1 ULB যোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। BSB BSB: From inside the fish, Jonah prayed to the LORD his God,
2 ULB তেওঁ ক’লে, “মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো; তাতে তেওঁ মোক উত্তৰ দিলে। চিয়োলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে। BSB BSB: saying: “In my distress I called to the LORD, and He answered me. From the belly of Sheol I called for help, and You heard my voice.
3 ULB আপুনি মোক গভীৰ জলত সাগৰৰ মাজত পেলালে আৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলে, আপোনাৰ আটাই ঢৌ আৰু তৰঙ্গ মোৰ ওপৰেদি গ’ল। BSB BSB: For You cast me into the deep, into the heart of the seas, and the current swirled about me; all Your breakers and waves swept over me.
4 ULB মই ক’লো, ‘আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি দিলে; মই কেনেকৈ পুণৰ আপোনাৰ পবিত্ৰ মন্দিৰৰ ফালে দৃষ্টি কৰিম? BSB BSB: At this, I said, ‘I have been banished from Your sight; yet I will look once more toward Your holy temple.’
5 ULB জলসমুহে মোক গ্রাস কৰি প্রাণৰ সংশয়লৈ লৈ গ’ল; অগাধ জলে মোক আগুৰি ধৰিলে; সাগৰৰ লতা-বনবোৰে মোৰ মূৰ মেৰাই ধৰিলে। BSB BSB: The waters engulfed me to take my life; the watery depths closed around me; the seaweed wrapped around my head.
6 ULB মই ডুবি গৈ পৰ্ব্বতবোৰৰ মূল পর্যন্ত নামি গ’লোঁ; নিজৰ ডাংবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে; কিন্তু, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি সেই গাতঁৰ পৰা মোক উঠাই আনিলে। BSB BSB: To the roots of the mountains I descended; the earth beneath me barred me in forever! But You raised my life from the pit, O LORD my God!
7 ULB মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ’ল, মই যিহোৱাক সোঁৱৰণ কৰিলো আৰু মোৰ প্ৰাৰ্থনা আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল। BSB BSB: As my life was fading away, I remembered the LORD. My prayer went up to You, to Your holy temple.
8 ULB যিসকলে অসাৰ দেৱতাবোৰক মানে, তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে। BSB BSB: Those who cling to worthless idols forsake His loving devotion.
9 ULB কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; মই কৰা সংকল্প সিদ্ধ কৰিম; পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!” BSB BSB: But I, with the voice of thanksgiving, will sacrifice to You. I will fulfill what I have vowed. Salvation is from the LORD!”
10 ULB পাছত যিহোৱাই মাছটোক আজ্ঞা দিয়াত মাছটোৱে যোনাক বামত বমি কৰি উলিয়াই দিলে। BSB BSB: And the LORD commanded the fish, and it vomited Jonah onto dry land.