1 ULB পাছত তেওঁ চকু তুলি চাই, ধনী লোক সকলক ভঁৰালত দান সুমুৱাই দিয়া দেখিলে। BSB BSB: Then Jesus looked up and saw the rich putting their gifts into the treasury,
2 ULB কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে। BSB BSB: and He saw a poor widow put in two small copper coins.
3 ULB তাতে তেওঁ ক’লে, "মই তোমালোকক সচাঁকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধবা গৰাকীয়ে অধিক দিলে। BSB BSB: “Truly I tell you,” He said, “this poor widow has put in more than all the others.
4 ULB কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত ধনৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে। BSB BSB: For they all contributed out of their surplus, but she out of her poverty has put in all she had to live on.”
5 ULB পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভুষিত’ বুলি কোৱাত, তেওঁ ক’লে, BSB BSB: As some of the disciples were remarking how the temple was adorned with beautiful stones and consecrated gifts, Jesus said,
7 ULB তেতিয়া তেওঁলোকে তেওঁক সুধিলে, "হে গুৰু, তেন্তে এইবোৰ কেতিয়া হ’ব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?" BSB BSB: “Teacher,” they asked, “when will these things happen? And what will be the sign that they are about to take place?”
8 ULB তাতে যীচুৱে ক’লে, "তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা। কিয়নো অনেকে মোৰ নামেৰে আহি, 'ময়েই সেই জন' আৰু 'কাল ওচৰ', এই বুলি যেতিয়া ক’ব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা। BSB BSB: Jesus answered, “See to it that you are not deceived. For many will come in My name, claiming, ‘I am He,’ and, ‘The time is near.’ Do not follow them.
9 ULB যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্ত্তা শুনা, তেতিয়া ভয়াতুৰ নহ’বা; কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।" BSB BSB: When you hear of wars and rebellions, do not be alarmed. These things must happen first, but the end is not imminent.”
10 ULB তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, "জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; BSB BSB: Then He told them, “Nation will rise against nation, and kingdom against kingdom.
11 ULB আৰু বৰ বৰ ভূমিকম্প হ'ব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ’ব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব। BSB BSB: There will be great earthquakes, famines, and pestilences in various places, along with fearful sights and great signs from heaven.
12 ULB কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব। BSB BSB: But before all this, they will seize you and persecute you. On account of My name they will deliver you to the synagogues and prisons, and they will bring you before kings and governors.
13 ULB সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব। BSB BSB: This will be your opportunity to serve as witnesses.
14 ULB এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা; BSB BSB: So make up your mind not to worry beforehand how to defend yourselves.
15 ULB কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম। BSB BSB: For I will give you speech and wisdom that none of your adversaries will be able to resist or contradict.
16 ULB আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব। BSB BSB: You will be betrayed even by parents and brothers and relatives and friends, and some of you will be put to death.
17 ULB তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা। BSB BSB: And you will be hated by everyone because of My name.
18 ULB কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব। BSB BSB: Yet not even a hair of your head will perish.
19 ULB তোমালোকে নিজ ধৈৰ্য্যেৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা। BSB BSB: By your patient endurance you will gain your souls.
21 ULB তেতিয়া যিহূদিয়াত থকা লোক সকল পৰ্ব্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওঁক। BSB BSB: Then let those who are in Judea flee to the mountains, let those in the city get out, and let those in the country stay out of the city.
22 ULB এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব। BSB BSB: For these are the days of vengeance, to fulfill all that is written.
23 ULB সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব। BSB BSB: How miserable those days will be for pregnant and nursing mothers! For there will be great distress upon the land and wrath against this people.
25 ULB তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিবীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷ BSB BSB: There will be signs in the sun and moon and stars, and on the earth dismay among the nations, bewildered by the roaring of the sea and the surging of the waves.
26 ULB পৃথিবীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ শক্তিবোৰ লৰোৱা হ’ব। BSB BSB: Men will faint from fear and anxiety over what is coming upon the earth, for the powers of the heavens will be shaken.
27 ULB তেতিয়া পৰাক্ৰম আৰু মহা-প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব। BSB BSB: At that time they will see the Son of Man coming in a cloud with power and great glory.
28 ULB কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।" BSB BSB: When these things begin to happen, stand up and lift up your heads, because your redemption is drawing near.”
29 ULB পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, "ডিমৰু আদি সকলো গছ চোৱা; BSB BSB: Then Jesus told them a parable: “Look at the fig tree and all the trees.
30 ULB সেইবোৰ কুহি পাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা। BSB BSB: When they sprout leaves, you can see for yourselves and know that summer is near.
31 ULB সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা। BSB BSB: So also, when you see these things happening, know that the kingdom of God is near.
32 ULB মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব। BSB BSB: Truly I tell you, this generation will not pass away until all these things have happened.
33 ULB স্বৰ্গ আৰু পৃথিবী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব। BSB BSB: Heaven and earth will pass away, but My words will never pass away.
34 ULB কিন্তু জীৱিকাৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেই দিন তোমালোকলৈ যেন অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা। BSB BSB: But watch yourselves, or your hearts will be weighed down by dissipation, drunkenness, and the worries of life—and that day will spring upon you suddenly like a snare.
35 ULB কিয়নো সেই দিন পৃথিবীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব। BSB BSB: For it will come upon all who dwell on the face of all the earth.
36 ULB কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷" BSB BSB: So keep watch at all times, and pray that you may have the strength to escape all that is about to happen and to stand before the Son of Man.”
37 ULB সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্ব্বতত কটাইছিল। BSB BSB: Every day Jesus taught at the temple, but every evening He went out to spend the night on the Mount of Olives.
38 ULB সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল। BSB BSB: And early in the morning all the people would come to hear Him at the temple.