1 ULB পাছত যিহোৱাই মোচিক ক’লে, BSB BSB: Then the LORD said to Moses,
2 ULB “কুষ্ঠৰোগী লোক জন সুস্থ হোৱাৰ দিনা তেওঁৰ শুচি হোৱা নিয়ম এই; তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ’ব। BSB BSB: “This is the law for the one afflicted with a skin disease on the day of his cleansing, when he is brought to the priest.
3 ULB তেতিয়া পুৰোহিতে ছাউনিৰ বাহিৰলৈ ওলাই গৈ সেই কুষ্ঠৰোগী জনৰ কুষ্ঠৰোগ যদি সুস্থ হৈছে, তেনেহলে সেই বিষয়ে তেওঁ লক্ষ্য কৰিব। BSB BSB: The priest is to go outside the camp to examine him, and if the skin disease of the afflicted person has healed,
4 ULB তেতিয়া পুৰোহিতে সেই শুচি কৰিব লগা লোকজনৰ কাৰণে দুটা জীয়া শুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন, এই সকলোকে লবলৈ আজ্ঞা দিব। BSB BSB: the priest shall order that two live clean birds, cedar wood, scarlet yarn, and hyssop be brought for the one to be cleansed.
5 ULB আৰু পুৰোহিত জনে তেওঁক মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত সেই দুটা চৰাইৰ এটাক কাটিবলৈ আজ্ঞা কৰিব। BSB BSB: Then the priest shall command that one of the birds be slaughtered over fresh water in a clay pot.
6 ULB তাৰ পাছত তেওঁ জীয়া চৰাইটো, এৰচ কাঠডোখৰ আৰু এচোব বন কোচা, এই সকলোকে লৈ সেই নিৰ্মল পানীৰ ওপৰত কটা চৰাইটোৰ তেজত জীয়া চৰাইটোৰে সৈতে জুবুৰিয়াই দিব। BSB BSB: And he is to take the live bird together with the cedar wood, scarlet yarn, and hyssop, and dip them into the blood of the bird that was slaughtered over the fresh water.
7 ULB তেতিয়া কুষ্ঠ ৰোগৰ পৰা শুচি হ’বলগীয়া লোক জনৰ ওপৰত সাতবাৰ এই পানী ছটিয়াব, আৰু তেওঁক শুচি বুলি ঘোষণা কৰিব। তাৰ পাছত পুৰোহিত জনে জীয়া চৰাইটো মুকলি পথাৰত উৰুৱাই দিব। BSB BSB: Seven times he shall sprinkle the one to be cleansed of the skin disease. Then he shall pronounce him clean and release the live bird into the open field.
8 ULB আৰু সেই শুচি হ’বলগীয়া লোক জনে নিজ বস্ত্ৰ ধুই, চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব আৰু তাৰ পাছত তেওঁ শুচি হ’ব। এই বোৰ কৰাৰ পাছত তেওঁ ছাউনিত সোমাব, কিন্তু তেওঁ সাত দিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব। BSB BSB: The one being cleansed must wash his clothes, shave off all his hair, and bathe with water; then he will be ceremonially clean. Afterward, he may enter the camp, but he must remain outside his tent for seven days.
9 ULB পাছত সপ্তম দিনা তেওঁ নিজ মূৰৰ চুলি, দাড়ি, চেলাউৰী আদি গোটেই গাৰ নোম খুৰাব, আৰু নিজ বস্ত্ৰ ধুই, নিজেও পানীত গা ধুব; তেতিয়া তেওঁ শুচি হ’ব। BSB BSB: On the seventh day he must shave off all his hair—his head, his beard, his eyebrows, and the rest of his hair. He must wash his clothes and bathe himself with water, and he will be clean.
10 ULB অষ্টম দিনা তেওঁ দুটা নিৰ্ঘুণ মতা ভেড়া পোৱালি, এজনী এবছৰীয়া নিৰ্ঘুণ চেঁউৰী ভেড়া পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটা গুড়ি ঐফাৰ দহ ভাগৰ তিনিভাগ, আৰু এক “লোগ” (ইব্ৰীসকলৰ পনীয়া দ্ৰব্য জোখা মাপ) তেল ল’ব। BSB BSB: On the eighth day he is to bring two unblemished male lambs, an unblemished ewe lamb a year old, a grain offering of three-tenths of an ephah of fine flour mixed with olive oil, and one log of olive oil.
