1 ULB যিহোৱাই মোচিক ক’লে, আৰু মোচিয়ে, ক’লে, BSB BSB: And the LORD said to Moses,
2 ULB “কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে, আৰু কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা, কোনো বস্তুৰ বিষয়ে লোকৰ আগত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা BSB BSB: “If someone sins and acts unfaithfully against the LORD by deceiving his neighbor in regard to a deposit or security entrusted to him or stolen, or if he extorts his neighbor
3 ULB বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্ম্মৰ দ্বাৰাই মানুহ পাপী হয়, BSB BSB: or finds lost property and lies about it and swears falsely, or if he commits any such sin that a man might commit—
4 ULB সেইবোৰৰ এটা কৰ্ম্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁৰ হাতত গটাই দিয়া হ’ল বা হেৰুৱা বস্তু পাই ৰাখিলে, তাক পুণৰ ঘূৰাই দিব লাগিব। BSB BSB: once he has sinned and becomes guilty, he must return what he has stolen or taken by extortion, or the deposit entrusted to him, or the lost property he found,
5 ULB বা যিকোনো বিষয়ত যদি তেওঁ মিছা শপত খালে, তেনেহলে নিশ্চয়কৈ সম্পূৰ্ণৰূপে তেওঁ সেই বস্তুৰ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচভাগৰ এভাগ বেছিকৈ দিব লাগিব আৰু তাৰ দোষ প্ৰকাশিত হোৱা দিনা তেওঁ সেই বস্তুৰ প্ৰকৃত গৰাকীক দিব লাগিব। BSB BSB: or anything else about which he has sworn falsely. He must make restitution in full, add a fifth of the value, and pay it to the owner on the day he acknowledges his guilt.
6 ULB তেওঁ দোষাৰ্থক বলিদানৰ কাৰণে যিহোৱালৈ বলি আনিব আৰু ইয়াক জাকৰ পৰা নিৰূপিত মূল্যৰ এটা নিৰ্ঘূণী মটা মেৰ নিজৰ দোষাৰ্থক বলি স্বৰূপে পুৰোহিতৰ ওচৰলৈ আনিব। BSB BSB: Then he must bring to the priest his guilt offering to the LORD: an unblemished ram of proper value from the flock.
7 ULB পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব; আৰু যি কৰ্ম্মৰ দ্বাৰাই তেওঁ দোষী হয়, সেই দোষৰ পৰা তেওঁ ক্ষমা পাব। BSB BSB: In this way the priest will make atonement for him before the LORD, and he will be forgiven for anything he may have done to incur guilt.”
8 ULB তেতিয়া যিহোৱাই মোচিক ক’লে, BSB BSB: Then the LORD said to Moses,
9 ULB “তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক এই আজ্ঞা দিয়া, ‘হোমৰ নিয়ম এই: হোম-দ্ৰব্য ওৰে ৰাতি আনকি ৰাতিপুৱালৈকে বেদীৰ ওপৰত জুইশালত থাকিব আৰু বেদীৰ জুই তাৰ দ্ৱাৰাই জ্বলি থাকিব। BSB BSB: “Command Aaron and his sons that this is the law of the burnt offering: The burnt offering is to remain on the hearth of the altar all night, until morning, and the fire must be kept burning on the altar.
10 ULB পুৰোহিত শণ সূতাৰ অন্তৰ্বাস পিন্ধিব আৰু বেদীৰ ওপৰত অগ্নিকৃত হোমৰ পাছত যি ভস্ম বাকি থাকে, তাক গুচাই বেদীৰ দাঁতিত থব। BSB BSB: And the priest shall put on his linen robe and linen undergarments, and he shall remove from the altar the ashes of the burnt offering that the fire has consumed and place them beside it.
