1 ULB যেতিয়া হাচোৰৰ ৰজা যাবীনে এই কথা শুনিলে, তেতিয়া তেওঁ এই বিষয়ে মাদোনৰ ৰজা যোবাব, চিম্ৰোনৰ ৰজা, অফ্চফৰ ৰজা, BSB BSB: Now when Jabin king of Hazor heard about these things, he sent word to Jobab king of Madon; to the kings of Shimron and Achshaph;
2 ULB আৰু যিসকল ৰজা উত্তৰ অঞ্চলৰ পাৰ্বত্যভূমিত, যৰ্দ্দন নদীৰ কিন্নেৰতৰ দক্ষিণ উপত্যকা অঞ্চলত, নিম্নভূমি অঞ্চলত, আৰু পশ্চিম অঞ্চলৰ দোৰৰ উচ্চভূমিত বসতি কৰি আছিল, সেই সকলো ৰজাৰ ওচৰলৈ সংবাদ পঠিয়ালে। BSB BSB: to the kings of the north in the mountains, in the Arabah south of Chinnereth, in the foothills, and in Naphoth-dor to the west;
3 ULB তেওঁ পূব আৰু পশ্চিমে থকা কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়াসকলৰ লগতে পৰ্ব্বতীয়া অঞ্চল নিবাসী যিবুচীয়া আৰু হৰ্মোনৰ তলত থকা মিস্পা দেশীয় হিত্তীয়া সকলৰ ওচৰলৈও মানুহ পঠিয়াই এই সংবাদ দিলে। BSB BSB: to the Canaanites in the east and west; to the Amorites, Hittites, Perizzites, and Jebusites in the hill country; and to the Hivites at the foot of Hermon in the land of Mizpah.
4 ULB তেতিয়া তেওঁলোকে সৈন্য-সামন্ত লগত লৈ সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য লোকৰ সৈতে অধিক ঘোঁৰা আৰু ৰথ লৈ ওলাই আহিল। BSB BSB: So these kings came out with all their armies, a multitude as numerous as the sand on the seashore, along with a great number of horses and chariots.
5 ULB আৰু এইদৰে সকলো ৰজা একগোট হ’ল আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ আহি মেৰোম নামেৰে সৰোবৰৰ ওচৰত একেলগে ছাউনি পাতিলে। BSB BSB: All these kings joined forces and encamped at the waters of Merom to fight against Israel.
6 ULB যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।” BSB BSB: Then the LORD said to Joshua, “Do not be afraid of them, for by this time tomorrow I will deliver all of them slain before Israel. You are to hamstring their horses and burn up their chariots.”
7 ULB পাছত যিহোচূৱাই সকলো যুজাৰু লোকক লগত লৈ ওলাই আহিল৷ তেওঁলোকৰ বিৰুদ্ধে মেৰোম সৰোবৰৰ ওচৰত আকস্মাতে ওলাই তেওঁলোকক আক্ৰমণ কৰিলে। BSB BSB: So by the waters of Merom, Joshua and his whole army came upon them suddenly and attacked them,
8 ULB যিহোৱাই শত্ৰুসকলক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰাৰ পাছত তেওঁলোকে তেওঁলোকক তৰোৱালৰে আঘাত কৰি বধ কৰিলে আৰু মহাচীদোন ও মিষ্ৰফোৎ-মৰিয়মলৈকে, আৰু পূব ফালৰ মিস্পাৰ উপত্যকালৈকে তেওঁলোকক খেদি পঠিয়াই তেওঁলোকক সংহাৰ কৰিলে আৰু তেওঁলোকৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে। BSB BSB: and the LORD delivered them into the hand of Israel, who struck them down and pursued them all the way to Greater Sidon and Misrephoth-maim, and eastward as far as the Valley of Mizpeh. They struck them down, leaving no survivors.
9 ULB যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে। BSB BSB: Joshua treated them as the LORD had told him; he hamstrung their horses and burned up their chariots.
11 ULB তাত বাস কৰা সকলো জীৱিত প্ৰাণীক তেওঁলোকে তৰোৱালেৰে আক্ৰমণ কৰি নিঃশেষে বিনষ্ট কৰিলে, আৰু বিনষ্ট হ’বলৈ তেওঁ সেই লোকসকলক নিলগাই ৰাখিলে, গতিকে তাত কোনো এটা প্ৰাণীও জীৱিত নাথাকিল৷ পাছত তেওঁ হাচোৰ অর্থাৎ সেই ঠাই পুৰি পেলালে। BSB BSB: The Israelites put everyone in Hazor to the sword, devoting them to destruction. Nothing that breathed remained, and Joshua burned down Hazor itself.
12 ULB যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে। BSB BSB: Joshua captured all these kings and their cities and put them to the sword. He devoted them to destruction, as Moses the LORD’s servant had commanded.