11 ULB তাৰ পাছত শুচি কৰোতা পুৰোহিত জনে, সেই শুচি হ’বলগীয়া লোক জনক আৰু সেই বস্তুবোৰ লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত যিহোৱাৰ সন্মুখত ৰাখিব। BSB BSB: The priest who performs the cleansing shall present the one to be cleansed, together with these offerings, before the LORD at the entrance to the Tent of Meeting.
12 ULB পাছত পুৰোহিত জনে সেই ভেড়া পোৱালি দুটাৰ এটা পোৱালি, সেই এক “লোগ” তেলেৰে সৈতে দোষাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব, আৰু দোলনীয়া নৈবেদ্যৰ অৰ্থে সেইবোৰ যিহোৱাৰ সন্মুখত তুলি দিব। BSB BSB: Then the priest is to take one of the male lambs and present it as a guilt offering, along with the log of olive oil; and he must wave them as a wave offering before the LORD.
13 ULB আৰু যি ঠাইত পাপাৰ্থক বলি আৰু হোম-বলি কটা যায়, পবিত্ৰ স্থানৰ সেই ঠাইতে সেই ভেড়াৰ পোৱালিটো কাটিব লাগিব, কিয়নো সেই দোষাৰ্থক বলি পুৰোহিতৰ ভাগ, আৰু সেয়ে অতি পবিত্ৰ। BSB BSB: Then he is to slaughter the lamb in the sanctuary area where the sin offering and burnt offering are slaughtered. Like the sin offering, the guilt offering belongs to the priest; it is most holy.
14 ULB পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, সেই শুচি হবলগীয়া মানুহটোৰ সোঁ কাণৰ মুৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব। BSB BSB: The priest is to take some of the blood from the guilt offering and put it on the right earlobe of the one to be cleansed, on the thumb of his right hand, and on the big toe of his right foot.
15 ULB তাৰ পাছত পুৰোহিতে সেই “লোগ” তেলৰ কিছু লৈ নিজৰ বাওঁহাতৰ তলুৱাত ঢালিব; BSB BSB: Then the priest shall take some of the log of olive oil, pour it into his left palm,
16 ULB আৰু সেই বাওঁ হাতৰ তলুৱাত থকা তেলত নিজ সোঁহাতৰ আঙুলি জুবুৰিয়াই, আঙুলিৰে সেই তেলৰ পৰা অলপ অলপকৈ যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব। BSB BSB: dip his right forefinger into the oil in his left palm, and sprinkle some of the oil with his finger seven times before the LORD.
17 ULB পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেলৰ কিছু লৈ, শুচি হ’বলগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া দোষাৰ্থক বলিৰ তেজৰ ওপৰত লগাই দিব। BSB BSB: And the priest is to put some of the oil remaining in his palm on the right earlobe of the one to be cleansed, on the thumb of his right hand, and on the big toe of his right foot, on top of the blood of the guilt offering.
18 ULB পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেল খিনি সেই শুচি হ’বলগীয়া লোক জনৰ মূৰত দিব, আৰু পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব। BSB BSB: The rest of the oil in his palm, the priest is to put on the head of the one to be cleansed, to make atonement for him before the LORD.
19 ULB তাৰ পাছত পুৰোহিতে পাপাৰ্থক বলিটো উৎসৰ্গ কৰিব, আৰু সেই শুচি হ’বলগীয়া লোকজনৰ অশৌচৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব; তাৰ পাছত হোমবলিটো কাটিব। BSB BSB: Then the priest is to sacrifice the sin offering and make atonement for the one to be cleansed from his uncleanness. After that, the priest shall slaughter the burnt offering
20 ULB যেতিয়া পুৰোহিতে হোমবলিটো আৰু ভক্ষ্য নৈবেদ্য খিনি বেদীত উৎসৰ্গ কৰিব, তেতিয়া পুৰোহিতে সেই ব্যক্তিক প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁ তেতিয়া শুচি হ’ব। BSB BSB: and offer it on the altar, with the grain offering, to make atonement for him, and he will be clean.
21 ULB কিন্তু যদি সেই লোক জন দৰিদ্ৰ হয়, আৰু এই সকলো বলি আনিবলৈ তেওঁৰ সমৰ্থ নাথাকে, তেতিয়া তেওঁ নিজৰ কাৰণে প্ৰায়চিত্ত কৰিবলৈ দোলনীয় নৈবেদ্যৰ অৰ্থে দোষাৰ্থক বলি স্বৰূপে এটা মতা ভেড়া পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটাগুড়িৰ ঐফাৰ দহভাগৰ এভাগ এক “লোগ” তেল, BSB BSB: If, however, the person is poor and cannot afford these offerings, he is to take one male lamb as a guilt offering to be waved to make atonement for him, along with a tenth of an ephah of fine flour mixed with olive oil for a grain offering, a log of olive oil,
22 ULB আৰু নিজৰ সমৰ্থ অনুসাৰে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব; তাৰে এটা পাপাৰ্থক বলি আৰু আনটো হোমবলি হ’ব। BSB BSB: and two turtledoves or two young pigeons, whichever he can afford, one to be a sin offering and the other a burnt offering.
