1 ULB যীচু জৈতুন পৰ্ব্বতলৈ গ’ল। BSB BSB: But Jesus went to the Mount of Olives.
2 ULB অতি ৰাতিপুৱাতে তেওঁ পুণৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে। BSB BSB: Early in the morning He went back into the temple courts. All the people came to Him, and He sat down to teach them.
3 ULB তেনেতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে ব্যভিচাৰ-কৰ্ম্মত ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত থলে। BSB BSB: The scribes and Pharisees, however, brought to Him a woman caught in adultery. They made her stand before them
4 ULB তেওঁলোকে যীচুক সুধিলে, “হে গুৰু, এই মহিলা গৰাকী ব্যভিচাৰ-কৰ্ম্ম কৰোঁতেই ধৰা পৰিল। BSB BSB: and said, “Teacher, this woman was caught in the act of adultery.
5 ULB এতিয়া, মোচিৰ বিধানত আমাক আজ্ঞা দিছে যে, এনে মহিলাক শিল দলিয়াই মাৰিব লাগে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়?” BSB BSB: In the Law Moses commanded us to stone such a woman. So what do You say?”
6 ULB তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ এই কথা ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে। BSB BSB: They said this to test Him, in order to have a basis for accusing Him. But Jesus bent down and began to write on the ground with His finger.
7 ULB কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক’লে, “আপোনালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।” BSB BSB: When they continued to question Him, He straightened up and said to them, “Let him who is without sin among you be the first to cast a stone at her.”
8 ULB পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে। BSB BSB: And again He bent down and wrote on the ground.
9 ULB এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল। BSB BSB: When they heard this, they began to go away one by one, beginning with the older ones, until only Jesus was left, with the woman standing there.
10 ULB যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি"? BSB BSB: Then Jesus straightened up and asked her, “Woman, where are your accusers? Has no one condemned you?”
11 ULB তাই ক’লে, “নাই, কোনেও নকৰিলে প্ৰভু।" যীচুৱে ক’লে, “ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।” BSB BSB: “No one, Lord,” she answered. “Then neither do I condemn you,” Jesus declared. “Now go and sin no more.”
12 ULB ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।” BSB BSB: Once again, Jesus spoke to the people and said, “I am the light of the world. Whoever follows Me will never walk in the darkness, but will have the light of life.”
13 ULB তেতিয়া ফৰীচী সকলে তেওঁক ক’লে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা।” BSB BSB: So the Pharisees said to Him, “You are testifying about Yourself; Your testimony is not valid.”
14 ULB যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই ক’ৰ পৰা আহিলো, আৰু ক’লৈ গৈ আছো, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মই ক’ৰ পৰা আহিছোঁ, বা ক’লৈ যাওঁ সেই বিষয়ে নাজানে। BSB BSB: Jesus replied, “Even if I testify about Myself, My testimony is valid, because I know where I came from and where I am going. But you do not know where I came from or where I am going.
15 ULB আপোনালোকে মাংসিক ভাব অনুসাৰে সোধ-বিচাৰ কৰিছে; মই এনেদৰে লোকৰ বিচাৰ নকৰো। BSB BSB: You judge according to the flesh; I judge no one.
16 ULB তথাপি যদি বিচাৰ কৰোঁ, তেনেহলে মোৰ সোধ-বিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে। BSB BSB: But even if I do judge, My judgment is true, because I am not alone; I am with the Father who sent Me.
17 ULB আপোনালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয়, তেন্তে ই সত্য হয়। BSB BSB: Even in your own Law it is written that the testimony of two men is valid.
18 ULB মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।” BSB BSB: I am One who testifies about Myself, and the Father, who sent Me, also testifies about Me.”
19 ULB তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন। BSB BSB: “Where is Your Father?” they asked Him. “You do not know Me or My Father,” Jesus answered. “If you knew Me, you would know My Father as well.”
20 ULB মন্দিৰত ধনৰ ভঁৰাল-ঘৰৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা ক’লে; তথাপি তেতিয়াও তেওঁৰ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে। BSB BSB: He spoke these words while teaching in the temple courts, near the treasury. Yet no one seized Him, because His hour had not yet come.
21 ULB পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।” BSB BSB: Again He said to them, “I am going away, and you will look for Me, but you will die in your sin. Where I am going, you cannot come.”
22 ULB তেতিয়া ইহুদী সকলে ক’লে, “এওঁ কি আপোনঘাতী হ’ব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে’ বুলি যে কৈছে?” BSB BSB: So the Jews began to ask, “Will He kill Himself, since He says, ‘Where I am going, you cannot come’?”
