1 ULB পাছত যীচু যিৰিহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে। BSB BSB: Then Jesus entered Jericho and was passing through.
2 ULB সেই নগৰত চক্কেয় নামৰ এজন মানুহ আছিল৷ তেওঁ কৰ সংগ্ৰহক সকলৰ প্ৰধান আৰু ধনী আছিল। BSB BSB: And there was a man named Zacchaeus, a chief tax collector, who was very wealthy.
3 ULB তেওঁ যীচুক চাবলৈ অৰ্থাৎ যীচু নো কোন হয় জানিবৰ বাবে, তেওঁক চাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মানুহৰ ভিৰ বেছি হোৱা বাবে যীচুক দেখা নাপালে, কাৰণ তেওঁ চুটি-চাপৰ লোক আছিল। BSB BSB: He was trying to see who Jesus was, but could not see over the crowd because he was small in stature.
4 ULB সেয়েহে তেওঁ সকলোৰে আগত বেগাই গ'ল আৰু যি পথেৰে যীচু আহি আছিল, সেই পথৰ কাষত থকা ডিমৰু গছ এজোপাত উঠি যীচুক চাবলৈ ধৰিলে। BSB BSB: So he ran on ahead and climbed a sycamore tree to see Him, since Jesus was about to pass that way.
5 ULB পাছত যীচুৱে সেই ঠাই পাওঁতে, ওপৰলৈ চাই তেওঁক দেখি ক'লে, "হে চক্কেয়, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে৷" BSB BSB: When Jesus came to that place, He looked up and said, “Zacchaeus, hurry down, for I must stay at your house today.”
6 ULB তেতিয়া তেওঁ বেগাই নামি আহি, আনন্দেৰে তেওঁক আলহী কৰি ৰাখিবলৈ লৈ গ'ল। BSB BSB: So Zacchaeus hurried down and welcomed Him joyfully.
7 ULB তাকে দেখি সকলোৱেই ভোৰভোৰাই কবলৈ ধৰিলে, "এওঁ এজন পাপী মানুহৰ ঘৰত আলহী হ’বলৈ গৈছে।" BSB BSB: And all who saw this began to grumble, saying, “He has gone to be the guest of a sinful man!”
8 ULB তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, "হে প্ৰভু, চাওঁক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেন্তে তাৰ চাৰি গুণ ওভোতাই দিওঁ।" BSB BSB: But Zacchaeus stood up and said to the Lord, “Look, Lord, half of my possessions I give to the poor, and if I have cheated anyone, I will repay it fourfold.”
9 ULB তেতিয়া যীচুৱে তেওঁক ক’লে, "আজি এই ঘৰলৈ পৰিত্ৰাণ আহিল; কিয়নো এৱোঁ অব্ৰাহামৰেই সন্তান। BSB BSB: Jesus said to him, “Today salvation has come to this house, because this man too is a son of Abraham.
10 ULB কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।" BSB BSB: For the Son of Man came to seek and to save the lost.”
11 ULB যেতিয়া লোক সকলে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ যিৰূচালেমৰ ওচৰ পোৱাত আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হ’ব বুলি তেওঁলোকে ভাবি থকাত, তেওঁ পুনৰ এটা কথা দৃষ্টান্ত দি কবলৈ ধৰিলে, BSB BSB: While the people were listening to this, Jesus proceeded to tell them a parable, because He was near Jerusalem and they thought the kingdom of God would appear imminently.
12 ULB "এজন ভদ্ৰবংশীয় লোকে তেওঁৰ নিজৰ বাবে ৰাজপদ লৈ উলটি আহিবলৈ দূৰ দেশলৈ যাত্ৰা কৰিলে। BSB BSB: So He said, “A man of noble birth went to a distant country to lay claim to his kingship and then return.
13 ULB তেওঁ যোৱা সময়তে তেওঁৰ দহ জন দাসক মাতি আনি, তেওঁলোকক দহ মিনা* ৰূপ দি ক’লে, 'মই আহি নোপোৱালৈকে বেপাৰ কৰিবা' BSB BSB: Beforehand, he called ten of his servants and gave them ten minas. ‘Conduct business with this until I return,’ he said.
14 ULB কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, 'আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেইজন মানুহ আমাক নালাগে।' BSB BSB: But his subjects hated him and sent a delegation after him to say, ‘We do not want this man to rule over us.’
15 ULB তাৰ পাছত তেওঁ ৰাজপদ লৈ উলতি আহিল আৰু যি সকল দাসক তেওঁ ধন দি গৈছিল, তেওঁলোকে কি ব্যৱসায় কৰিলে; সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক মাতি পঠালে৷ BSB BSB: When he returned from procuring his kingship, he summoned the servants to whom he had given the money, to find out what each one had earned.
