেওঁ দৌৰ মাৰি, চিমোন পিতৰ আৰু যীচুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ, তেওঁলোকক ক’লে, কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে; কিন্তু তেওঁক ক'ত থলে, সেই বিষয়ে আমি নাজানো। BSB BSB: So she came running to Simon Peter and the other disciple, the one whom Jesus loved. “They have taken the Lord out of the tomb,” she said, “and we do not know where they have put Him!”
3 ULB তাতে পিতৰ আৰু সেই আন শিষ্য সকল বাহিৰলৈ ওলাই আহি মৈদামৰ ওচৰলৈ গ’ল। BSB BSB: Then Peter and the other disciple set out for the tomb.
4 ULB তেওঁলোক দুয়ো একেলগে দৌৰি গ'ল, কিন্তু অন্য শিষ্য জন পিতৰক পাছ পেলাই আগত দৌৰি গৈ আগেয়ে মৈদামৰ ওচৰ পালেগৈ; BSB BSB: The two were running together, but the other disciple outran Peter and reached the tomb first.
5 ULB আৰু তেওঁলোকে চাপৰি চাই, পৰি থকা শণ সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু মৈদামৰ ভিতৰলৈ নোসোমাল। BSB BSB: He bent down and looked in at the linen cloths lying there, but he did not go in.
6 ULB তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল, আৰু দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন সেই ঠাইতে পৰি আছে, BSB BSB: Simon Peter arrived just after him. He entered the tomb and saw the linen cloths lying there.
7 ULB কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে। BSB BSB: The cloth that had been around Jesus’ head was rolled up, lying separate from the linen cloths.
8 ULB ইয়াৰ পাছত যি জন শিষ্য মৈদামলৈ প্ৰথমতে গৈছিলে তেওঁ ভিতৰলৈ সোমাই সকলো দেখি বিশ্বাস কৰিলে। BSB BSB: Then the other disciple, who had reached the tomb first, also went in. And he saw and believed.
9 ULB কাৰণ ধৰ্মশাস্ত্ৰত এই কথা কোৱা হৈছে যে মৃত লোক সকলৰ মাজৰ পৰা তেওঁ পুনৰায় উঠিব, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে এতিয়ালৈকে বুজা নাই। BSB BSB: For they still did not understand from the Scripture that Jesus had to rise from the dead.
10 ULB তাতে সেই দুজন শিষ্য পুনৰ নিজৰ ঘৰলৈ গুচি গ’ল। BSB BSB: Then the disciples returned to their homes.
11 ULB কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে, BSB BSB: But Mary stood outside the tomb weeping. And as she wept, she bent down to look into the tomb,
12 ULB যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে। BSB BSB: and she saw two angels in white sitting where the body of Jesus had lain, one at the head and the other at the feet.
13 ULB তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, "হে নাৰী, কিয় কান্দিছা''? তেওঁ ক’লে কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক ক'ত থলে নাজানো"। BSB BSB: “Woman, why are you weeping?” they asked. “Because they have taken my Lord away,” she said, “and I do not know where they have put Him.”
14 ULB এইকথা কৈ, তেওঁ পাছ ফাললৈ মূখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, তেওঁ চিনি নাপালে। BSB BSB: When she had said this, she turned around and saw Jesus standing there. But she did not recognize that it was Jesus.
15 ULB তেতিয়া যীচুৱে তেওঁক সুধিলে, "হে নাৰী, তুমি কিয় কান্দিছা? কোন জনক নো বিচাৰিছা?" তেতিয়া তেওঁ বাৰীচোৱা বুলি ভাবি তেওঁক ক’লে, "হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেন্তে ক’ত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।" BSB BSB: “Woman, why are you weeping?” Jesus asked. “Whom are you seeking?” Thinking He was the gardener, she said, “Sir, if you have carried Him off, tell me where you have put Him, and I will get Him.”