23 ULB তেওঁ তেওঁলোকক ক’লে, “আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ; আপোনালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ। BSB BSB: Then He told them, “You are from below; I am from above. You are of this world; I am not of this world.
24 ULB এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি বিশ্বাস নকৰে যে ময়েই সেই জন, তেন্তে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।” BSB BSB: That is why I told you that you would die in your sins. For unless you believe that I am He, you will die in your sins.”
25 ULB তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক ক’লে, “সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আছো।” BSB BSB: “Who are You?” they asked. “Just what I have been telling you from the beginning,” Jesus replied.
26 ULB আপোনালোকৰ বিষয়ে ক’বলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে। কিন্তু মোক যি জনে পঠিয়াইছে, তেওঁ সত্য; মই তেওঁৰ পৰা যি শুনিলোঁ, সেই বিষয়ে জগতক কৈছোঁ।" BSB BSB: “I have much to say about you and much to judge. But the One who sent Me is truthful, and what I have heard from Him, I tell the world.”
27 ULB তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক’লে ইয়াক তেওঁলোকে বুজি নাপালে। BSB BSB: They did not understand that He was telling them about the Father.
28 ULB সেয়ে যীচুৱে ক’লে, “আপোনালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিব, তেতিয়া আপোনালোকে জানিব যে মইয়ে সেই জন আৰু মই নিজৰ পৰা একো নকৰোঁ। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেইদৰেই এইবোৰ কথা কৈছো। BSB BSB: So Jesus said, “When you have lifted up the Son of Man, then you will know that I am He, and that I do nothing on My own, but speak exactly what the Father has taught Me.
29 ULB মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষ জনক কাম কৰোঁ।” BSB BSB: He who sent Me is with Me. He has not left Me alone, because I always do what pleases Him.”
30 ULB যীচুৱে যেতিয়া এইবোৰ কথা কৈ আছিল, অনেকে তেওঁত বিশ্বাস কৰিলে। BSB BSB: As Jesus spoke these things, many believed in Him.
31 ULB যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেন্তে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য; BSB BSB: So He said to the Jews who had believed Him, “If you continue in My word, you are truly My disciples.
32 ULB আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।” BSB BSB: Then you will know the truth, and the truth will set you free.”
33 ULB তেওঁলোকে তেওঁক উত্তৰ দিলে, “আমি অব্ৰাহামৰ বংশধৰ; আৰু কেতিয়াও কাৰো সেৱাকৰ্ম কৰা নাই; তেনে স্থলত 'আপোনালোকক মুক্ত কৰা হ’ব', এনে কথা তুমি কেনেকৈ কৈছা?” BSB BSB: “We are Abraham’s descendants,” they answered. “We have never been slaves to anyone. How can You say we will be set free?”
34 ULB যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক সচাঁই কওঁ, যি কোনোৱে পাপ-আচৰণ কৰে তেওঁ পাপৰ দাস। BSB BSB: Jesus replied, “Truly, truly, I tell you, everyone who sins is a slave to sin.
35 ULB দাস পৰিয়ালত চিৰকাল নাথাকে, কিন্তু পুত্ৰ হ’লে সদায় থাকে। BSB BSB: A slave does not remain in the house forever, but a son remains forever.
36 ULB এই কাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহলে আপোনালোক অৱশ্যেই মুক্ত হ’ব। BSB BSB: So if the Son sets you free, you will be free indeed.
37 ULB আপোনালোক যে অব্ৰাহামৰ বংশধৰ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মোক বধ কৰিবলৈ উপায় বিচাৰি ফুৰিছে; কাৰণ আপোনালোকৰ অন্তৰত মোৰ বাক্যই ঠাই নাপায়। BSB BSB: I know you are Abraham’s descendants, but you are trying to kill Me because My word has no place within you.
38 ULB মই মোৰ পিতৃৰ ওচৰত যি দেখিলোঁ, সেই বিষয়েই কৈ থাকো আৰু আপোনালোকেও আপোনালোকৰ পিতৃৰ পৰা যি শুনিলে, তাকেই কৰি থাকে।” BSB BSB: I speak of what I have seen in the presence of the Father, and you do what you have heard from your father.”
39 ULB তাৰ উত্তৰত তেওঁলোকে যীচুক ক’লে, “আমাৰ পিতৃ অব্ৰাহাম।” যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহলে অব্রাহামে যি কৰিলে, আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন। BSB BSB: “Abraham is our father,” they replied. “If you were children of Abraham,” said Jesus, “you would do the works of Abraham.
