2 ULB তেওঁলোকে তেওঁৰ কেইজনমান শিষ্যক অশুচি অৰ্থাৎ হাত নুধুৱাকৈ ভোজন কৰা দেখিছিল। BSB BSB: and they saw some of His disciples eating with hands that were defiled—that is, unwashed.
3 ULB কিয়নো ফৰীচী আৰু আন ইহুদী সকলে হাত ভালকৈ নুধুলে ভোজন নকৰে; এই নিয়মক তেওঁলোকে বৃদ্ধ সকলৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ নিচিনাকৈ মানি চলে। BSB BSB: Now in holding to the tradition of the elders, the Pharisees and all the Jews do not eat until they wash their hands ceremonially.
4 ULB আৰু বজাৰৰ পৰা আহি গা নোধোৱা পৰ্যন্ত তেওঁলোকে ভোজন নকৰে৷ ইয়াৰ উপৰিও তেওঁলোকে মানি চলিবলৈ গ্রহণ কৰা বহু ৰীতি আছে অৰ্থাৎ তেওঁলোকে ব্যৱহাৰ কৰা বাটি, লোটা, পিতলৰ পাত্ৰ আদিৰ লগতে ভোজন-শয়ন কৰা ঠাইবোৰ পানীৰে ধুই লোৱা নিয়মবোৰো কঠোৰ ভাবে পালন কৰে। BSB BSB: And on returning from the market, they do not eat unless they wash. And there are many other traditions for them to observe, including the washing of cups, pitchers, kettles, and couches for dining.
5 ULB তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে তেওঁক সুধিলে, "আপোনাৰ শিষ্য সকলে বৃদ্ধ সকলৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ দৰে আচৰণ নকৰি, অশুচি হাতেৰে কিয় ভোজন কৰে?" BSB BSB: So the Pharisees and scribes questioned Jesus: “Why do Your disciples not walk according to the tradition of the elders? Instead, they eat with defiled hands.”
6 ULB তেতিয়া তেওঁ ক’লে, "আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল- 'এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ মোৰ পৰা দুৰৈত থাকে। BSB BSB: Jesus answered them, “Isaiah prophesied correctly about you hypocrites, as it is written: ‘These people honor Me with their lips, but their hearts are far from Me.
7 ULB তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে, আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকায়৷' BSB BSB: They worship Me in vain; they teach as doctrine the precepts of men.’
8 ULB "আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধি মানিছে।" BSB BSB: You have disregarded the commandment of God to keep the tradition of men.”
10 ULB কিয়নো মোচিয়ে ক’লে, 'তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা' আৰু 'যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কু-বচন বোলে, তেওঁ নিশ্চয়ে মৰক।' BSB BSB: For Moses said, ‘Honor your father and your mother’ and ‘Anyone who curses his father or mother must be put to death.’
11 ULB কিন্তু আপোনালোকে কয়- 'যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, "মোৰ যি যি বস্তু আপোনালোকৰ সহায় হব পাৰে, সেইবোৰ কৰ্ব্বান কৰা হৈছে; BSB BSB: But you say that if a man says to his father or mother, ‘Whatever you would have received from me is Corban’ (that is, a gift devoted to God),
12 ULB তেন্তে তেওঁ পিতৃ বা মাতৃক পুনৰ সন্মান কৰাৰ প্রয়োজন নাই; BSB BSB: he is no longer permitted to do anything for his father or mother.
13 ULB এইদৰে আপোনালোকে পুৰুষে পুৰুষে প্রচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে। ইয়াৰ উপৰিও এনে ধৰণৰ বহু কাম আপোনালোকে কৰে।" BSB BSB: Thus you nullify the word of God by the tradition you have handed down. And you do so in many such matters.”
15 ULB বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলাই, সেইবোৰেহে মানুহক অশুচি কৰে।* BSB BSB: Nothing that enters a man from the outside can defile him; but the things that come out of a man, these are what defile him.”
16 ULB কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক। BSB BSB: Not in the BSB
17 ULB পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে। BSB BSB: After Jesus had left the crowd and gone into the house, His disciples inquired about the parable.
