1 ULB পাছত অষ্টম দিনা মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকল আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলক মাতি আনিলে। BSB BSB: On the eighth day Moses summoned Aaron and his sons and the elders of Israel.
2 ULB তেওঁ হাৰোণক ক’লে, “তুমি নিজৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে জাকৰ পৰা এটা নিৰ্ঘূণী দামুৰী আৰু হোম-বলিৰ কাৰণে এটা নিৰ্ঘূণী মটা মেৰ লৈ, যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰা। BSB BSB: He said to Aaron, “Take for yourself a young bull for a sin offering and a ram for a burnt offering, both without blemish, and present them before the LORD.
3 ULB আৰু ইস্ৰায়েলৰ সন্তানসকলক তুমি নিশ্চয় কোৱা, ‘তোমালোকে যিহোৱাৰ সন্মূখত বলিদান কৰিবৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে এটা মটা ছাগলী আৰু হোমৰ কাৰণে এটা এবছৰীয়া নিৰ্ঘূণী দমৰা গৰু আৰু এটা এবছৰীয়া নিৰ্ঘূণী মেৰ পোৱালি, BSB BSB: Then speak to the Israelites and say, ‘Take a male goat for a sin offering, a calf and a lamb—both a year old and without blemish—for a burnt offering,
4 ULB আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে এটা ষাড় আৰু এটা মতা মেৰ আৰু তেল মিহলোৱা ভক্ষ্য নৈবেদ্য লোৱা; কিয়নো আজি যিহোৱাই তোমালোকক দৰ্শন দিব’।” BSB BSB: an ox and a ram for a peace offering to sacrifice before the LORD, and a grain offering mixed with oil. For today the LORD will appear to you.’”
5 ULB তেতিয়া তেওঁলোকে, মোচিয়ে আজ্ঞা কৰা সকলোকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ নিলে আৰু গোটেই মণ্ডলী ওচৰ চাপি যিহোৱাৰ সন্মূখত থিয় হ’ল। BSB BSB: So they took what Moses had commanded to the front of the Tent of Meeting, and the whole congregation drew near and stood before the LORD.
6 ULB পাছত মোচিয়ে ক’লে, “যিহোৱাই তোমালোকক এই কৰ্ম্ম কৰিবলৈ আজ্ঞা কৰিলে; ইয়াকে কৰিলে তোমালোকলৈ যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ব।” BSB BSB: And Moses said, “This is what the LORD has commanded you to do, so that the glory of the LORD may appear to you.”
7 ULB পাছত মোচিয়ে হাৰোণক ক’লে, “তুমি বেদীৰ ওচৰলৈ গৈ, যিহোৱাৰ আজ্ঞা অনুসাৰে তোমাৰ পাপাৰ্থক বলি আৰু হোম-বলি উৎসৰ্গ কৰি, নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰা; আৰু লোকসকলৰো উপহাৰ উৎসৰ্গ কৰি, তেওঁলোককো প্ৰায়শ্চিত্ত কৰা।” BSB BSB: Then Moses said to Aaron, “Approach the altar and sacrifice your sin offering and your burnt offering to make atonement for yourself and for the people. And sacrifice the people’s offering to make atonement for them, as the LORD has commanded.”
8 ULB তেতিয়া হাৰোণে বেদীৰ ওচৰলৈ গৈ, নিজৰ অৰ্থে লোৱা পাপাৰ্থক বলিদানৰ দামুৰীটো কাটিলে। BSB BSB: So Aaron approached the altar and slaughtered the calf as a sin offering for himself.
9 ULB পাছত হাৰোণৰ পুত্ৰসকলে সেই বলিৰ তেজ তেওঁৰ ওচৰলৈ আনিলে; আৰু তেওঁ নিজ আঙুলি তেজত জুবুৰিয়াই বেদীৰ শিঙত লগালে, পাছত অৱশিষ্ট তেজখিনি বেদীৰ মুলত ঢালি দিলে। BSB BSB: The sons of Aaron brought the blood to him, and he dipped his finger in the blood and applied it to the horns of the altar. And he poured out the rest of the blood at the base of the altar.
10 ULB কিন্তু পাপাৰ্থক বলিৰ তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে। BSB BSB: On the altar he burned the fat, the kidneys, and the lobe of the liver from the sin offering, as the LORD had commanded Moses.
11 ULB আৰু তাৰ মঙহখিনি আৰু ছালখন ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল। BSB BSB: But he burned up the flesh and the hide outside the camp.
12 ULB পাছেত হোম-বলিটো কটা হ’ল, আৰু হাৰোণৰ পুত্ৰসকলে তাৰ তেজখিনি তেওঁৰ ওচৰলৈ তেওঁ বেদীত চাৰিওফালে ছটিয়াই দিলে। BSB BSB: Then Aaron slaughtered the burnt offering. His sons brought him the blood, and he splattered it on all sides of the altar.
