1 ULB পাছত ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ সাক্ষাতে পুনৰাই কু-আচৰণ কৰিব ধৰিলে; তাতে যিহোৱাই চল্লিশ বছৰলৈকে তেওঁলোকক ফিলিস্তীয়াসকলৰ হাতত শোধাই দিলে। BSB BSB: Again the Israelites did evil in the sight of the LORD, so He delivered them into the hand of the Philistines for forty years.
2 ULB সেই কালত দানীয়া গোষ্ঠীৰ মাজত চৰা-নিবাসী মানোহ নামেৰে এজন মানুহ আছিল; তেওঁৰ পত্নী বাঁজী হোৱা বাবে সন্তান প্ৰসৱ কৰিব নোৱাৰিলে। BSB BSB: Now there was a man from Zorah named Manoah, from the clan of the Danites, whose wife was barren and had no children.
3 ULB পাছত যিহোৱাৰ দূতে সেই মহিলাক দৰ্শন দি ক’লে, “চোৱা, তুমি বাঁজী আৰু সন্তান প্ৰসৱ কৰা নাই; তথাপি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা। BSB BSB: The angel of the LORD appeared to the woman and said to her, “It is true that you are barren and have no children; but you will conceive and give birth to a son.
4 ULB এই হেতুকে তুমি সাৱধান হোৱা; দ্ৰাক্ষাৰস কি সুৰা পান নকৰিবা, কোনো অশুচি বস্তুকো ভোজন নকৰিবা। BSB BSB: Now please be careful not to drink wine or strong drink, and not to eat anything unclean.
5 ULB কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মুৰত খুৰ লগোৱা নহ’ব; কিয়নো সেই লৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰতীয়া হ’ব; আৰু ফিলিস্তীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব। BSB BSB: For behold, you will conceive and give birth to a son. And no razor shall touch his head, because the boy will be a Nazirite to God from the womb, and he will begin the deliverance of Israel from the hand of the Philistines.”
6 ULB তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ‘ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে। BSB BSB: So the woman went and told her husband, “A man of God came to me. His appearance was like the angel of God, exceedingly awesome. I did not ask him where he came from, and he did not tell me his name.
7 ULB কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰতীয়া হ’ব’। BSB BSB: But he said to me, ‘Behold, you will conceive and give birth to a son. Now, therefore, do not drink wine or strong drink, and do not eat anything unclean, because the boy will be a Nazirite to God from the womb until the day of his death.’”
8 ULB তেতিয়া মানোহে যিহোৱাৰ আগত বিনয় কৰি ক’লে, “হে প্ৰভূ, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওৰচলৈ পুনৰাই আহিব দিয়ক, যি ল’ৰা জন্মিব, তালৈ আমি কি কৰিব লাগিব, তেওঁ আমাক পুনৰাই বুজাই দিয়ক।” BSB BSB: Then Manoah prayed to the LORD, “Please, O Lord, let the man of God You sent us come to us again to teach us how to raise the boy who is to be born.”
9 ULB তেতিয়া ঈশ্বৰে মানোহৰ কথা শুনাৰ পাছত, ঈশ্বৰৰ দূত আকৌ সেই মহিলাৰ ওচৰিলৈ আহিল। সেই সময়ত তাই পথাৰত বহি আছিল, কিন্তু তাইৰ স্বামী মানোহ তাইৰ লগত নাছিল। BSB BSB: And God listened to the voice of Manoah, and the angel of God returned to the woman as she was sitting in the field; but her husband Manoah was not with her.
10 ULB পাছত সেই মহীলা গৰাকীয়ে বেগাই গৈ নিজ স্বামীক সম্বাদ দি ক’লে, “চোৱা, সেইদিনা যিজন লোক মোৰ ওচৰলৈ আহিছিল, তেওঁ পুণৰ মোক দৰ্শন দিছে।” BSB BSB: The woman ran quickly to tell her husband, “Behold, the man who came to me the other day has reappeared!”
11 ULB তেতিয়া মানোহে উঠি নিজৰ পত্নীৰ পাছে পাছে সেই পুৰুষজনৰ ওচৰলৈ গৈ তেওঁক সুধিলে, “এই মহিলাৰ সৈতে যিজনাই কথা কৈছিল, সেইজনা আপুনিয়েই নে?” তেওঁ ক’লে, “হয়, ময়েই হওঁ।” BSB BSB: So Manoah got up and followed his wife. When he came to the man, he asked, “Are you the man who spoke to my wife?” “I am,” he said.
12 ULB তেতিয়া মানোহে ক’লে, “আশা কৰো আপোনাৰ কথা সত্য হওঁক; কিন্তু সেই ল’ৰাজনে কিদৰে জীৱন কটাব আৰু কি কর্ম কৰিব?” BSB BSB: Then Manoah asked, “When your words come to pass, what will be the boy’s rule of life and mission?”
13 ULB তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “মই এই মহিলাক যিবোৰ কথা ক’লো, সেই সকলো বিষয়ত তেওঁ সাৱধানে থাকক। BSB BSB: So the angel of the LORD answered Manoah, “Your wife is to do everything I told her.