11 ULB পাছত তেওঁ নিজৰ সেই বস্ত্ৰ পিন্ধিব আৰু ছাউনিৰ বাহিৰৰ কোনো শুচি ঠাইলৈ সেই ভস্ম লৈ যাব। BSB BSB: Then he must take off his garments, put on other clothes, and carry the ashes outside the camp to a ceremonially clean place.
12 ULB আৰু বেদীৰ ওপৰত জুই তাত সদায় জ্বলি থাকিব, নুনুমাব; পুৰোহিতে প্ৰতি ৰাতিপুৱা তাৰ ওপৰত কাঠ দি জুই জ্বলাব, আৰু তাৰ ওপৰত হোম-বলি সজাই দিব, আৰু মঙ্গলাৰ্থক বলিৰ তেলখিনি তাৰ ওপৰত দগ্ধ কৰিব। BSB BSB: The fire on the altar shall be kept burning; it must not be extinguished. Every morning the priest is to add wood to the fire, arrange the burnt offering on it, and burn the fat portions of the peace offerings on it.
13 ULB বেদীৰ ওপৰত অগ্নি সদায় জ্বলি থাকিব। ই কেতিয়াও নুমাই নাযাব। BSB BSB: The fire shall be kept burning on the altar continually; it must not be extinguished.
14 ULB শস্য উৎসৰ্গ (ভক্ষ্য নৈবেদ্য) কৰাৰ নিয়ম এই। হাৰোণৰ পুত্ৰসকলে ইয়াক বেদীৰ আগত যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব। BSB BSB: Now this is the law of the grain offering: Aaron’s sons shall present it before the LORD in front of the altar.
15 ULB পাছত পুৰোহিতে ভক্ষ্য নৈবেদ্যৰ পৰা এমুঠি মিহি আটাগুড়ি আৰু সেই তেল লৈ নৈবেদ্যৰ ওপৰত থকা আটাইখিনি ধুপ-ধুনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে বেদীত দগ্ধ কৰিব। BSB BSB: The priest is to remove a handful of fine flour and olive oil, together with all the frankincense from the grain offering, and burn the memorial portion on the altar as a pleasing aroma to the LORD.
16 ULB ইয়াৰ অৱশিষ্ট ভাগ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভোজন কৰিব; খমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব। BSB BSB: Aaron and his sons are to eat the remainder. It must be eaten without leaven in a holy place; they are to eat it in the courtyard of the Tent of Meeting.
17 ULB খমীৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ’ব। মই নিজ অগ্নিকৃত উপহাৰৰ পৰা তেওঁলোকৰ পাবলগীয়া ভাগ বুলি তাক দিলোঁ; পাপাৰ্থক বলি আৰু দোষাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ। BSB BSB: It must not be baked with leaven; I have assigned it as their portion of My food offerings. It is most holy, like the sin offering and the guilt offering.
18 ULB হাৰোণৰ সন্তানসকলৰ মাজত যি কোনো পুৰুষে তাক ভোজন কৰিব পাৰিব; যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এয়ে পুৰুষানুক্ৰমে চিৰকাল তোমালোকৰ অধিকাৰ হ’ব। যিকোনোৱে ইয়াক স্পৰ্শ কৰিব, তেৱোঁ পবিত্ৰ হ’ব। BSB BSB: Any male among the sons of Aaron may eat it. This is a permanent portion from the food offerings to the LORD for the generations to come. Anything that touches them will become holy.”
19 ULB পাছত যিহোৱাই মোচিক পুনৰ ক’লে, BSB BSB: Then the LORD said to Moses,
20 ULB “হাৰোণ অভিষিক্ত হোৱা দিনা তেওঁ আৰু তেওঁৰ পুত্ৰসকলে যিহোৱাৰ উদ্দেশ্যে যি উপহাৰ উৎসৰ্গ কৰিব, সেয়ে এই; তেওঁলোকে নিত্য ভক্ষ্য নৈবেদ্যৰ অৰ্থে, ঐফাৰ দহভাগৰ এভাগ মিহি আটাগুড়ি লৈ ৰাতিপুৱা আধা আৰু গধূলি আধা উৎসৰ্গ কৰিব। BSB BSB: “This is the offering that Aaron and his sons must present to the LORD on the day he is anointed: a tenth of an ephah of fine flour as a regular grain offering, half of it in the morning and half in the evening.
