1 ULB এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহু লোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল। BSB BSB: On one occasion, while Jesus was standing by the Lake of Gennesaret with the crowd pressing in on Him to hear the word of God,
2 ULB এনে সময়তে তেওঁ দেখিলে হ্রদৰ দাঁতিত দুখন নাও ৰৈ আছে আৰু মাছমৰীয়া সকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে। BSB BSB: He saw two boats at the edge of the lake. The fishermen had left them and were washing their nets.
3 ULB তাৰে এখন নাৱত যীচু উঠিল আৰু সেই নাও খন চিমোনৰ আছিল। যীচুৱে তেওঁক নাও খন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে ক’লে আৰু তাৰ পাছত তেওঁ নাৱত বহি তাৰ পৰা লোক সকলক শিক্ষা দিব ধৰিলে। BSB BSB: Jesus got into the boat belonging to Simon and asked him to put out a little from shore. And sitting down, He taught the people from the boat.
4 ULB তেওঁৰ কথা শেষ হোৱাত চিমোনক কলে, “এতিয়া দ পানীলৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।” BSB BSB: When Jesus had finished speaking, He said to Simon, “Put out into deep water and let down your nets for a catch.”
5 ULB চিমোনে উত্তৰ দি কলে, “হে নাথ, আমি ওৰে ৰাতি শ্ৰম কৰি একো নাপালোঁ; তথাপিও আপোনাৰ কথাত মই জাল পেলাম।” BSB BSB: “Master,” Simon replied, “we have worked hard all night without catching anything. But because You say so, I will let down the nets.”
6 ULB পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে। BSB BSB: When they had done so, they caught such a large number of fish that their nets began to tear.
7 ULB তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হল। BSB BSB: So they signaled to their partners in the other boat to come and help them, and they came and filled both boats so full that they began to sink.
9 ULB ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গ’ল। BSB BSB: For he and his companions were astonished at the catch of fish they had taken,
10 ULB চিমোনৰ ব্যৱসায়ৰ অংশীদাৰ চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ'ল। তেতিয়া যীচুৱে চিমোনক কলে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।” BSB BSB: and so were his partners James and John, the sons of Zebedee. “Do not be afraid,” Jesus said to Simon. “From now on you will catch men.”
11 ULB পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হল। BSB BSB: And when they had brought their boats ashore, they left everything and followed Him.
12 ULB এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক কলে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।” BSB BSB: While Jesus was in one of the towns, a man came along who was covered with leprosy. When he saw Jesus, he fell facedown and begged Him, “Lord, if You are willing, You can make me clean.”
13 ULB তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই কলে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠ ৰোগ আতৰিল। BSB BSB: Jesus reached out His hand and touched the man. “I am willing,” He said. “Be clean!” And immediately the leprosy left him.
14 ULB যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উৎসর্গ কৰা।” BSB BSB: “Do not tell anyone,” Jesus instructed him. “But go, show yourself to the priest and present the offering Moses prescribed for your cleansing, as a testimony to them.”
15 ULB তথাপিও যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ’ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহু লোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিলে। BSB BSB: But the news about Jesus spread all the more, and great crowds came to hear Him and to be healed of their sicknesses.
16 ULB কিন্তু যীচুৱে প্রায়ে আতৰি গৈ নির্জন ঠাইত প্ৰার্থনা কৰি আছিল। BSB BSB: Yet He frequently withdrew to the wilderness to pray.
17 ULB এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক সকল তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল। BSB BSB: One day Jesus was teaching, and the Pharisees and teachers of the law were sitting there. People had come from Jerusalem and from every village of Galilee and Judea, and the power of the Lord was present for Him to heal the sick.
18 ULB তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে; তেওঁলোকে ৰোগী জনক যীচুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল। BSB BSB: Just then some men came carrying a paralyzed man on a mat. They tried to bring him inside to set him before Jesus,
19 ULB কিন্তু লোক সকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেই কাৰণে তেওঁলোকে ঘৰৰ চালত উঠিল আৰু চালি আতৰাই শয্যাৰ সৈতে ৰোগী জনক লোক সকলৰ মাজত থকা যীচুৰ সন্মুখতে একেবাৰে নমাই দিলে। BSB BSB: but they could not find a way through the crowd. So they went up on the roof and lowered him on his mat through the tiles into the middle of the crowd, right in front of Jesus.
20 ULB তেওঁলোকৰ বিশ্বাস দেখি যীচুৱে কলে, “ভাই, তোমাৰ পাপ ক্ষমা কৰা হ’ল।” BSB BSB: When Jesus saw their faith, He said, “Friend, your sins are forgiven.”
21 ULB তাতে অধ্যাপক আৰু ফৰাচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এইজন কোন হয়? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?" BSB BSB: But the scribes and Pharisees began thinking to themselves, “Who is this man who speaks blasphemy? Who can forgive sins but God alone?”
22 ULB কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে? BSB BSB: Knowing what they were thinking, Jesus replied, “Why are you thinking these things in your hearts?
23 ULB কোনটো কবলৈ সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হল’ নে ‘তুমি উঠি খোজ কাঢ়ি ফুৰা’? BSB BSB: Which is easier: to say, ‘Your sins are forgiven,’ or to say, ‘Get up and walk’?
24 ULB কিন্তু আপোনালোকে যেন জানিব পাৰে যে পৃথিবীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ ক্ষমতা আছে।” সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক কলে, “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।” BSB BSB: But so that you may know that the Son of Man has authority on the earth to forgive sins…” He said to the paralytic, “I tell you, get up, pick up your mat, and go home.”
