1 ULB যীচুৱে কব বিচৰা সকলো কথা মানুহবোৰে শুনিব পৰাকৈ কোৱাৰ পাছত তেওঁ কফৰনাহূম চহৰত সোমাল৷ BSB BSB: When Jesus had concluded His discourse in the hearing of the people, He went to Capernaum.
2 ULB সেই ঠাইত এজন এশৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰোঁ মৰোঁ অৱস্থাত আছিল৷ BSB BSB: There a highly valued servant of a centurion was sick and about to die.
3 ULB কিন্তু সেনাপতিয়ে যেতিয়া যীচুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাস জনক ৰক্ষা কৰিবৰ বাবে যীচুক বিনয় কৰিবলৈ ইহুদী সকলৰ কেইজনমান বৃদ্ধ লোকক পঠিয়াই দিলে৷ BSB BSB: When the centurion heard about Jesus, he sent some Jewish elders to ask Him to come and heal his servant.
4 ULB তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিল আৰু অতিশয় বিনয় কৰি কলে, "যাৰ বাবে আপোনাৰ ওচৰত আহিছো, তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব; তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি৷ BSB BSB: They came to Jesus and pleaded with Him earnestly, “This man is worthy to have You grant this,
6 ULB তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত কবলৈ পঠালে যে, "হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ; BSB BSB: So Jesus went with them. But when He was not far from the house, the centurion sent friends with the message: “Lord, do not trouble Yourself, for I am not worthy to have You come under my roof.
7 ULB সেই কাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছোঁ বুলি নাভাবিলোঁ; কিন্তু মাত্ৰ এষাৰ বাক্য কওঁক, তাতে মোৰ দাস যেন সুস্থ হব। BSB BSB: That is why I did not consider myself worthy to come to You. But just say the word, and my servant will be healed.
8 ULB কিয়নো মই পৰৰ অধিন মানুহ, মোৰ অধিনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহা বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।" BSB BSB: For I myself am a man under authority, with soldiers under me. I tell one to go, and he goes, and another to come, and he comes. I tell my servant to do something, and he does it.”
9 ULB যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক কলে, "মই তোমালোকক কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই।" BSB BSB: When Jesus heard this, He marveled at the centurion. Turning to the crowd following Him, He said, “I tell you, not even in Israel have I found such great faith.”
10 ULB পাছত যি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি আহি, সেই দাসক সুস্থ হোৱা দেখা পালে। BSB BSB: And when the messengers returned to the house, they found the servant in good health.
11 ULB ইয়াৰ কিছুদিনৰ পাছত, যীচু নায়িন নামেৰে এখন নগৰলৈ গৈ আছিল৷ তাতে তেওঁৰ শিষ্য সকল আৰু এজাক মানুহৰ দল এটি তেওঁৰ লগত গৈছিল। BSB BSB: Soon afterward, Jesus went to a town called Nain. His disciples went with Him, accompanied by a large crowd.
12 ULB যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি আছিল৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল। BSB BSB: As He approached the town gate, He saw a dead man being carried out, the only son of his mother, and she was a widow. And a large crowd from the town was with her.
13 ULB তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু কলে, "তুমি নাকান্দিবা।" BSB BSB: When the Lord saw her, He had compassion on her and said, “Do not weep.”
14 ULB পাছত তেওঁ ওচৰলৈ গৈ মৰা লোক জনক কঢ়িয়াই নিয়া চাং খন চুলে; তাতে চাং খন কঢ়িয়াই নিয়া লোক সকল স্থিৰ হৈ পৰিল। তেতিয়া তেওঁ কলে, "হে ডেকা, মই তোমাক ইয়াকে কৈছো, তুমি উঠা।" BSB BSB: Then He went up and touched the coffin, and those carrying it stood still. “Young man,” He said, “I tell you, get up!”
15 ULB তেতিয়াই সেই মৃত লোক জন উঠি বহিল আৰু কথা কবলৈ আৰম্ভ কৰিলে। তেতিয়া যীচুৱে তেওঁক নি, তেওঁৰ মাতৃৰ হাতত তুলি দিলে। BSB BSB: And the dead man sat up and began to speak! Then Jesus gave him back to his mother.
16 ULB ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে কবলৈ ধৰিলে, "আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল, আৰু ঈশ্বৰে তেওঁৰ মানুহবোৰলৈ দৃষ্টি কৰিলে৷" BSB BSB: A sense of awe swept over all of them, and they glorified God. “A great prophet has appeared among us!” they said. “God has visited His people!”
17 ULB পাছত গোটেই যিহুদিয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ’ল। BSB BSB: And the news about Jesus spread throughout Judea and all the surrounding region.