23 ULB পাছত অষ্টম দিনা, তেওঁ নিজকে শুচি কৰিবৰ অৰ্থে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ সন্মুখত পুৰোহিতৰ ওচৰলৈ সেইবোৰ আনিব। BSB BSB: On the eighth day he is to bring them for his cleansing to the priest at the entrance to the Tent of Meeting before the LORD.
24 ULB তেতিয়া পুৰোহিতে দোষাৰ্থক বলিৰ কাৰণে সেই ভেড়া পোৱালিটো আৰু সেই “লোগ” তেল লৈ, যিহোৱাৰ সন্মুখত দোলনীয় নৈবেদ্যৰ অৰ্থে তুলি দিব। BSB BSB: The priest shall take the lamb for the guilt offering, along with the log of olive oil, and wave them as a wave offering before the LORD.
25 ULB পাছত তেওঁ সেই দোষাৰ্থক বলিৰ ভেড়া পোৱালিটো কাটিব লাগিব; পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, শুচি হ’বলগীয়া লোকজনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব। BSB BSB: And after he slaughters the lamb for the guilt offering, the priest is to take some of the blood of the guilt offering and put it on the right earlobe of the one to be cleansed, on the thumb of his right hand, and on the big toe of his right foot.
26 ULB তাৰ পাছত পুৰোহিতে সেই তেলৰ অলপ নিজৰ বাওঁ হাতৰ তলুৱাত বাকিব, BSB BSB: Then the priest is to pour some of the oil into his left palm
27 ULB আৰু পুৰোহিতে সোঁ আঙুলিৰে বাওঁ হাতৰ তলুৱাত থকা সেই তেল অলপ অলপকৈ সাতবাৰ যিহোৱাৰ সন্মুখত ছটিয়াব। BSB BSB: and sprinkle with his right forefinger some of the oil in his left palm seven times before the LORD.
28 ULB আৰু পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা তেলৰ কিছু লৈ, শুচি হ’ব লগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া সেই দোষাৰ্থক বলিৰ তেজ থকা সেই একে ঠাইবোৰৰ ওপৰত লগাই দিব। BSB BSB: The priest shall also put some of the oil in his palm on the right earlobe of the one to be cleansed, on the thumb of his right hand, and on the big toe of his right foot—on the same places as the blood of the guilt offering.
29 ULB আৰু শুচি হ’বলগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিবলৈ, পুৰোহিতে নিজৰ হাতত থকা অৱশিষ্ট তেল খিনি তেওঁৰ মূৰত দিব। BSB BSB: The rest of the oil in his palm, the priest is to put on the head of the one to be cleansed, to make atonement for him before the LORD.
30 ULB পাছত সেই লোক জনৰ সমৰ্থ অনুসাৰে অনা সেই কপৌ দুটাৰ বা পাৰ পোৱলি দুটাৰ মাজৰ এটা উৎসৰ্গ কৰিব; BSB BSB: Then he must sacrifice the turtledoves or young pigeons, whichever he can afford,
31 ULB অৰ্থাৎ সেই দুটাৰ এটা পাপাৰ্থক বলি আনটো হোম-বলিস্বৰূপে আৰু সেই ভক্ষ্য নৈবেদ্যখিনিয়ে সৈতে উৎসৰ্গ কৰিব। তাৰ পাছত পুৰোহিতে শুচি হ’ব লগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিব। BSB BSB: one as a sin offering and the other as a burnt offering, together with the grain offering. In this way the priest will make atonement before the LORD for the one to be cleansed.
32 ULB কুষ্ঠৰোগৰ ঘা থকা যি লোক জনে নিজকে শুচি কৰা সময়ত নিয়মিত বলিদান আদি দিবলৈ অসমৰ্থ, তাৰ এই নিয়ম।” BSB BSB: This is the law for someone who has a skin disease and cannot afford the cost of his cleansing.”
