1 ULB পাছত যিহোৱাই মোচিক ক’লে, BSB BSB: Then the LORD said to Moses,
2 ULB “সদায় প্ৰদীপ জ্বলাই পোহৰ কৰি ৰাখিবৰ কাৰণে, খুন্দি উলিওৱা জিত গছৰ গুটিৰ নিৰ্ম্মল তেল তোমাৰ ওচৰলৈ আনিবলৈ, তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া। BSB BSB: “Command the Israelites to bring you pure oil of pressed olives for the light, to keep the lamps burning continually.
3 ULB সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলিৰ চন্দুকৰ আগত থকা প্ৰভেদক বস্ত্ৰৰ বাহিৰে, হাৰোণে যিহোৱাৰ আগত গধূলি আৰু ৰাতিপুৱা নিত্যে নিত্যে তাক যুগুত কৰি থ’ব লাগিব। এইয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। BSB BSB: Outside the veil of the Testimony in the Tent of Meeting, Aaron is to tend the lamps continually before the LORD from evening until morning. This is to be a permanent statute for the generations to come.
4 ULB পুৰোহিতে শুদ্ধ সোণৰ দীপাধাৰৰ ওপৰত যিহোৱাৰ সন্মুখত সেই প্ৰদীপবোৰ সদায় যুগুত কৰি জ্ৱলাই থ’বা। BSB BSB: He shall tend the lamps on the pure gold lampstand before the LORD continually.
5 ULB তুমি মিহি আটাগুৰি লৈ, বাৰটা পিঠা তন্দুৰত তাও দিবা; প্ৰত্যেক পিঠাত ঐফাৰ দহভাগৰ দুভাগ আটাগুৰি হ’ব। BSB BSB: You are also to take fine flour and bake twelve loaves, using two-tenths of an ephah for each loaf,
6 ULB তাৰ পাছত তুমি শাৰীত ছটাকৈ দুশাৰী কৰি যিহোৱাৰ আগত শুদ্ধ সোণৰ মেজখনৰ ওপৰত সেইবোৰ ৰাখিবা। BSB BSB: and set them in two rows—six per row—on the table of pure gold before the LORD.
7 ULB আৰু প্ৰত্যেক শাৰীৰ ওপৰত নিৰ্ম্মল ধূপ-ধূনা দিবা; তাতে সেই পিঠাৰ ওপৰত সেয়ে সোঁৱৰণৰ অৰ্থে হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব। BSB BSB: And you are to place pure frankincense near each row, so that it may serve as a memorial portion for the bread, a food offering to the LORD.
8 ULB আৰু পুৰোহিতে প্ৰত্যেক বিশ্ৰাম-বাৰে যিহোৱাৰ আগত সেই পিঠা নিত্যে নিত্যে সজাই থ’ব; সেয়ে চিৰস্থায়ী নিয়মৰ চিন স্বৰূপে ইস্ৰায়েলৰ সন্তানসকলৰ পক্ষে হ’ব। BSB BSB: Every Sabbath day the bread is to be set out before the LORD on behalf of the Israelites as a permanent covenant.
9 ULB আৰু সেয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ উপহাৰ হ’ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব; কিয়নো যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ বোৰৰ মাজত সেয়ে অতি পবিত্ৰ; সেয়ে তেওঁৰ চিৰস্থায়ী অধিকাৰ। BSB BSB: It belongs to Aaron and his sons, who are to eat it in a holy place; for it is to him a most holy part of the food offerings to the LORD—his portion forever.”
10 ULB পাছত মাক ইস্ৰায়েলীয়া, কিন্তু বাপেক মিচৰীয়া, এনে এজন মানুহ ওলাই ইস্ৰায়েলৰ সন্তানসকলৰ মাজলৈ গ’ল; তাতে ছাউনিৰ মাজত সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রৰ সৈতে এটা ইস্ৰায়েলীয়া মানুহৰ দণ্ড লাগিল। BSB BSB: Now the son of an Israelite mother and an Egyptian father went out among the Israelites, and a fight broke out in the camp between him and an Israelite.