21 ULB তাক তেলেৰে তাৱাত যুগুত কৰিব লাগিব; সেয়ে ভাজা হ’লে তাক তুমি ভিতৰলৈ আনিবা; তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, সেই ভক্ষ্য নৈবেদ্যৰ সিজোৱা খণ্ডবোৰ উৎসৰ্গ কৰিবা। BSB BSB: It shall be prepared with oil on a griddle; you are to bring it well-kneaded and present it as a grain offering broken in pieces, a pleasing aroma to the LORD.
22 ULB পাছত হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জন তেওঁৰ পদত অভিষিক্ত পুৰোহিত হ’ব, তেওঁ ইয়াক উৎসৰ্গ কৰিব। ইয়াক যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে দগ্ধ কৰা হ’ব; এয়ে চিৰস্থায়ী বিধি। BSB BSB: The priest, who is one of Aaron’s sons and will be anointed to take his place, is to prepare it. As a permanent portion for the LORD, it must be burned completely.
23 ULB পুৰোহিতে দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য সম্পূৰ্ণৰূপে দগ্ধ কৰিব লাগিব, তাৰ একোকে খাব নালাগিব। BSB BSB: Every grain offering for a priest shall be burned completely; it is not to be eaten.”
24 ULB যিহোৱাই মোচিক ক’লে, BSB BSB: And the LORD said to Moses,
25 ULB “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, ‘পাপাৰ্থক বলিদানৰ নিয়ম এই: যি ঠাইত হোমবলি কটা হ’ব, সেই ঠাইতে যিহোৱাৰ সন্মূখত পাপাৰ্থক বলিও কটা হ’ব; সেয়ে অতি পবিত্ৰ। BSB BSB: “Tell Aaron and his sons that this is the law of the sin offering: In the place where the burnt offering is slaughtered, the sin offering shall be slaughtered before the LORD; it is most holy.
26 ULB যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব। BSB BSB: The priest who offers it shall eat it; it must be eaten in a holy place, in the courtyard of the Tent of Meeting.
27 ULB যিকোনোৱে তাৰ মাংস স্পৰ্শ কৰিব, তেওঁ পবিত্ৰ হ’ব; আৰু যদি তাৰ তেজৰ কিছু কোনো বস্ত্ৰত ছিতা লাগে, তেন্তে তুমি সেই তেজ লগা বস্ত্ৰ কোনো পবিত্ৰ ঠাইত ধুবা। BSB BSB: Anything that touches its flesh will become holy, and if any of the blood is spattered on a garment, you must wash it in a holy place.
28 ULB কিন্তু যি মাটিৰ পাত্ৰত তাক সিজোৱা হ’ব, তাক ভাঙি পেলাব লাগিব; যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয়, তেন্তে তাক ভালদৰে মাজি পানীত ধুই পৰিষ্কাৰ কৰিব লাগিব। BSB BSB: The clay pot in which the sin offering is boiled must be broken; if it is boiled in a bronze pot, the pot must be scoured and rinsed with water.
29 ULB পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে ইয়াক ভোজন কৰিব পাৰিব; সেয়ে অতি পবিত্ৰ। BSB BSB: Any male among the priests may eat it; it is most holy.
30 ULB আৰু পবিত্ৰ স্থানত প্ৰায়শ্চিত্ত কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ’ব, সেই বলিৰ অলপো ভোজন কৰা নহব; তাক জুইত পুৰি পেলোৱা হ’ব। BSB BSB: But no sin offering may be eaten if its blood has been brought into the Tent of Meeting to make atonement in the Holy Place; it must be burned.
Select verses for actions: Enter goes to them and Escape comes back.