33 ULB পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, BSB BSB: Then the LORD said to Moses and Aaron,
34 ULB “মই যি দেশ অধিকাৰ অৰ্থে তোমালোকক দিম, সেই কনান দেশত তোমালোকে যেতিয়া সোমাবা, তোমালোকে অধিকাৰ কৰা সেই দেশৰ কোনো এটা ঘৰত যদি মই কুষ্ঠৰোগৰ দাগ উৎপন্ন কৰোঁ, BSB BSB: “When you enter the land of Canaan, which I am giving you as your possession, and I put a contamination of mildew into a house in that land,
35 ULB তেতিয়া সেই ঘৰৰ গৰাকীয়ে আহি পুৰোহিতক জনাব। তেওঁ এই বুলি ক’ব যে, ‘মই মোৰ ঘৰত কুষ্ঠ ৰোগৰ দাগ যেন দেখিছো’। BSB BSB: the owner of the house shall come and tell the priest, ‘Something like mildew has appeared in my house.’
36 ULB তেতিয়া ঘৰৰ সকলো বস্তু যেন অশুচি নহয় এই কাৰণে, সেই দাগ চাবলৈ পুৰোহিতে ঘৰ সোমোৱাৰ পুৰ্বেই ঘৰ খালী কৰিবলৈ তেওঁলোকক আজ্ঞা কৰিব; তাৰ পাছত পুৰোহিতে ঘৰটো চাবলৈ সোমাব। BSB BSB: The priest must order that the house be cleared before he enters it to examine the mildew, so that nothing in the house will become unclean. After this, the priest shall go in to inspect the house.
37 ULB তেওঁ সেই দাগৰ বিষয়ে চাব; যদি সেই দাগ ঘৰৰ দেৱালত অলপ কেঁচা বৰণীয়া বা ৰঙচীয়া চকলা-চকলী হয় আৰু দেৱালতকৈ দ যেন বোধ হয়, BSB BSB: He is to examine the house, and if the mildew on the walls consists of green or red depressions that appear to be beneath the surface of the wall,
38 ULB আৰু যদি সচাকৈ সেই ঘৰত কুষ্ঠ ৰোগৰ দাগ আছে, তেতিয়া পুৰোহিতে ঘৰৰ পৰা দুৱাৰ-মুখলৈ ওলাই সাতদিন সেই ঘৰ বন্ধ কৰি ৰাখিব। BSB BSB: the priest shall go outside the doorway of the house and close it up for seven days.
39 ULB সপ্তমদিনা পুৰোহিতে পুনৰায় আহি সেই ঘৰৰ দেৱালত সেই দাগ বিয়পি যোৱা বিষয়ে চাব; BSB BSB: On the seventh day the priest is to return and inspect the house. If the mildew has spread on the walls,
40 ULB আৰু এনে যদি হয়, তেনেহলে মানুহে যেন সেই দাগ থকা শিলবোৰ উলিয়াই নগৰৰ বাহিৰত অশুচি ঠাইত পেলাই দিয়ে, পুৰোহিতে এনে আজ্ঞা কৰিব। BSB BSB: he must order that the contaminated stones be pulled out and thrown into an unclean place outside the city.
41 ULB পাছত সেই ঘৰৰ ভিতৰৰ চাৰিওফালৰ দেৱাল তেওঁ চুঁচাই পেলোব লাগিব, আৰু চুঁচি পেলোৱাৰ কৰালবোৰ তেওঁলোকে নগৰৰ বাহিৰত সেই অশুচি ঠাইত পেলাব লাগিব। BSB BSB: And he shall have the inside of the house scraped completely and the plaster that is scraped off dumped into an unclean place outside the city.
42 ULB তেওঁলোকে আন শিল লৈ সেই শিলৰ ঠাইত বহুৱাব, আৰু নতুন কৰাল লৈ পুনৰায় সেই ঘৰ লিপিব। BSB BSB: So different stones must be obtained to replace the contaminated ones, as well as additional mortar to replaster the house.
43 ULB এইদৰে শিল উলিওৱা আৰু ঘৰ চুঁচা আৰু লিপাৰ পাছত, যদি পুনৰায় ঘৰত সেই দাগ ওলাই, BSB BSB: If the mildew reappears in the house after the stones have been torn out and the house has been scraped and replastered,
44 ULB তেতিয়া পুৰোহিতে আহি চাব আৰু যদি সেই ঘৰত দাগ ব্যাপি যোৱা দেখে, তেনেহলে সেই ঘৰত সংহাৰক কুষ্ঠ আছে; আৰু সেই ঘৰখন অশুচি। BSB BSB: the priest must come and inspect it. If the mildew has spread in the house, it is a destructive mildew; the house is unclean.