19 ULB কিয়নো সেইবোৰ বস্তু চিত্তত সোমাই নাযায়, সেইবোৰ পেটত সোমাই শৌচৰ দ্বাৰা বাহিৰ হৈ যায়; এই কথাষাৰো তোমালোকে বুজা নাই নে?” এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি ক’লে। BSB BSB: because it does not enter his heart, but it goes into the stomach and then is eliminated.” (Thus all foods are clean.)
20 ULB তেওঁ পুনৰ ক’লে, "মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অশুচি কৰে। BSB BSB: He continued: “What comes out of a man, that is what defiles him.
21 ULB কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ চিত্তৰ পৰা কু-চিন্তা, ব্যভিচাৰ, চুৰ, নৰবধ, BSB BSB: For from within the hearts of men come evil thoughts, sexual immorality, theft, murder, adultery,
22 ULB পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়। BSB BSB: greed, wickedness, deceit, debauchery, envy, slander, arrogance, and foolishness.
23 ULB এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।" BSB BSB: All these evils come from within, and these are what defile a man.”
24 ULB পাছত তেওঁ তাৰ পৰা উঠি, তুৰ আৰু চীদোনৰ সীমালৈ আতৰি গ’ল। তাতে এটা ঘৰত সোমাই, কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে। BSB BSB: Jesus left that place and went to the region of Tyre. Not wanting anyone to know He was there, He entered a house, but was unable to escape their notice.
25 ULB যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল। BSB BSB: Instead, a woman whose little daughter had an unclean spirit soon heard about Jesus, and she came and fell at His feet.
26 ULB সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভুত খেদাবলৈ তাই তেওঁক মিনতি কৰিলে। BSB BSB: Now she was a Greek woman of Syrophoenician origin, and she kept asking Jesus to drive the demon out of her daughter.
28 ULB কিন্তু তাই উত্তৰ দি তেওঁক ক’লে, "হয় প্ৰভু, মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়।" BSB BSB: “Yes, Lord,” she replied, “even the dogs under the table eat the children’s crumbs.”
30 ULB পাছে, তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে, ছোৱালী জনী শয্যাত শুই আছে আৰু ভুত ওলাই গুচি গ’ল। BSB BSB: And she went home and found her child lying on the bed, and the demon was gone.
31 ULB আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই, চীদোন হৈ দিকাপলিৰ সীমাৰ মাজেদি গালীল সাগৰলৈ আহিল। BSB BSB: Then Jesus left the region of Tyre and went through Sidon to the Sea of Galilee and into the region of the Decapolis.
32 ULB তেতিয়া মানুহবোৰে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহ জনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে। BSB BSB: Some people brought to Him a man who was deaf and hardly able to speak, and they begged Jesus to place His hand on him.
33 ULB তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি; BSB BSB: So Jesus took him aside privately, away from the crowd, and put His fingers into the man’s ears. Then He spit and touched the man’s tongue.
34 ULB থুইৰে জিভা চুই স্বর্গলৈ চাই হুমুনিয়াহ কাঢ়ি ক’লে-“ইফফাথা” অর্থাৎ “মুকলি হওঁক”। BSB BSB: And looking up to heaven, He sighed deeply and said to him, “Ephphatha!” (which means, “Be opened!”).
35 ULB তেতিয়া তেওঁৰ কাণ মুকলি হ’ল; আৰু জিভাৰো বান্ধ আতৰিল, তেওঁ পোন হৈ কথা ক’বলৈ ধৰিলে। BSB BSB: Immediately the man’s ears were opened and his tongue was released, and he began to speak plainly.
36 ULB পাছত এই কথা কাকো নক’বলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে; BSB BSB: Jesus ordered them not to tell anyone. But the more He ordered them, the more widely they proclaimed it.
37 ULB আৰু তেওঁলোকে অতিশয় বিস্ময় মানি ক’লে, "তেওঁ সকলোবোৰ ভালদৰেই কৰিলে; তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক’বলৈ শক্তি দিয়ে।" BSB BSB: The people were utterly astonished and said, “He has done all things well! He makes even the deaf hear and the mute speak!”