1 ULB ছদিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গ'ল। BSB BSB: After six days Jesus took with Him Peter, James, and John the brother of James, and led them up a high mountain by themselves.
2 ULB যীচুৱে তেওঁলোকৰ সন্মুখত অন্য ৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ'ল। BSB BSB: There He was transfigured before them. His face shone like the sun, and His clothes became as white as the light.
4 ULB তাতে পিতৰে মাত লগাই যীচুক ক’লে," প্ৰভু, ভালেই হৈছে যে, আমি ইয়াত আছো৷ আপোনাৰ ইচ্ছা হ’লে, মই ইয়াত তিনিটা পজাঁ সাজিম- এটা আপোনাৰ, এটা মোচিৰ আৰু এটা এলিয়াৰ কাৰণে। BSB BSB: Peter said to Jesus, “Lord, it is good for us to be here. If You wish, I will put up three shelters—one for You, one for Moses, and one for Elijah.”
5 ULB তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে৷ সেই মেঘৰ পৰা এই বাণী শুনা গ'ল, "এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।" BSB BSB: While Peter was still speaking, a bright cloud enveloped them, and a voice from the cloud said, “This is My beloved Son, in whom I am well pleased. Listen to Him!”
6 ULB এই কথা শুনি শিষ্য সকলে অতিশয় ভয় পাই মাটিত উবুৰি খাই পৰিল। BSB BSB: When the disciples heard this, they fell facedown in terror.
7 ULB তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক র্স্পশ কৰি ক’লে, "উঠা, ভয় নকৰিবা।" BSB BSB: Then Jesus came over and touched them. “Get up,” He said. “Do not be afraid.”
8 ULB তাৰ পাছত তেওঁলোকে চকু তুলি চাই যীচুৰ বাহিৰে আন কাকো দেখা নাপালে। BSB BSB: And when they looked up, they saw no one except Jesus.
10 ULB তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, "তেন্তে এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?" BSB BSB: The disciples asked Him, “Why then do the scribes say that Elijah must come first?”
11 ULB তেওঁ উত্তৰ দি ক’লে, "এলিয়া অৱশ্যেই আহিব আৰু তেওঁ সকলো পুনঃস্থাপন কৰিব৷ BSB BSB: Jesus replied, “Elijah does indeed come, and he will restore all things.
12 ULB কিন্তু মই তোমালোকক কওঁ, এলিয়া ইতিমধ্যেই আহি গ'ল আৰু লোক সকলে তেওঁক চিনি নাপালে; লোক সকলে তেওঁৰ প্ৰতি যি ইচ্ছা তাকে কৰিলে। এইদৰে মানুহৰ পুত্ৰয়ো তেওঁলোকৰ হাতত দুখ-ভোগ কৰিব লাগিব।" BSB BSB: But I tell you that Elijah has already come, and they did not recognize him, but have done to him whatever they wished. In the same way, the Son of Man will suffer at their hands.”
13 ULB তেতিয়া শিষ্যনসকলে বুজি পালে যে, তেওঁ তেওঁলোকক বাপ্তিস্ম দিয়া যোহন ৰ বিষয়ে কৈছে। BSB BSB: Then the disciples understood that He was speaking to them about John the Baptist.
14 ULB যীচু আৰু তেওঁৰ শিষ্য সকল যেতিয়া লোক সকলৰ ওচৰলৈ ঘূৰি আহিল, তেতিয়া এজন মানুহ যীচুৰ ওচৰলৈ আহিল আৰু তেওঁৰ আগত আঁঠু কাঢ়ি ক’লে, BSB BSB: When they came to the crowd, a man came up to Jesus and knelt before Him.
15 ULB "হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক৷ সি মৃগী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে৷ সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়৷ BSB BSB: “Lord, have mercy on my son,” he said. “He has seizures and is suffering terribly. He often falls into the fire or into the water.
16 ULB মই আপোনাৰ শিষ্য সকলৰ ওচৰলৈ আনিছিলো, কিন্তু তেওঁলোকে তেওঁক সুস্থ কৰিব নোৱাৰিলে।" BSB BSB: I brought him to Your disciples, but they could not heal him.”