16 ULB তেতিয়া প্ৰথম জন দাসে আহি ক’লে, 'হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হ’ল।' BSB BSB: The first servant came forward and said, ‘Master, your mina has produced ten more minas.’
17 ULB তাতে তেওঁ তাক ক’লে, 'চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা।' BSB BSB: His master replied, ‘Well done, good servant! Because you have been faithful in a very small matter, you shall have authority over ten cities.’
18 ULB পাছত দ্বিতীয় জন দাসে আহি ক’লে, 'হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই পাঁচ মিনা হ’ল।' BSB BSB: The second servant came and said, ‘Master, your mina has made five minas.’
19 ULB তাতে ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, 'তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা।' BSB BSB: And to this one he said, ‘You shall have authority over five cities.’
20 ULB আৰু আন এজন দাসে আহি ক’লে, 'হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এয়া চাওঁক, BSB BSB: Then another servant came and said, ‘Master, here is your mina, which I have laid away in a piece of cloth.
21 ULB কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে আৰু যিহক বোৱা নাই, তাকে দায়; এই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ।' BSB BSB: For I was afraid of you, because you are a harsh man. You withdraw what you did not deposit and reap what you did not sow.’
22 ULB ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, 'হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি; BSB BSB: His master replied, ‘You wicked servant, I will judge you by your own words. So you knew that I am a harsh man, withdrawing what I did not deposit and reaping what I did not sow?
23 ULB তেন্তে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? মহাজনৰ তাত থোৱা হ’লে, মই আহি সুতে সৈতে তাক উলিয়াই ললোঁহেঁতেন?' BSB BSB: Why then did you not deposit my money in the bank, and upon my return I could have collected it with interest?’
24 ULB পাছত ওচৰত থিয় হৈ থকা সকলক তেওঁ ক’লে, 'ইয়াৰ পৰা সেই মিনা লৈ, যাৰ দহ মিনা আছে, তাক দিয়া।' BSB BSB: Then he told those standing by, ‘Take the mina from him and give it to the one who has ten minas.’
25 ULB তেতিয়া তেওঁলোকে তেওঁক ক’লে, 'হে প্ৰভু, তাৰ দহ মিনা আছেই।' BSB BSB: ‘Master,’ they said, ‘he already has ten!’
26 ULB 'মই তোমালোকক কওঁ, যাৰ আছে, তেওঁকেই দিয়া হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হ’ব। BSB BSB: He replied, ‘I tell you that everyone who has will be given more; but the one who does not have, even what he has will be taken away from him.
27 ULB কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাতো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক।'" BSB BSB: And these enemies of mine who were unwilling for me to rule over them, bring them here and slay them in front of me.’”
28 ULB এই সকলো কথা কোৱাৰ পাছত তেওঁ তেওঁলোকৰ আগে আগে যিৰূচালেম অভিমুখে যাত্ৰা কৰিলে। BSB BSB: After Jesus had said this, He went on ahead, going up to Jerusalem.
29 ULB পাছত তেওঁ জৈতুন পৰ্ব্বতৰ কাষৰ বৈৎফগী আৰু বৈথনিয়া গাৱঁৰ ওচৰ পোৱাত, তেওঁ দুজন শিষ্যক এই আদেশ দি পঠিয়াই BSB BSB: As He approached Bethphage and Bethany at the Mount of Olives, He sent out two of His disciples,
30 ULB ক'লে, "সন্মুখৰ গাওঁ খনলৈ তোমালোক যোৱা; তাত সোমাওঁতে, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মুকলি কৰি মোৰ ওচৰলৈ আনাগৈ; BSB BSB: saying, “Go into the village ahead of you, and as you enter it, you will find a colt tied there, on which no one has ever sat. Untie it and bring it here.
31 ULB আৰু তাক কিয় মেলিছা বুলি যদি কোনোবাই তোমালোকক সোধে, তেন্তে এইদৰে ক’বা, 'প্ৰভুৰ ইয়াৰ প্ৰয়োজন আছে।'" BSB BSB: If anyone asks, ‘Why are you untying it?’ tell him, ‘The Lord needs it.’”
32 ULB তেতিয়া যি সকলক পঠোৱা হ’ল, তেওঁলোকে যীচুৱে কোৱাৰদৰেই সকলোকে পালে। BSB BSB: So those who were sent went out and found it just as Jesus had told them.
33 ULB তেওঁলোকে গৈ গাধ পোৱালিটো মেলোতেই তাৰ গৰাকী সকলে সুধিলে, "গাধ পোৱালিটো কিয় মেলিছা?" BSB BSB: As they were untying the colt, its owners asked, “Why are you untying the colt?”
34 ULB তেতিয়া তেওঁলোকে ক’লে, "প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।" BSB BSB: “The Lord needs it,” they answered.