11 ULB তেতিয়া সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রই যিহোৱাৰ নাম নিন্দা কৰি শাও দিয়াত, লোকসকলে তেওঁক মোচিৰ ওচৰলৈ আনিলে। তেওঁৰ মাতৃৰ নাম চলোমীথ; তাই দান ফৈদীয়া, দিব্ৰীৰ জীয়েক। BSB BSB: The son of the Israelite woman blasphemed the Name with a curse. So they brought him to Moses. (His mother’s name was Shelomith daughter of Dibri, of the tribe of Dan.)
12 ULB লোকসকলে তেওঁক বন্ধ কৰি ৰাখি, যিহোৱাৰ মুখৰ পৰা ঠিক আদেশ পাবলৈ বাট চাই থাকিল। BSB BSB: They placed him in custody until the will of the LORD should be made clear to them.
13 ULB তেতিয়া যিহোৱাই মোচিক ক’লে, BSB BSB: Then the LORD said to Moses,
14 ULB “তুমি সেই শাও দিয়া জনক ছাউনিৰ বাহিৰলৈ লৈ যোৱা। পাছত যিসকলে তেওঁক শাও দিয়া শুনিছিল, সেই সকলোৱে তেওঁৰ মূৰত হাত দিয়ক আৰু গোটেই মণ্ডলীয়ে শিল দলিয়াই তেওঁক বধ কৰক। BSB BSB: “Take the blasphemer outside the camp, and have all who heard him lay their hands on his head; then have the whole assembly stone him.
15 ULB আৰু তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘যি কোনোৱে নিজৰ ঈশ্বৰক শাও দিব, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব। BSB BSB: And you are to tell the Israelites, ‘If anyone curses his God, he shall bear the consequences of his sin.
16 ULB আৰু যি জনে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। গোটেই সমাজে তেওঁলৈ অৱশ্যে শিল দলিয়াব, যদিও তেওঁ বিদেশী বা ইস্রায়েলৰ বংশত জন্মাই হওঁক। যি কোনোৱে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। BSB BSB: Whoever blasphemes the name of the LORD must surely be put to death; the whole assembly must surely stone him, whether he is a foreign resident or native; if he blasphemes the Name, he must be put to death.
17 ULB আৰু যি জনে আন এজনক বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। BSB BSB: And if a man takes the life of anyone else, he must surely be put to death.
18 ULB আৰু যি জনে আন এজনৰ পশুক মাৰিব, তেওঁ তাৰ সলনি দিব; প্ৰাণৰ সলনি প্ৰাণ। BSB BSB: Whoever kills an animal must make restitution—life for life.
19 ULB আৰু যদি কোনোৱে তেওঁৰ ওচৰ-চুবুৰিয়াক আঘাত কৰে, তেন্তে তেওঁ যেনে কৰিলে, তেওঁলৈকো তেনে কৰা যাব; BSB BSB: If anyone injures his neighbor, whatever he has done must be done to him:
20 ULB অঙ্গ ভঙাৰ সলনি অঙ্গ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত। যিদৰে তেওঁ আন জনক আঘাত কৰিলে, তেওঁলৈকো তেনেই কৰা হ’ব। BSB BSB: fracture for fracture, eye for eye, tooth for tooth. Just as he injured the other person, the same must be inflicted on him.
21 ULB যি জনে পশু বধ কৰিব, তেওঁ তাৰ সলনি দিব আৰু যি জন লোকে বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব। BSB BSB: Whoever kills an animal must make restitution, but whoever kills a man must be put to death.
22 ULB তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।” BSB BSB: You are to have the same standard of law for the foreign resident and the native; for I am the LORD your God.’”
23 ULB তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তানসকললৈ এই আজ্ঞা প্ৰকাশ কৰাত, লোকসকলে সেই শাও দিয়াজনক ছাউনিৰ বাহিৰলৈ নি, শিল দলিয়াই তেওঁক বধ কৰিলে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই, ইস্ৰায়েলৰ সন্তানসকলে কাৰ্য্য কৰিলে। BSB BSB: Then Moses spoke to the Israelites, and they took the blasphemer outside the camp and stoned him. So the Israelites did as the LORD had commanded Moses.
Select verses for actions: Enter goes to them and Escape comes back.