17 ULB তেতিয়া যীচুৱে উত্তৰ দি ক’লে, "তোমালোক অবিশ্বাসী আৰু অপথে যোৱা বংশ; আৰু কিমান কাল মই তোমালোকৰ লগে লগে থাকিম? কিমান দিন নো মই তোমালোকক সহিম? লৰাটিক মোৰ ওচৰলৈ আনা।" BSB BSB: “O unbelieving and perverse generation!” Jesus replied. “How long must I remain with you? How long must I put up with you? Bring the boy here to Me.”
18 ULB তেতিয়া যীচুৱে সেই দুষ্ট আত্মাক ধমক দিয়াত সি লৰাটোৰ পৰা ওলাই গ’ল আৰু সেই মুহুৰ্ত্তৰে পৰা ল’ৰাটো সুস্থ হ’ল। BSB BSB: Then Jesus rebuked the demon, and it came out of the boy, and he was healed from that moment.
19 ULB তাৰ পাছত শিষ্য সকলে নিৰলে যীচুৰ ওচৰলৈ আহি সুধিলে, "আমি নো তাক কিয় খেদাব নোৱাৰিলো?" BSB BSB: Afterward the disciples came to Jesus privately and asked, “Why couldn’t we drive it out?”
20 ULB যীচুৱে তেওঁলোকক ক’লে, "তোমালোকৰ অল্প-বিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেন্তে এই পৰ্ব্বতটোক যদি তোমালোকে কোৱা 'ইয়াৰ পৰা তালৈ যা' তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব। BSB BSB: “Because you have so little faith,” He answered. “For truly I tell you, if you have faith the size of a mustard seed, you can say to this mountain, ‘Move from here to there,’ and it will move. Nothing will be impossible for you.”
21 ULB প্ৰাৰ্থনা আৰু লঘোনৰ বিনে এই ধৰণৰ দুষ্ট আত্মা কোনোমতে বাহিৰ নহয়। BSB BSB: Not in the BSB
22 ULB পাছত যীচু আৰু তেওঁৰ শিষ্য সকল গালীল প্ৰদেশত থাকোতে যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, "মানুহৰ পুত্ৰক লোক সকলৰ হাতত শোধাই দিয়া হব৷ BSB BSB: When they gathered together in Galilee, Jesus told them, “The Son of Man is about to be delivered into the hands of men.
23 ULB লোক সকলে তেওঁক বধ কৰিব আৰু তিন দিনৰ দিনা তেওঁ পুনৰাই জীয়াই উঠিব৷" এই কথা শুনি শিষ্য সকল অতি দুঃখিত হল৷ BSB BSB: They will kill Him, and on the third day He will be raised to life.” And the disciples were deeply grieved.
24 ULB যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ'ল৷ যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি কলে, "তোমালোকৰ গুৰুৱে আধলিটো নিদিয়ে নে?" BSB BSB: After they had arrived in Capernaum, the collectors of the two-drachma tax came to Peter and asked, “Does your Teacher pay the two drachmas?”
25 ULB তেওঁ ক'লে "দিয়ে৷" ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক কলে, "চিমোন, তোমাৰ মনত কি ভাৱ হয়? পৃথিবীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?" BSB BSB: “Yes,” he answered. When Peter entered the house, Jesus preempted him. “What do you think, Simon?” He asked. “From whom do the kings of the earth collect customs and taxes: from their own sons, or from others?”
26 ULB পিতৰে ক'লে "বিদেশী সকলৰ পৰা," যীচুৱে তেওঁক ক’লে, "তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত। BSB BSB: “From others,” Peter answered. “Then the sons are exempt,” Jesus said to him.
27 ULB তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপ পাবা; সেইটো আনি মোৰ আৰু তোমাৰ কাৰণে তেওঁলোকক কৰ দিয়াগৈ।" BSB BSB: “But so that we may not offend them, go to the sea, cast a hook, and take the first fish you catch. When you open its mouth, you will find a four-drachma coin. Take it and give it to them for My tax and yours.”