40 ULB ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলো, তাকেই আপোনালোকক কৈছো। তথাপি এতিয়া আপোনালোকে মোকে বধ কৰিবলৈ বিচাৰিছে; কিন্তু অব্ৰাহামেতো এনে কৰ্ম কৰা নাই। BSB BSB: But now you are trying to kill Me, a man who has told you the truth that I heard from God. Abraham never did such a thing.
41 ULB আপোনালোকৰ পিতৃয়ে যি কর্ম কৰে, আপোনালোকে তাকে কৰে।” তেওঁলোকে তেতিয়া যীচুক ক’লে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।” BSB BSB: You are doing the works of your father.” “We are not illegitimate children,” they declared. “Our only Father is God Himself.”
42 ULB যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা অহা নাই, কিন্তু ঈশ্বৰেহে মোক পঠিয়ালে। BSB BSB: Jesus said to them, “If God were your Father, you would love Me, for I have come here from God. I have not come on My own, but He sent Me.
43 ULB আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই। BSB BSB: Why do you not understand what I am saying? It is because you are unable to accept My message.
45 ULB মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে। BSB BSB: But because I speak the truth, you do not believe Me!
46 ULB আপোনালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰে? মই যদি সত্য কথা কৈছো, তেন্তে আপোনালোকে কিয় মোক বিশ্বাস নকৰে? BSB BSB: Which of you can prove Me guilty of sin? If I speak the truth, why do you not believe Me?
47 ULB যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেইবাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়৷" BSB BSB: Whoever belongs to God hears the words of God. The reason you do not hear is that you do not belong to God.”
48 ULB ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সচাঁকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?” BSB BSB: The Jews answered Him, “Are we not right to say that You are a Samaritan and You have a demon?”
49 ULB যীচুৱে উত্তৰ দিলে, “মোক ভূতে পোৱা নাই, বৰঞ্চ মই মোৰ পিতৃক সন্মান কৰোঁ; কিন্তু, আপোনালোকে মোক অসন্মান কৰে। BSB BSB: “I do not have a demon,” Jesus replied, “but I honor My Father, and you dishonor Me.
50 ULB মই মোৰ নিজৰ মৰ্য্যদা নিবিচাৰোঁ; কিন্তু এজন আছে যি জনে বিচাৰে আৰু তেওঁ বিচাৰো কৰে। BSB BSB: I do not seek My own glory. There is One who seeks it, and He is the Judge.
51 ULB মই আপোনালোকক সচাঁকৈয়ে কওঁ, “কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুক নেদেখিব।” BSB BSB: Truly, truly, I tell you, if anyone keeps My word, he will never see death.”
52 ULB ইহুদী সকলে তেওঁক ক’লে, “এতিয়া আমি সচাঁই বুজিছো যে তোমাৰ গাত ভূত আছে। অব্ৰাহাম আৰু ভাৱবাদী সকল মৰি গ’ল, কিন্তু তুমি কৈছা, কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুভোগ নকৰিব।’ BSB BSB: “Now we know that You have a demon!” declared the Jews. “Abraham died, and so did the prophets, yet You say that anyone who keeps Your word will never taste death.
53 ULB তুমি কি আমাৰ ওপৰ পিতৃ অব্ৰাহামতকৈয়ো মহান হ’লা নেকি? তেওঁৰ মৃত্যু হ’ল আৰু ভাৱবাদী সকলৰো মৃত্যু হ’ল; তুমি নিজকে কোন বুলি ভাৱিছা?” BSB BSB: Are You greater than our father Abraham? He died, as did the prophets. Who do You claim to be?”
54 ULB যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰোঁ, তেন্তে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে, তেৱেঁই মোক গৌৰৱান্বিত কৰে। BSB BSB: Jesus answered, “If I glorify Myself, My glory means nothing. The One who glorifies Me is My Father, of whom you say, ‘He is our God.’
55 ULB আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেন্তে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ। BSB BSB: You do not know Him, but I know Him. If I said I did not know Him, I would be a liar like you. But I do know Him, and I keep His word.
57 ULB ইহুদী সকলে যীচুক ক’লে, “তোমাৰ বয়স এতিয়াও পঞ্চাশ বছৰ হোৱাই নাই আৰু তুমি অব্ৰাহামক দেখিলা নে?” BSB BSB: Then the Jews said to Him, “You are not yet fifty years old, and You have seen Abraham?”
59 ULB তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ল’লে। কিন্তু যীচুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গ’ল। BSB BSB: At this, they picked up stones to throw at Him. But Jesus was hidden and went out of the temple area.
Select verses for actions: Enter goes to them and Escape comes back.