1 ULB বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।” BSB BSB: “Behold, I will send My messenger, who will prepare the way before Me. Then the Lord whom you seek will suddenly come to His temple—the Messenger of the covenant, in whom you delight—see, He is coming,” says the LORD of Hosts. 2 ULB কিন্তু তেওঁৰ আগমনৰ দিন কোনে সহিব পাৰিব? তেওঁ উপস্থিত হ’লে কোনে থিয় হৈ থিৰেৰে থাকিব পাৰিব? কিয়নো তেওঁ শোধন কৰা একুৰা জুইৰ তুল্য আৰু ধোবাৰ চাবোনৰ তুল্য। BSB BSB: But who can endure the day of His coming? And who can stand when He appears? For He will be like a refiner’s fire, like a launderer’s soap.
3 ULB তেওঁ ৰূপ পৰিস্কাৰ আৰু বিশুদ্ধ কৰা লোকৰ দৰে বিচাৰ কৰিবলৈ বহিব। তেওঁ লেবীৰ সন্তানসকলক শুচি কৰিব; সোন আৰু ৰূপৰ দৰে তেওঁলোকক বিশুদ্ধ কৰিব। পাছত তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে ধাৰ্ম্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব। BSB BSB: And He will sit as a refiner and purifier of silver; He will purify the sons of Levi and refine them like gold and silver. Then they will present offerings to the LORD in righteousness.
4 ULB তেতিয়া যেনেকৈ পূর্বৰ দিনবোৰত আৰু আদিকালৰ বছৰবোৰত হৈছিল, তেনেকৈ যিহূদা আৰু যিৰূচালেমৰ লোকসকলৰ উৎসর্গৰ নৈবেদ্যই যিহোৱাক সন্তুষ্ট কৰিব। BSB BSB: Then the offerings of Judah and Jerusalem will please the LORD, as in days of old and years gone by.
5 ULB বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।” BSB BSB: “Then I will draw near to you for judgment. And I will be a swift witness against sorcerers and adulterers and perjurers, against oppressors of the widowed and fatherless, and against those who defraud laborers of their wages and deny justice to the foreigner but do not fear Me,” says the LORD of Hosts.
6 ULB “কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই। BSB BSB: “Because I, the LORD, do not change, you descendants of Jacob have not been destroyed.
7 ULB তোমালোকৰ পূর্ব-পুৰুষসকলৰ দিনৰে পৰা তোমালোকে মোৰ বিধিবোৰ ত্যাগ কৰি আহিছা, সেইবোৰ পালন কৰা নাই। মোৰ ওচৰলৈ ঘূৰি আঁহা আৰু ময়ো তোমালোকৰ কাষলৈ ঘূৰি আহিম; কিন্তু তোমালোকে কৈছে, আমি কেনেকৈ ঘূৰি আহিম? BSB BSB: Yet from the days of your fathers, you have turned away from My statutes and have not kept them. Return to Me, and I will return to you,” says the LORD of Hosts. “But you ask, ‘How can we return?’
8 ULB মানুহে ঈশ্বৰক ঠগাব নেকি? কিন্তু তোমালোকেতো মোক ঠগাইছা। তথাপিও তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাক ঠগাইছো?’ আয়ৰ দশম ভাগত আৰু দানৰ বিষয়ত তোমালোকে মোক ঠগাইছা। BSB BSB: Will a man rob God? Yet you are robbing Me! But you ask, ‘How do we rob You?’ In tithes and offerings.
9 ULB তোমালোক এক অভিশাপত অভিশপ্ত; কিয়নো তোমালোকে মোকেই ঠগাইছা, এনে কি গোটেই জাতিয়েই ঠগাইছে। BSB BSB: You are cursed with a curse, yet you—the whole nation—are still robbing Me.
10 ULB তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীগণৰ যিহোৱাই এই কথা কৈছে। BSB BSB: Bring the full tithe into the storehouse, so that there may be food in My house. Test Me in this,” says the LORD of Hosts. “See if I will not open the windows of heaven and pour out for you blessing without measure.
11 ULB “মই তোমালোকৰ নিমিত্তে গ্ৰাসকাৰী পোকক ধমকি দিম যাতে সেইবোৰে তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব; তোমালোকৰ বাৰীৰ দ্ৰাক্ষালতাৰ ফল সময়ৰ আগেয়ে সৰি নপৰিব।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। BSB BSB: I will rebuke the devourer for you, so that it will not destroy the fruits of your land, and the vine in your field will not fail to produce fruit,” says the LORD of Hosts.
12 ULB “সকলো জাতিয়ে তোমালোকক ধন্য বুলিব; কিয়নো, তোমালোক আনন্দপূর্ণ দেশৰ লোক হ’বা।” বাহিনীগণৰ যিহোৱাই এই কথা কৈছে। BSB BSB: “Then all the nations will call you blessed, for you will be a land of delight,” says the LORD of Hosts.
13 ULB যিহোৱাই পুণৰ কৈছে, “তোমালোকে মোৰ অহিতে টান টান কথা কৈছা।” কিন্তু তোমালোকে কৈছা, ‘আমি আপোনাৰ অহিতে কি কলোঁ?’ BSB BSB: “Your words against Me have been harsh,” says the LORD. “Yet you ask, ‘What have we spoken against You?’
14 ULB তোমালোকে ক’লা, ‘ঈশ্বৰৰ ভজনা কৰা অনর্থক। তেওঁৰ আজ্ঞা পালন কৰা বা শোক প্রকাশ কৰি বাহিনীগণৰ যিহোৱাৰ সাক্ষাতে চলা-ফুৰা কৰাৰ দ্বাৰাই আমাৰ কি লাভ হ’ল? BSB BSB: You have said, ‘It is futile to serve God. What have we gained by keeping His requirements and walking mournfully before the LORD of Hosts?
15 ULB আমি এতিয়া গৰ্ব্বী লোকসকলক ধন্য বোলোঁ; হয়, দুষ্টাচাৰীসকল প্রতিষ্ঠিত হৈছে আৰু তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিও ৰক্ষা পাইছে।” BSB BSB: So now we call the arrogant blessed. Not only do evildoers prosper, they even test God and escape.’”
16 ULB তেতিয়া যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোকে এজনে আনজনৰ সৈতে আলাপ কৰিলে আৰু যিহোৱাই তাক মনোযোগেৰে শুনিলে; যিহোৱালৈ ভয় ৰাখোঁতা আৰু তেওঁৰ নামক সন্মান কৰোঁতাসকলৰ কাৰণে তেওঁলোকৰ সন্মুখত এখন স্মৰণাৰ্থক পুথি লিখা হ’ল। BSB BSB: At that time those who feared the LORD spoke with one another, and the LORD listened and heard them. So a scroll of remembrance was written before Him regarding those who feared the LORD and honored His name.
17 ULB বাহিনীগণৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য্য কৰাৰ দিনা, তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম। BSB BSB: “They will be Mine,” says the LORD of Hosts, “on the day when I prepare My treasured possession. And I will spare them as a man spares his own son who serves him.
18 ULB তেতিয়া পুণৰায় তোমালোক ঘূৰি আহিবা; ধাৰ্ম্মিক আৰু দুষ্টৰ মাজত, অর্থাৎ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।” BSB BSB: So you will again distinguish between the righteous and the wicked, between those who serve God and those who do not.”