14 ULB তেওঁ দ্ৰাক্ষালতাৰ পৰা উৎপন্ন হোৱা কোনো বস্তু ভোজন নকৰক আৰু দ্ৰাক্ষাৰস কি সুৰা পান নকৰক আৰু কোনো অশুচি বস্তু নাখাওক; মই তেওঁক যি যি আজ্ঞা কৰিলোঁ, তেওঁ সেই সকলোকে পালন কৰক।” BSB BSB: She must not eat anything that comes from the vine, nor drink any wine or strong drink, nor eat anything unclean. She must do everything I have commanded her.”
15 ULB পাছত মানোহে যিহোৱাৰ দূতক ক’লে, “আপুনি আমাৰ মিনতি গ্ৰহণ কৰি ইয়াতে অলপ সময় থাকক, আমি আপোনাৰ বাবে এটি ছাগলী পোৱালি যুগুত কৰো।” BSB BSB: “Please stay here,” Manoah said to the angel of the LORD, “and we will prepare a young goat for you.”
16 ULB তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “যদিও মই ইয়াত থাকো তথাপি মই তোমাৰ আহাৰ ভোজন নকৰিম; কিন্তু তুমি যদি হোম-বলি যুগুত কৰা, তেনেহলে সেয়া যিহোৱাৰ উদ্দেশ্যেই উৎসৰ্গ কৰিবা।” কিয়নো তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে মনোহে নাজানিছিল। BSB BSB: And the angel of the LORD replied, “Even if I stay, I will not eat your food. But if you prepare a burnt offering, offer it to the LORD.” For Manoah did not know that it was the angel of the LORD.
17 ULB তেতিয়া মানোহে যিহোৱাৰ দূতক সুধিলে, “আপোনাৰ বাক্য সিদ্ধ হ’লে আমি আপোনাক মৰ্যদা কৰিবলৈ, আপোনাৰ নাম কি কওকচোন?” BSB BSB: Then Manoah said to the angel of the LORD, “What is your name, so that we may honor you when your word comes to pass?”
18 ULB তেতিয়া যিহোৱাৰ দূতে ক’লে, “মোৰ নাম কেলেই সুধিছা? কিয়নো এই নাম অতি আশ্চৰ্য্য!” BSB BSB: “Why do you ask my name,” said the angel of the LORD, “since it is beyond comprehension?”
19 ULB পাছত মনোহে ভক্ষ্য নৈবেদ্যেৰে সৈতে সেই ছাগলী লৈ, যিহোৱাৰ উদ্দেশ্যে শিলটোৰ ওপৰত উৎসৰ্গ কৰিলে; তাতে মনোহ আৰু তেওঁৰ পত্নিৰ চকুৰ আগতে সেই দূতে আচৰিত কার্য সাধন কৰিলে। BSB BSB: Then Manoah took a young goat and a grain offering and offered them on a rock to the LORD. And as Manoah and his wife looked on, the LORD did a marvelous thing.
20 ULB কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞ-বেদিৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানোহ আৰু তেওঁৰ পত্নিয়ে দেখাতে যিহোৱাৰ দূত সেই যজ্ঞ-বেদিৰ শিখাত ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰিহৈ প্রণাম কৰিলে। BSB BSB: When the flame went up from the altar to the sky, the angel of the LORD ascended in the flame. When Manoah and his wife saw this, they fell facedown to the ground.
21 ULB তাৰ পাছত যিহোৱাৰ দূতে মানোহ আৰু তেওঁৰ পত্নিক পুনৰাই দৰ্শন নিদিলে। তেওঁ যে যিহোৱাৰ দূত, সেই বিষযে তেতিয়াহে মানোহে জানিলে। BSB BSB: And when the angel of the LORD did not appear again to Manoah and his wife, Manoah realized that it had been the angel of the LORD.
22 ULB পাছত মানোহে তেওঁৰ পত্নিক ক’লে, “আমি নিশ্চয়ে মৰিম; কিয়নো আমি ঈশ্বৰক দেখা পালোঁ।” BSB BSB: “We are going to die,” he said to his wife, “for we have seen God!”
23 ULB কিন্তু তেওঁৰ পত্নিয়ে তেওঁক ক’লে, “আমাক বধ কৰিবলৈ যদি ঈশ্বৰৰ ইচ্ছা হ’লহেঁতেন, তেন্তে তেওঁ আমাৰ পৰা হোম-বলি আৰু নৈবেদ্য গ্ৰহণ নকৰিলেহেঁতেন, আৰু এই সকলো আমাক নেদেখুৱালেহেঁতেন আৰু এই সময়ত আমাক এনে কথাও নুশুনালেহেঁতেন।” BSB BSB: But his wife replied, “If the LORD had intended to kill us, He would not have accepted the burnt offering and the grain offering from our hands, nor would He have shown us all these things or spoken to us this way.”
24 ULB পাছত মহিলা গৰাকীয়ে এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁৰ নাম চিমচোন ৰাখিলে। তাৰ পাছত সেই ল’ৰা বাঢ়ি ডাঙৰ হ’ল আৰু যিহোৱাই তাক আশীৰ্ব্বাদ কৰিলে। BSB BSB: So the woman gave birth to a son and named him Samson. The boy grew, and the LORD blessed him.
25 ULB প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে। BSB BSB: And the Spirit of the LORD began to stir him at Mahaneh-dan, between Zorah and Eshtaol.
Select verses for actions: Enter goes to them and Escape comes back.