16 ULB যীচুৱে তেওঁক ক’লে, ''অ’, মৰিয়ম''৷ তাতে তেওঁ মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে "ৰব্বুণি" ইয়াৰ অৰ্থ, হে "গুৰু"৷ BSB BSB: Jesus said to her, “Mary.” She turned and said to Him in Hebrew, “Rabboni!” (which means “Teacher”).
18 ULB তেতিয়া মগ্দলীনী মৰিয়ম গ'ল আৰু শিষ্য সকলক এই সম্বাদ দিলে যে, "মই প্ৰভুক দেখিলোঁ"৷ মৰিয়মে তেওঁলোকক জনালে যে তেৱেঁই মোক এই কথা ক’লে। BSB BSB: Mary Magdalene went and announced to the disciples, “I have seen the Lord!” And she told them what He had said to her.
19 ULB এতিয়া সন্ধ্যাৰ সময়, এই দিন সপ্তাহৰ প্ৰথম দিন আছিল, শিষ্য সকল এটা ঘৰত গোট খালে৷ তেওঁলোক থকা ঘৰৰ দুৱাৰবোৰ ইহুদী সকলৰ ভয়ত বন্ধ কৰি ল'লে, তেতিয়া যীচুৱে আহি তেওঁলোকৰ মাজত থিয় হৈ ক’লে "তোমালোকৰ শান্তি হওক"। BSB BSB: It was the first day of the week, and that very evening, while the disciples were together with the doors locked for fear of the Jews, Jesus came and stood among them. “Peace be with you!” He said to them.
20 ULB এই কথা কোৱাৰ পাছত তেওঁ তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্য সকলে প্ৰভুক দেখি আনন্দ কৰিলে। BSB BSB: After He had said this, He showed them His hands and His side. The disciples rejoiced when they saw the Lord.
21 ULB এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম"। BSB BSB: Again Jesus said to them, “Peace be with you. As the Father has sent Me, so also I am sending you.”
22 ULB এই কথা কৈ তেওঁ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই ক’লে, "পবিত্ৰ আত্মা গ্ৰহণ কৰা"। BSB BSB: When He had said this, He breathed on them and said, “Receive the Holy Spirit.
23 ULB তোমালোকে যি সকলৰ পাপ ক্ষমা কৰিবা, তেওঁলোকৰ পাপ ক্ষমা কৰা হব; আৰু যি সকলৰ পাপ ক্ষমা নকৰা, তেওঁলোকৰ পাপ ক্ষমা কৰা নহব৷" BSB BSB: If you forgive anyone his sins, they are forgiven; if you withhold forgiveness from anyone, it is withheld.”
26 ULB আকৌ আঠ দিনৰ পাছত, তেওঁৰ শিষ্য সকল থোমাৰ সৈতে ভিতৰত থাকোঁতে, দুৱাৰ বন্ধ হৈ থকাতো, যীচুৱে আহি মাজত থিয় হৈ ক’লে, "তোমালোকৰ শান্তি হওক"। BSB BSB: Eight days later, His disciples were once again inside with the doors locked, and Thomas was with them. Jesus came and stood among them and said, “Peace be with you.”
27 ULB তেতিয়া তেওঁ থোমাক ক’লে, ''ইয়াত তোমাৰ আঙুলি দি, মোৰ হাত চোৱা; আৰু তোমাৰ হাত মেলি, মোৰ কোষত সুমুউৱা৷ অবিশ্বাসী নহৈ বিশ্বাসকাৰী হোৱা"। BSB BSB: Then Jesus said to Thomas, “Put your finger here and look at My hands. Reach out your hand and put it into My side. Stop doubting and believe.”
29 ULB যীচুৱে তেওঁক ক’লে, ''মোক দেখাৰ কাৰণেহে তুমি বিশ্বাস কৰিছা। যি সকলে নেদেখিও বিশ্বাস কৰে, তেওঁলোকেই ধন্য"। BSB BSB: Jesus said to him, “Because you have seen Me, you have believed; blessed are those who have not seen and yet have believed.”
31 ULB কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল। BSB BSB: But these are written so that you may believe that Jesus is the Christ, the Son of God, and that by believing you may have life in His name.
Select verses for actions: Enter goes to them and Escape comes back.