18 ULB পাছত যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সম্বাদ দিলে। BSB BSB: Then John’s disciples informed him about all these things.
19 ULB তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, "আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?" BSB BSB: So John called two of his disciples and sent them to ask the Lord, “Are You the One who was to come, or should we look for someone else?”
20 ULB তেতিয়া সেই লোক দুজন যীচুৰ ওচৰলৈ আহিল আৰু ক’লে,"যোহন বাপ্তাইজকে আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে আৰু শুধিছে যে, "আহিবলগীয়া জন আপুনিয়েই নে? নে আন কোনো এজনৰ বাবে আমি অপেক্ষা কৰি থাকিম?" BSB BSB: When the men came to Jesus, they said, “John the Baptist sent us to ask, ‘Are You the One who was to come, or should we look for someone else?’”
21 ULB সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু পাপ আত্মাৰ পৰা মুক্ত কৰিছিল আৰু অনেক অন্ধই দৃষ্টি পাইছিল। BSB BSB: At that very hour Jesus healed many people of their diseases, afflictions, and evil spirits, and He gave sight to many who were blind.
22 ULB তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, "তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক'বা- অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে, BSB BSB: So He replied, “Go back and report to John what you have seen and heard: The blind receive sight, the lame walk, the lepers are cleansed, the deaf hear, the dead are raised, and the good news is preached to the poor.
23 ULB আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য৷" BSB BSB: Blessed is the one who does not fall away on account of Me.”
24 ULB পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গ'ল, তেতিয়া যীচুৱে লোক সকলৰ আগত যোহনৰ বিষয়ে কবলৈ ধৰিলে, "আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ ওলাই গৈছিল, বতাহে লৰোৱা নল নে? BSB BSB: After John’s messengers had left, Jesus began to speak to the crowds about John: “What did you go out into the wilderness to see? A reed swaying in the wind?
25 ULB তেনেহলে কি চাবলৈ গৈছিল, এজন কোমল কাপোৰ পিন্ধা মানুহ নে? চাওঁক, যি সকলে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখভোগেৰে কাল নিয়ায়, তেওঁলোক ৰাজভৱনতহে থাকে। BSB BSB: Otherwise, what did you go out to see? A man dressed in fine clothes? Look, those who wear elegant clothing and live in luxury are found in palaces.
26 ULB তেন্তে কি চাবলৈ গৈছিল, ভাৱবাদীক নে? হয়, মই আপোনালোকক কওঁ, ভাৱবাদীতকৈয়ো বহু শ্ৰেষ্ঠ জনক। BSB BSB: What then did you go out to see? A prophet? Yes, I tell you, and more than a prophet.
27 ULB এইজনেই সেই লোক, যাৰ বিষয়ে লিখা হৈছিল- 'চোৱা, মই মোৰ দূতক তোমাৰ আগত পঠিয়াইছো, তেওঁ তোমাৰ আগে আগে তোমাৰ বাট যুগুত কৰিব৷" BSB BSB: This is the one about whom it is written: ‘Behold, I will send My messenger ahead of You, who will prepare Your way before You.’
28 ULB মই আপোনালোকক কওঁ, "নাৰীৰ পৰা জন্ম পোৱা কোনো লোকৰ মাজত, যোহনতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈয়ো সৰু জনেই তেওঁতকৈ মহান।" BSB BSB: I tell you, among those born of women there is no one greater than John, yet even the least in the kingdom of God is greater than he.”
29 ULB "সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ'ল আৰু ঈশ্বৰক ন্যায়ৱান বুলি স্বীকাৰ কৰিলে; BSB BSB: All the people who heard this, even the tax collectors, acknowledged God’s justice. For they had received the baptism of John.
30 ULB কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷" BSB BSB: But the Pharisees and experts in the law rejected God’s purpose for themselves, because they had not been baptized by John.
31 ULB "এতেকে এনে ধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম? আৰু তেওঁলোক কাৰ নিচিনা? BSB BSB: “To what, then, can I compare the men of this generation? What are they like?
32 ULB যিবোৰ ল'ৰা বজাৰত বহি থাকি, ইজনে সিজনক মাতি কয়, 'আমি তোমালোকৰ আগত বাঁহী বজালোঁ কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলো কিন্তু তোমালোকে নাকান্দিলা'; তেওঁলোক এই ল'ৰাবোৰৰ নিচিনা। BSB BSB: They are like children sitting in the marketplace and calling out to one another: ‘We played the flute for you, and you did not dance; we sang a dirge, and you did not weep.’