13 ULB পাছত তেওঁলোক হোম-বলিৰ মাংস খণ্ড খণ্ড কৰি মূৰটোৰে সৈতে খণ্ডবোৰ তেওঁৰ ওচৰলৈ আনিলে, আৰু তেওঁ সেই সকলোকে বেদীৰ ওপৰত দগ্ধ কৰিলে। BSB BSB: They brought him the burnt offering piece by piece, including the head, and he burned them on the altar.
14 ULB তেওঁ নাড়ী-ভুৰুখিনি আৰু ঠেং-কেইটা ধুই, বেদীত হোমৰ ওপৰত দগ্ধ কৰিলে। BSB BSB: He washed the entrails and the legs and burned them atop the burnt offering on the altar.
15 ULB পাছত লোকসকলৰ উপহাৰ ওচৰলৈ নিয়া হ’ল। তেওঁ লোকসকলৰ পাপাৰ্থক বলিদানৰ ছাগলীটো লৈ, প্ৰথমটোৰ নিচিনাকৈ কাটি পাপৰ অৰ্থে উৎসৰ্গ কৰিলে। BSB BSB: Aaron then presented the people’s offering. He took the male goat for the people’s sin offering, slaughtered it, and offered it for sin like the first one.
16 ULB আৰু হোম-বলিটোও নিয়া হ’ল আৰু তেওঁ বিধিমতে তাক উৎসৰ্গ কৰিলে। BSB BSB: He presented the burnt offering and offered it according to the ordinance.
17 ULB আৰু ভক্ষ্য (শস্য) নৈবেদ্য নিয়াৰ পাছত তেওঁ তাৰ পৰা মুঠি ভৰাই ল’লে, আৰু বেদীৰ ওপৰত দগ্ধ কৰিলে; ৰাতিপুৱাৰ হোম-বলিৰ দৰে তেওঁ ইয়াকো কৰিলে। BSB BSB: Next he presented the grain offering, took a handful of it, and burned it on the altar in addition to the morning’s burnt offering.
18 ULB পাছত তেওঁ লোকসকলৰ মঙ্গলাৰ্থক বলিদানৰ ষাড় আৰু মতা মেৰটো কাটিলে; তেতিয়া হাৰোণৰ পুত্ৰসকলে তেওঁৰ ওচৰলৈ সেই বলিৰ তেজ আনিলে, আৰু তেওঁ বেদীৰ চাৰিওকাষে তাক ছটিয়াই দিলে। BSB BSB: Then he slaughtered the ox and the ram as the people’s peace offering. His sons brought him the blood, and he splattered it on all sides of the altar.
19 ULB পাছত তেওঁলোকে ষাড় আৰু মতা মেৰটোৰ তেল (চৰ্বি), নাড়ী-ভুৰুত লাগি থকা তেল (চৰ্বি), ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰটোৰ নেজডাল ল’লে, BSB BSB: They also brought the fat portions from the ox and the ram—the fat tail, the fat covering the entrails, the kidneys, and the lobe of the liver—
20 ULB সেই সকলো তেল আমঠু দুটাৰ ওপৰত থ’লে; আৰু তেতিয়া তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে। BSB BSB: and placed these on the breasts. Aaron burned the fat portions on the altar,
21 ULB আৰু মোচিৰ আজ্ঞা অনুসাৰে, হাৰোণে যিহোৱাৰ সন্মূখত আমঠু দুটা আৰু সোঁ কৰঙনটো দোলনীয় উপহাৰৰ অৰ্থে দোলালে। BSB BSB: but he waved the breasts and the right thigh as a wave offering before the LORD, as Moses had commanded.
22 ULB তেতিয়া হাৰোণে তেওঁলোকৰ ফাললৈ হাত দাঙি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে; এইদৰে তেওঁ পাপাৰ্থক বলি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল। BSB BSB: Aaron lifted up his hands toward the people and blessed them. And having made the sin offering, the burnt offering, and the peace offering, he stepped down.
23 ULB পাছত মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সোমাল আৰু তেওঁলোকে বাহিৰ ওলাই লোকসকলক আশীৰ্ব্বাদ কৰিলে; তেতিয়া সকলো লোকসকলৰ আগত যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ল। BSB BSB: Moses and Aaron then entered the Tent of Meeting. When they came out, they blessed the people, and the glory of the LORD appeared to all the people.
24 ULB আৰু যিহোৱাৰ সন্মূখৰ পৰা অগ্নি ওলাই, বেদীৰ ওপৰত থকা হোম-বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দ-ধ্বনি কৰি উবুৰি হৈ পৰিল। BSB BSB: Fire came out from the presence of the LORD and consumed the burnt offering and the fat portions on the altar. And when all the people saw it, they shouted for joy and fell facedown.
Select verses for actions: Enter goes to them and Escape comes back.