1 ULB এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইত দুজন দুজনকৈ পঠিয়াই দিলে। BSB BSB: After this, the Lord appointed seventy-two others and sent them two by two ahead of Him to every town and place He was about to visit.
2 ULB আৰু তেওঁলোকক ক’লে, "শস্য সৰহ, কিন্তু বনুৱা তাকৰ; সেইকাৰণে নিজৰ শস্য-ক্ষেত্ৰলৈ বনুৱা সকলক পঠিয়াই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা। BSB BSB: And He told them, “The harvest is plentiful, but the workers are few. Ask the Lord of the harvest, therefore, to send out workers into His harvest.
3 ULB তোমালোক যোৱা; চোৱা, ৰাংকুকুৰৰ মাজত মই তোমালোকক মেৰ পোৱালী স্বৰূপে পঠিয়াইছো। BSB BSB: Go! I am sending you out like lambs among wolves.
4 ULB তোমালোকে কোনো ধনৰ মোনা বা জোলোঙা বা পাদুকা নলবা; আৰু বাটত যাওঁতে কাকো সম্ভাষণ নজনাবা। BSB BSB: Carry no purse or bag or sandals. Do not greet anyone along the road.
5 ULB তোমালোকে যি ঘৰত সোমোৱা, তাত প্ৰথমে কবা, "এই ঘৰৰ কুশল হওঁক৷" BSB BSB: Whatever house you enter, begin by saying, ‘Peace to this house.’
7 ULB আৰু তেওঁলোকে যি খোৱা বস্তু দিয়ে সেইবোৰকে ভোজন-পান কৰি সেই ঘৰতে থাকিবা; কিয়নো বনুৱা জন তেওঁৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা। BSB BSB: Stay at the same house, eating and drinking whatever you are offered. For the worker is worthy of his wages. Do not move around from house to house.
8 ULB তোমালোকে যেতিয়া এখন নগৰত সোমোৱা আৰু তাত থকা লোক সকলে তোমালোকক গ্ৰহণ কৰিলে, তেওঁলোকে তোমালোকৰ আগত যি খাবলৈ দিয়ে সেইবোৰকে ভোজন কৰিবা; BSB BSB: If you enter a town and they welcome you, eat whatever is set before you.
9 ULB সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু 'ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে' বুলি তেওঁলোকক ক’বা। BSB BSB: Heal the sick who are there and tell them, ‘The kingdom of God is near you.’
10 ULB কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক’বা, BSB BSB: But if you enter a town and they do not welcome you, go into the streets and declare,
11 ULB তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে 'ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে'৷ BSB BSB: ‘Even the dust of your town that clings to our feet, we wipe off as a testimony against you. Yet be sure of this: The kingdom of God is near.’
12 ULB মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব। BSB BSB: I tell you, it will be more bearable on that day for Sodom than for that town.
13 ULB হায় হায় কোৰাচীন! হায় হায় বৈৎচৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম-কাৰ্য্য কৰা হৈছিল, সেইবোৰ কাৰ্য তূৰ আৰু চীদোনত যদি কৰিলো হয়, তেতিয়া তাৰ নিবাসী সকলে বহুদিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন। BSB BSB: Woe to you, Chorazin! Woe to you, Bethsaida! For if the miracles that were performed in you had been performed in Tyre and Sidon, they would have repented long ago, sitting in sackcloth and ashes.
14 ULB কিন্তু মহা-বিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তূৰ আৰু চীদোনৰ দশা সহিবলৈ বেছি সহনীয় হ’ব। BSB BSB: But it will be more bearable for Tyre and Sidon at the judgment than for you.
15 ULB হে কফৰনাহূম, তুমি ভাবা নে, তুমি স্বৰ্গলৈ তোলা হ’বা বুলি? তুমি নৰকলৈহে পেলোৱা হ’বা। BSB BSB: And you, Capernaum, will you be lifted up to heaven? No, you will be brought down to Hades!
16 ULB যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।" BSB BSB: Whoever listens to you listens to Me; whoever rejects you rejects Me; and whoever rejects Me rejects the One who sent Me.”
17 ULB পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি কলে, "হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ'ল।" BSB BSB: The seventy-two returned with joy and said, “Lord, even the demons submit to us in Your name.”
18 ULB যীচুৱে তেওঁলোকক কলে, "স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ। BSB BSB: So He told them, “I saw Satan fall like lightning from heaven.
19 ULB চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি কৰিব নোৱাৰিব। BSB BSB: Behold, I have given you authority to tread on snakes and scorpions, and over all the power of the enemy. Nothing will harm you.
