1 ULB হে যিহোৱা, আমালৈ যি ঘটিল, তাক সোঁৱৰণ কৰা। দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা। BSB BSB: Remember, O LORD, what has happened to us. Look and see our disgrace!
2 ULB আমাৰ আধিপত্য বিদেশীসকলৰ হাতলৈ গ’ল; আমাৰ ঘৰবোৰ বিজাতীয় সকলৰ অধিকাৰলৈ গ’ল। BSB BSB: Our inheritance has been turned over to strangers, our houses to foreigners.
3 ULB আমি অনাথ আৰু পিতৃহীন হলোঁ, আমাৰ মাতৃসকল বিধৱা যেন হ’ল। BSB BSB: We have become fatherless orphans; our mothers are widows.
4 ULB আমাৰ পানী আমি ধন দি পান কৰোঁ আৰু আমাৰ খৰি আমি দাম দি কিনো। BSB BSB: We must buy the water we drink; our wood comes at a price.
5 ULB আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে। আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ। BSB BSB: We are closely pursued; we are weary and find no rest.
6 ULB আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো, আৰু আহাৰেৰে তৃপ্ত হ’বৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ। BSB BSB: We submitted to Egypt and Assyria to get enough bread.
7 ULB আমাৰ পূৰ্ব্ব-পুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই, আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ। BSB BSB: Our fathers sinned and are no more, but we bear their punishment.
8 ULB আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই। BSB BSB: Slaves rule over us; there is no one to deliver us from their hands.
9 ULB আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো, অৰণ্যৰ তৰোৱালৰ কাৰণে, BSB BSB: We get our bread at the risk of our lives because of the sword in the wilderness.
10 ULB দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে; আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে। BSB BSB: Our skin is as hot as an oven with fever from our hunger.
11 ULB শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে, সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে। BSB BSB: Women have been ravished in Zion, virgins in the cities of Judah.
12 ULB প্ৰধান লোকসকলক হাতত ডোল লগাই ওলোমাই দিয়া হ’ল, বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহ’ল। BSB BSB: Princes have been hung up by their hands; elders receive no respect.
13 ULB ডেকাসকলে জাঁত-শিল বলে, আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে। BSB BSB: Young men toil at millstones; boys stagger under loads of wood.
14 ULB বৃদ্ধসকলে ঘৰ-দুৱাৰ ত্যাগ কৰিলে, ডেকাসকলে গানবাদ্য এৰিলে। BSB BSB: The elders have left the city gate; the young men have stopped their music.
15 ULB আমাৰ মনৰ উল্লাস গ’ল; আমাৰ নাচবাগ গুচি শোক হ’ল। BSB BSB: Joy has left our hearts; our dancing has turned to mourning.
16 ULB আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল! আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ! BSB BSB: The crown has fallen from our head. Woe to us, for we have sinned!
17 ULB এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল, এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল, BSB BSB: Because of this, our hearts are faint; because of these, our eyes grow dim—
18 ULB কিয়নো চিয়োন পৰ্ব্বতক ধ্ৱংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে। BSB BSB: because of Mount Zion, which lies desolate, patrolled by foxes.
19 ULB হে যিহোৱা, তুমি চিৰকাললৈকে আছা, তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে। BSB BSB: You, O LORD, reign forever; Your throne endures from generation to generation.
20 ULB তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা? আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা? BSB BSB: Why have You forgotten us forever? Why have You forsaken us for so long?
21 ULB হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম; আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা, BSB BSB: Restore us to Yourself, O LORD, so we may return; renew our days as of old,
22 ULB যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই, আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই! BSB BSB: unless You have utterly rejected us and remain angry with us beyond measure.
Select verses for actions: Enter goes to them and Escape comes back.