33 ULB কিয়নো যোহন বাপ্তাইজকে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই; তথাপিও আপোনালোকে কয়, "তেওঁ ভূতে পোৱা।" BSB BSB: For John the Baptist came neither eating bread nor drinking wine, and you say, ‘He has a demon!’
34 ULB মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও আপোনালোকে কয়, "চোৱা ই খকুৱা; মদপী, কৰ সংগ্রহকৰী আৰু পাপীবোৰৰ বন্ধু।" BSB BSB: The Son of Man came eating and drinking, and you say, ‘Look at this glutton and drunkard, a friend of tax collectors and sinners!’
35 ULB কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।" BSB BSB: But wisdom is vindicated by all her children.”
36 ULB এদিন ফৰীচী সকলৰ এজন লোকে যীচুক ভোজন কৰিবলৈ তেওঁৰ ঘৰত নিমন্ত্ৰণ কৰিলে৷ গতিকে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল। BSB BSB: Then one of the Pharisees invited Jesus to eat with him, and He entered the Pharisee’s house and reclined at the table.
37 ULB সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে; BSB BSB: When a sinful woman from that town learned that Jesus was dining there, she brought an alabaster jar of perfume.
38 ULB তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল ঘঁহিলে। BSB BSB: As she stood behind Him at His feet weeping, she began to wet His feet with her tears and wipe them with her hair. Then she kissed His feet and anointed them with the perfume.
39 ULB তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে কলে, "এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন।" BSB BSB: When the Pharisee who had invited Jesus saw this, he said to himself, “If this man were a prophet, He would know who this is and what kind of woman is touching Him—for she is a sinner!”
40 ULB তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, "হে চিমোন, তোমাক মোৰ কিছু কথা কবলৈ আছে।" তাতে তেওঁ কলে, "হে গুৰু, কওঁক।" BSB BSB: But Jesus answered him, “Simon, I have something to tell you.” “Tell me, Teacher,” he said.
41 ULB যীচুৱে কলে "এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ আধলি, এজনৰ পঞ্চাশ আধলি ৰূপ ধাৰ আছিল; BSB BSB: “Two men were debtors to a certain moneylender. One owed him five hundred denarii, and the other fifty.
42 ULB পাছত ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে৷ তাৰপাছত তেওঁলোকৰ মাজত কোন জনে তেওঁক অধিক প্ৰেম কৰিব?" BSB BSB: When they were unable to repay him, he forgave both of them. Which one, then, will love him more?”
43 ULB তেতিয়া চিমোনে উত্তৰ দি ক’লে, "বোধ কৰো, যি জনক অধিক ক্ষমা কৰিলে, তেৱেঁই।" তেওঁ তেওঁক কলে, "তুমি সচাকৈ শুদ্ধৰূপে বিবেচনা কৰিলা।" BSB BSB: “I suppose the one who was forgiven more,” Simon replied. “You have judged correctly,” Jesus said.
44 ULB তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক’লে, "এই তিৰোতাক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলো, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে। BSB BSB: And turning toward the woman, He said to Simon, “Do you see this woman? When I entered your house, you did not give Me water for My feet, but she wet My feet with her tears and wiped them with her hair.
45 ULB তুমি মোক চুমা নাখালা; কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে। BSB BSB: You did not greet Me with a kiss, but she has not stopped kissing My feet since I arrived.
46 ULB তুমি মোৰ মূৰত তেল নাসানিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল সানিলে; BSB BSB: You did not anoint My head with oil, but she has anointed My feet with perfume.
47 ULB এই হেতুকে মই তোমাক কওঁ, তেওঁৰ পাপ বহুত হোৱাতো ক্ষমা কৰা হ’ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে; কিন্তু যি জনৰ অলপ ক্ষমা হয়, তেওঁক অলপ প্ৰেম কৰে।" BSB BSB: Therefore I tell you, her many sins have been forgiven, for she has loved much. But he who has been forgiven little loves little.”
48 ULB পাছত তেওঁ সেই তিৰোতাক ক’লে, "তোমাৰ পাপ ক্ষমা হ’ল।" BSB BSB: Then Jesus said to her, “Your sins are forgiven.”
49 ULB তেতিয়া তেওঁৰ সৈতে ভোজনত বহি থকা সকলে নিজৰ নিজৰ মাজত কবলৈ ধৰিলে, "পাপ ক্ষমা কৰিব পৰা এওঁ নো কোন?" BSB BSB: But those at the table began to say to themselves, “Who is this who even forgives sins?”
50 ULB কিন্তু যীচুৱে সেই তিৰোতাক কলে, "তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।" BSB BSB: And Jesus told the woman, “Your faith has saved you; go in peace.”