13 ULB কিন্তু যি যি নগৰ নিজ নিজ পৰ্ব্বতত সঁজা আছিল, ইস্ৰায়েলে হাচোৰৰ বাহিৰে সেইবোৰ পুৰি নেপেলালে; কেৱল এই নগৰখনহে যিহোচূৱাই পুৰিলে। BSB BSB: Yet Israel did not burn any of the cities built on their mounds, except Hazor, which Joshua burned.
14 ULB ইস্ৰায়েলৰ সৈন্যসকলে সেই নগৰবোৰৰ লুটদ্ৰব্য আৰু পশুধনবোৰ নিজৰ নিজৰ বাবে লুট কৰি ল’লে৷ কিন্তু সকলো নিঃশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে৷ তেওঁলোকে কোনো জীৱন্ত প্ৰাণীক জীয়াই নাৰাখিলে। BSB BSB: The Israelites took for themselves all the plunder and livestock of these cities, but they put all the people to the sword until they had completely destroyed them, not sparing anyone who breathed.
15 ULB যিহোৱাই নিজৰ দাস মোচিক যেনে আজ্ঞা দিছিল, মোচিয়েও যিহোচূৱাক তেনে আজ্ঞা কৰিছিল৷ আৰু যিহোৱাই মোচিক কাৰ্য্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে যিহোচূৱাই কাৰ্য কৰিলে, আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল। BSB BSB: As the LORD had commanded His servant Moses, so Moses commanded Joshua. That is what Joshua did, leaving nothing undone of all that the LORD had commanded Moses.
16 ULB এইদৰে যিহোচূৱাই সেই গোটেই দেশ ল’লে, তেওঁ পৰ্বতীয়া অঞ্চল, সমস্ত নেভেগ (দক্ষিণ অঞ্চল), গোচনৰ সমগ্র অঞ্চল, পৰ্বতমালাৰ পাদদেশ অঞ্চল, যৰ্দ্দন নদীৰ উপত্যকা অঞ্চল, ইস্ৰায়েলৰ পৰ্ব্বতীয়া অঞ্চল, আৰু নিম্নভূমি অঞ্চল দখল কৰিলে। BSB BSB: So Joshua took this entire region: the hill country, all the Negev, all the land of Goshen, the western foothills, the Arabah, and the mountains of Israel and their foothills,
17 ULB চেয়ীৰলৈ বিস্তৃত হোৱা হালক পৰ্ব্বতৰ পৰা যিমান দূৰ সম্ভৱ হৰ্মোণ পৰ্বতৰ উত্তৰ ফালে থকা লিবানোনৰ বাল্গাদ উপত্যকালৈ থকা সকলো ৰাজ্যৰ ৰজাক বন্দী কৰিলে আৰু তেওঁলোকক বধ কৰিলে। সেই ৰজাবোৰক ধৰিলে আৰু আঘাত কৰি বধ কৰিলে। BSB BSB: from Mount Halak, which rises toward Seir, as far as Baal-gad in the Valley of Lebanon at the foot of Mount Hermon. He captured all their kings and struck them down, putting them to death.
18 ULB যিহোচূৱাই সেই ৰজাসকলৰে সৈতে বহু কাল যুদ্ধ কৰি আছিল। BSB BSB: Joshua waged war against all these kings for a long period of time.
19 ULB গিবিয়োন-নিবাসী হিব্বীয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইস্ৰায়েলৰ সন্তানসকলৰে সৈতে সন্ধি স্থাপন নকৰিলে৷ ইস্ৰায়েলে আনসকলো নগৰৰ সকলোকেই যুদ্ধ কৰি দখল কৰি ল’লে। BSB BSB: No city made peace with the Israelites except the Hivites living in Gibeon; all others were taken in battle.
20 ULB কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷ BSB BSB: For it was of the LORD to harden their hearts to engage Israel in battle, so that they would be set apart for destruction and would receive no mercy, being annihilated as the LORD had commanded Moses.
21 ULB সেই কালত যিহোচূৱাই আহি পৰ্ব্বতীয়া অঞ্চল, হিব্ৰোণ, দবীৰ, অনাব আৰু যিহূদা তথা ইস্ৰায়েলৰ আটাই পৰ্ব্বতীয়া অঞ্চলৰ পৰা অনাকীয়া সকলক উচ্ছন্ন কৰিলে৷ যিহোচূৱাই সম্পূর্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে। BSB BSB: At that time Joshua proceeded to eliminate the Anakim from the hill country of Hebron, Debir, and Anab, and from all the hill country of Judah and of Israel. Joshua devoted them to destruction, along with their cities.
22 ULB ইস্ৰায়েলৰ সন্তানসকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল ঘচাত, গাতত আৰু অচদোদত্হে কোনো অৱশিষ্ট থাকিল। BSB BSB: No Anakim were left in the land of the Israelites; only in Gaza, Gath, and Ashdod did any survive.
23 ULB এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক জনগোষ্ঠীক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল। BSB BSB: So Joshua took the entire land, in keeping with all that the LORD had spoken to Moses. And Joshua gave it as an inheritance to Israel according to the allotments to their tribes. Then the land had rest from war.
Select verses for actions: Enter goes to them and Escape comes back.