45 ULB তেতিয়া সেই ঘৰ ভাঙি পেলোৱা হ’ব। তাৰ শিল, কাঠ আৰু কৰাল আদি সকলোকে নগৰৰ বাহিৰলৈ সেই অশুচি ঠাইলৈ লৈ যাব। BSB BSB: It must be torn down with its stones, its timbers, and all its plaster, and taken outside the city to an unclean place.
46 ULB তদুপৰি সেই ঘৰ বন্ধ থকাত যদি কোনো লোকে তাৰ ভিতৰত সোমাব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব। BSB BSB: Anyone who enters the house during any of the days that it is closed up will be unclean until evening.
47 ULB আৰু যিকোনো লোকে সেই ঘৰত শুব, তেওঁ নিজ বস্ত্ৰ ধুব আৰু যিকোনো লোকে সেই ঘৰত আহাৰ কৰিব, তেৱোঁ নিজ বস্ত্ৰ ধুব লাগিব। BSB BSB: And anyone who sleeps in the house or eats in it must wash his clothes.
48 ULB আৰু সেই ঘৰ লিপাৰ পাছত পুৰোহিতে সোমাই যদি সেই দাগ ব্যাপি নোযোৱা দেখে, তেন্তে পুৰোহিতে সেই ঘৰ শুচি বুলি ক’ব; কিয়নো তাৰ কুষ্ঠ ভাল হ’ল। BSB BSB: If, however, the priest comes and inspects it, and the mildew has not spread after the house has been replastered, he shall pronounce the house clean, because the mildew is gone.
49 ULB পাছত তেওঁ সেই ঘৰ শুচি কৰিবৰ কাৰণে দুটা চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন ল’ব। BSB BSB: He is to take two birds, cedar wood, scarlet yarn, and hyssop to purify the house;
50 ULB মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত তেওঁ এটা চৰাই কাটিব। BSB BSB: and he shall slaughter one of the birds over fresh water in a clay pot.
51 ULB তেওঁ সেই এৰচ কাঠডোখৰ, এচোব বনকোচা, ৰঙা নোমখিনি আৰু জীয়া চৰাইটো এই সকলোকে লৈ, সেই কটা চৰাইৰ তেজত আৰু নিৰ্মল পানীত জুবুৰিয়াই সাতবাৰ ঘৰত ছটিয়াব। BSB BSB: Then he shall take the cedar wood, the hyssop, the scarlet yarn, and the live bird, dip them in the blood of the slaughtered bird and the fresh water, and sprinkle the house seven times.
52 ULB এইদৰে তেওঁ চৰাইৰ তেজ, নিৰ্মল পানী, জীয়া চৰাই, এৰচ কাঠ, এচোব বন আৰু ৰঙা নোম, এই সকলোৰে দ্বাৰাই সেই ঘৰ শুচি কৰিব। BSB BSB: And he shall cleanse the house with the bird’s blood, the fresh water, the live bird, the cedar wood, the hyssop, and the scarlet yarn.
53 ULB কিন্তু তেওঁ নগৰৰ বাহিৰত থকা মুকলি পথাৰত সেই জীয়া চৰাইটো উৰুৱাই দিব; এইদৰে তেওঁ ঘৰ প্ৰায়চিত্ত কৰিব; তাতে সেই ঘৰ শুচি হ’ব। BSB BSB: Finally, he is to release the live bird into the open fields outside the city. In this way he will make atonement for the house, and it will be clean.
54 ULB এয়ে ছালৰ সকলো প্ৰকাৰ কুষ্ঠ ৰোগৰ চিনৰ নিয়ম যেনে ছালত খজুৱতি ধৰা চুলি দাড়ি সৰা, BSB BSB: This is the law for any infectious skin disease, for a scaly outbreak,
55 ULB কাপোৰ আৰু ঘৰত হোৱা কুষ্ঠ, BSB BSB: for mildew in clothing or in a house,
56 ULB ছাল উখহি উঠা, চোকোৰা বন্ধা, জিলিকা দাগ। BSB BSB: and for a swelling, rash, or spot,
57 ULB এই সকলো কোন সময়ত শুচি আৰু কোন সময়ত অশুচি, সেই বিষয়ে জনোৱাই তাৰ অভিপ্ৰায়; এইয়ে কুষ্ঠৰোগ আৰু কুষ্ঠৰোগৰ দাগৰ নিয়ম।” BSB BSB: to determine when something is clean or unclean. This is the law regarding skin diseases and mildew.”
Select verses for actions: Enter goes to them and Escape comes back.