25 ULB লগে লগে সকলোৰে সন্মুখত মানুহ জন থিয় হ’ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুইছিল, তাক তুলি ঈশ্বৰৰ প্রশংসা কৰি কৰি নিজৰ ঘৰলৈ উলটি গল। BSB BSB: And immediately the man stood up before them, took what he had been lying on, and went home glorifying God.
26 ULB তাতে সকলো লোক আচৰিত হ’ল আৰু ভয়েৰে ঈশ্বৰৰ স্তুতি কৰি কলে, “আজি আমি আশ্চর্যজনক ঘটনা দেখিলোঁ।” BSB BSB: Everyone was taken with amazement and glorified God. They were filled with awe and said, “We have seen remarkable things today.”
27 ULB এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গ’ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ সংগ্রহক বহি থকা দেখি তেওঁক কলে, “মোৰ পাছে পাছে আহা।” BSB BSB: After this, Jesus went out and saw a tax collector named Levi sitting at the tax booth. “Follow Me,” He told him,
28 ULB তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ'ল। BSB BSB: and Levi got up, left everything, and followed Him.
29 ULB তাৰ পাছত লেবীয়ে নিজৰ ঘৰত যীচুৰ কাৰণে এক বৰ ভোজ পাতিলে; তেওঁলোকৰ লগত অনেক কৰ-সংগ্রহক আৰু আন আন কিছুমান লোককো ভোজ মেজত বহিছিল আৰু খাইছিল। BSB BSB: Then Levi hosted a great banquet for Jesus at his house. A large crowd of tax collectors was there, along with others who were eating with them.
30 ULB তেতিয়া ফৰীচী আৰু তেওঁলোকৰ বিধানৰ অধ্যাপক সকলে যীচুৰ শিষ্য সকলৰ ওচৰত অভিযোগ কৰি ক’লে, “তোমালোকে কিয় কৰ-সংগ্রহক আৰু পাপী লোকৰ সৈতে ভোজন-পান কৰা?” BSB BSB: But the Pharisees and their scribes complained to Jesus’ disciples, “Why do you eat and drink with tax collectors and sinners?”
31 ULB তেতিয়া যীচুৱে উত্তৰ দি কলে, “নিৰোগী মানুহৰ বেজত সকাম নাই; কিন্তু ৰোগীৰহে আছে। BSB BSB: Jesus answered, “It is not the healthy who need a doctor, but the sick.
32 ULB মই ধার্মিকক নহয়; কিন্তু মন পালটান কৰিবলৈ পাপীকহে নিমন্ত্ৰন কৰিবলৈ আহিছো।” BSB BSB: I have not come to call the righteous, but sinners, to repentance.”
33 ULB তেওঁলোকে যীচুক কলে, “যোহনৰ শিষ্য সকলে প্রায়ে প্রার্থনা কৰে আৰু লঘোন দিয়ে, ফৰীচী সকলৰ অনুগামী সকলেও সেইদৰে কৰে; কিন্তু আপোনাৰ শিষ্য সকলে সকলো সময়তে ভোজন-পান কৰে। BSB BSB: Then they said to Him, “John’s disciples and those of the Pharisees frequently fast and pray, but Yours keep on eating and drinking.”
34 ULB তেতিয়া যীচুৱে তেওঁলোকক কলে, “দৰা লগত থাকোতে বৰযাত্রী সকলক জানো কোনোৱে উপবাসে ৰাখিব পাৰে? BSB BSB: Jesus replied, “Can you make the guests of the bridegroom fast while He is with them?
35 ULB কিন্তু এনে দিন আহিব, তেতিয়া তেওঁলোকৰ ওচৰৰ পৰা দৰাক লৈ যোৱা হব আৰু সেই দিনবোৰত তেওঁলোকেও লঘোন দিব।” BSB BSB: But the time will come when the bridegroom will be taken from them; then they will fast.”
36 ULB তেতিয়া যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি কলে, “নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি লৈ কোনেও পুৰণি বস্ত্ৰত টাপলি নামাৰে; যদি কোনোবাই সেইদৰে কৰে, তেনেহলে তেওঁ নতুন বস্ত্র খন ফালিব; তাৰ উপৰি নতুন বস্ত্রৰ পৰা লোৱা কাপোৰৰ টুকুৰা ডোখৰ পুৰণি বস্ত্রৰ কাপোৰ খনৰ লগত নিমিলিব। BSB BSB: He also told them a parable: “No one tears a piece of cloth from a new garment and sews it on an old one. If he does, he will tear the new garment as well, and the patch from the new will not match the old.
37 ULB পুৰণি ছালৰ থলিত কোনেও নতুন দ্ৰাক্ষাৰস নথয়; থলে নতুন ৰসে সেই থলি ফালি পেলাব; তাতে ৰসও পৰি যাব আৰু থলিও নষ্ট হয়। BSB BSB: And no one pours new wine into old wineskins. If he does, the new wine will burst the skins, the wine will spill, and the wineskins will be ruined.
38 ULB নতুন দ্ৰাক্ষাৰস নতুন ছালৰ থলিত ৰখা উচিত। BSB BSB: Instead, new wine is poured into new wineskins.
39 ULB পুৰণি দ্রাক্ষাৰস পান কৰাৰ পাছত কোনেও নতুন ৰস পান কৰিবলৈ নিবিচাৰে; কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল’।” BSB BSB: And no one after drinking old wine wants new, for he says, ‘The old is better.’”