20 ULB তথাপি আত্মাবোৰ যে তোমালোকৰ বশীভূত হল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।" BSB BSB: Nevertheless, do not rejoice that the spirits submit to you, but rejoice that your names are written in heaven.”
21 ULB সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ কলে, "হে পিতৃ, স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষ জনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।" BSB BSB: At that time Jesus rejoiced in the Holy Spirit and declared, “I praise You, Father, Lord of heaven and earth, because You have hidden these things from the wise and learned, and revealed them to little children. Yes, Father, for this was well-pleasing in Your sight.
22 ULB মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।" BSB BSB: All things have been entrusted to Me by My Father. No one knows who the Son is except the Father, and no one knows who the Father is except the Son and those to whom the Son chooses to reveal Him.”
23 ULB ইয়াৰ পাছত যীচুৱে তেওঁলোকৰ ফালে ঘূৰি গুপুতে কলে, "তোমালোকে যি যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য; BSB BSB: Then Jesus turned to the disciples and said privately, “Blessed are the eyes that see what you see.
24 ULB কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।" BSB BSB: For I tell you that many prophets and kings desired to see what you see but did not see it, and to hear what you hear but did not hear it.”
25 ULB ইয়াৰ পাছত এজন বিধান-পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, "হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?" BSB BSB: One day an expert in the law stood up to test Him. “Teacher,” he asked, “what must I do to inherit eternal life?”
26 ULB তেতিয়া যীচুৱে কলে, "বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান পঢ়িছা?" BSB BSB: “What is written in the Law?” Jesus replied. “How do you read it?”
27 ULB তেওঁ উত্তৰ দি কলে, "তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।" BSB BSB: He answered, “‘Love the Lord your God with all your heart and with all your soul and with all your strength and with all your mind’ and ‘Love your neighbor as yourself.’”
28 ULB তেতিয়া যীচুৱে তেওঁক কলে, "তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷" BSB BSB: “You have answered correctly,” Jesus said. “Do this and you will live.”
29 ULB কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী কৰিবলৈ ইচ্ছা কৰি যীচুক কলে, "মোৰ চুবুৰীয়া নো কোন?" BSB BSB: But wanting to justify himself, he asked Jesus, “And who is my neighbor?”
30 ULB তেতিয়া যীচুৱে সমিধান দি কলে, "এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল। BSB BSB: Jesus took up this question and said, “A man was going down from Jerusalem to Jericho when he fell into the hands of robbers. They stripped him, beat him, and went away, leaving him half dead.
31 ULB এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল। BSB BSB: Now by chance a priest was going down the same road, but when he saw him, he passed by on the other side.
32 ULB সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল। BSB BSB: So too, when a Levite came to that spot and saw him, he passed by on the other side.
33 ULB কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ কৰুণা উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷ BSB BSB: But a Samaritan on a journey came upon him, and when he saw him, he had compassion.
34 ULB তেওঁ মানুহজনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গ'ল আৰু তেওঁক শুশ্ৰূষা কৰিলে। BSB BSB: He went to him and bandaged his wounds, pouring on oil and wine. Then he put him on his own animal, brought him to an inn, and took care of him.
35 ULB পাছদিনা তেওঁ দুটা আধলি উলিয়াই আলহী-ঘৰৰ গৰাকীক দি কলে- এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম। BSB BSB: The next day he took out two denarii and gave them to the innkeeper. ‘Take care of him,’ he said, ‘and on my return I will repay you for any additional expense.’
36 ULB এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহ জনৰ কোন জনক চুবুৰীয়া বুলি ভাবিছা?" BSB BSB: Which of these three do you think was a neighbor to the man who fell into the hands of robbers?”
37 ULB তাতে বিধান-পণ্ডিত জনে ক’লে, "যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই।" তেতিয়া যীচুৱে তেওঁক ক’লে, "তুমিও সেইদৰে কৰা।" BSB BSB: “The one who showed him mercy,” replied the expert in the law. Then Jesus told him, “Go and do likewise.”
39 ULB আৰু মৰিয়ম নামেৰে তেওঁৰ ভনীয়েকে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল। BSB BSB: She had a sister named Mary, who sat at the Lord’s feet listening to His message.
40 ULB কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি কলে "হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।" BSB BSB: But Martha was distracted by all the preparations to be made. She came to Jesus and said, “Lord, do You not care that my sister has left me to serve alone? Tell her to help me!”
41 ULB কিন্তু প্ৰভুৱে উত্তৰত তেওঁক কলে, "মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷ BSB BSB: “Martha, Martha,” the Lord replied, “you are worried and upset about many things.
42 ULB মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।" BSB BSB: But only one thing is necessary. Mary has chosen the good portion, and it will not be taken away from her.”