35 ULB পাছত যীচুৰ ওচৰলৈ সেই গাধ পোৱালিটো আনিলে আৰু তেওঁলোকে নিজ নিজ কাপোৰ তাৰ পিঠিত পাৰি দি, তাৰ ওপৰত যীচুক বহুৱালে; BSB BSB: Then they led the colt to Jesus, threw their cloaks over it, and put Jesus on it.
36 ULB আৰু তেওঁ গৈ থাকোতে মানুহবোৰে তেওঁলোকৰ কাপোৰবোৰ বাটত পাৰি দিলে। BSB BSB: As He rode along, the people spread their cloaks on the road.
37 ULB পাছত তেওঁ যিৰূচালেমৰ ওচৰ আহি পাওঁতে জৈতুন পৰ্ব্বতৰ পৰা নামি যোৱা ঠাইত, গোটেই শিষ্য সকলে, যি যি পৰাক্ৰম-কাৰ্য্য দেখিছিল, তাৰ কাৰণে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে, BSB BSB: And as He approached the descent from the Mount of Olives, the whole multitude of disciples began to praise God joyfully in a loud voice for all the miracles they had seen:
38 ULB বোলে, "প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, তেওঁ ধন্য! স্বৰ্গত কুশল, আৰু ঊৰ্দ্ধলোকত প্ৰশংসা হওক!" BSB BSB: “Blessed is the King who comes in the name of the Lord!” “Peace in heaven and glory in the highest!”
39 ULB তেতিয়া লোক সকলৰ মাজৰ পৰা ফৰীচী সকলৰ কোনো কোনোৱে আহি তেওঁক ক’লে, "হে গুৰু, আপোনাৰ শিষ্য সকলক ডবিয়াওক। BSB BSB: But some of the Pharisees in the crowd said to Him, “Teacher, rebuke Your disciples!”
40 ULB তেতিয়া যীচুৱে উত্তৰ দি ক’লে, "মই তোমালোকক কওঁ, এওঁলোকে মনে মনে থাকিলে, শিলবোৰে আটাহ পাৰিব।" BSB BSB: “I tell you,” He answered, “if they remain silent, the very stones will cry out.”
41 ULB পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি কান্দিলে BSB BSB: As Jesus approached Jerusalem and saw the city, He wept over it
42 ULB আৰু কলে, "হায়! হায়! তোমাৰ এইদিনত শান্তিজনক কি, সেই বিষয়ে তুমি জনা হ’লে! কিন্তু এতিয়া তোমাৰ চকুৰ পৰা সেইবোৰ লুকুৱা হৈছে। BSB BSB: and said, “If only you had known on this day what would bring you peace! But now it is hidden from your eyes.
43 ULB কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা কাৰণে, যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব, BSB BSB: For the days will come upon you when your enemies will barricade you and surround you and hem you in on every side.
44 ULB সেই কালত তেওঁলোকে তোমাক আৰু তোমাৰ ভিতৰত থকা সন্তান সকলক একেলগে মাটিৰ সমান কৰিব। তোমাৰ এটা শিলৰ ওপৰত এটা শিল থাকিব নিদিব; কাৰণ তোমাৰ তত্ত্বাবধানৰ বাবে ঈশ্বৰ যে তোমাৰ ওচৰলৈ আহিল, সেই কথা তুমি নুবুজিলা৷" BSB BSB: They will level you to the ground—you and the children within your walls. They will not leave one stone on another, because you did not recognize the time of your visitation from God.”
45 ULB পাছত তেওঁ যিৰূচালেম মন্দিৰত সোমাই, তাত থকা বিক্ৰেতা সকলক বাহিৰ কৰিবলৈ ধৰিলে, আৰু BSB BSB: Then Jesus entered the temple courts and began to drive out those who were selling there.
46 ULB সিহঁতক ক’লে, "লিখা আছে, 'মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ হ’ব,' কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।" BSB BSB: He declared to them, “It is written: ‘My house will be a house of prayer.’ But you have made it ‘a den of robbers.’”
47 ULB তেতিয়াৰে পৰা যীচুৱে নিতৌ সেই মন্দিৰত উপদেশ দি আছিল। তাৰ প্ৰধান পুৰোহিত, অধ্যাপক আৰু প্ৰধান লোক সকলে তেওঁক বধ কৰিবলৈ ছল বিচাৰিলে; BSB BSB: Jesus was teaching at the temple every day, but the chief priests, scribes, and leaders of the people were intent on killing Him.
48 ULB কিন্তু সকলো মানুহে তেওঁৰ কথা একান্তমনে শুনি থকাত, তেওঁলোকে কি কৰিব পাৰিব, তাৰ একো নিশ্চয় কৰিব নোৱাৰিলে। BSB BSB: Yet they could not find a way to do so, because all the people hung on His words.