1 ULB পাছত ৰাতি পুৱালত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকলে যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে; BSB BSB: When morning came, all the chief priests and elders of the people conspired against Jesus to put Him to death.
4 ULB কিন্তু তেওঁলোকে ক’লে, 'তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা'। BSB BSB: “I have sinned by betraying innocent blood,” he said. “What is that to us?” they replied. “You bear the responsibility.”
6 ULB পাছত প্ৰধান পুৰোহিত সকলে সেই ৰূপ লৈ ক’লে, "এই ৰূপ তেজৰ মুল্য হোৱা হেতুকে ভৰালত থব নাপায়"। BSB BSB: The chief priests picked up the pieces of silver and said, “It is unlawful to put this into the treasury, since it is blood money.”
7 ULB তাতে তেওঁলোক একত্ৰিত হৈ পৰামৰ্শ কৰিলে আৰু বিদেশী সকলক মৈদাম দিবলৈ সেই ৰূপেৰে কুমাৰৰ পথাৰ কিনিলে। BSB BSB: After conferring together, they used the money to buy the potter’s field as a burial place for foreigners.
8 ULB এই কাৰণে আজিলৈকে সেই পথাৰ 'তেজৰ মাটি' বুলি জনাজাত। BSB BSB: That is why it has been called the Field of Blood to this day.
9 ULB তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে "ইস্ৰায়েলৰ সন্তানৰ কোনো কোনোৱে যি জনৰ মুল্য নিৰূপণ কৰিলে, সেই মুল্য নিৰূপণ কৰা জনৰ ডেৰকুৰি ৰূপ সিহঁতে ললে, BSB BSB: Then what was spoken through Jeremiah the prophet was fulfilled: “They took the thirty pieces of silver, the price set on Him by the people of Israel,
10 ULB অাৰু প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ কাৰণে দিলে", এই বচন সিদ্ধ হ’ল। BSB BSB: and they gave them for the potter’s field, as the Lord had commanded me.”
11 ULB পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, "তুমি ইহুদী সকলৰ ৰজা নে"? যীচুৱে তেওঁক ক’লে, "ঠিক তুমিয়েই কৈছা"। BSB BSB: Meanwhile Jesus stood before the governor, who questioned Him: “Are You the King of the Jews?” “You have said so,” Jesus replied.
12 ULB কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে। BSB BSB: And when He was accused by the chief priests and elders, He gave no answer.
13 ULB তেতিয়া পীলাতে তেওঁক ক’লে, ''এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে''? BSB BSB: Then Pilate asked Him, “Do You not hear how many charges they are bringing against You?”
14 ULB কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে। BSB BSB: But Jesus gave no answer, not even to a single charge, much to the governor’s amazement.
15 ULB সেই পৰ্ব্বৰ সময়ত লোক সকলে যি বন্দীক মুকলি কৰি দিয়াটো ইচ্ছা কৰে, দেশাধিপতিয়ে তেওঁকে তেওঁলোকলৈ মুকলি কৰি দিয়ে, তেওঁৰ এনে দস্তুৰ আছিল। BSB BSB: Now it was the governor’s custom at the feast to release to the crowd a prisoner of their choosing.
16 ULB সেই সময়ত বাৰাব্বা নামেৰে এজন কুখ্যাত কাৰাবন্দী আছিল। BSB BSB: At that time they were holding a notorious prisoner named Barabbas.
17 ULB তাতে তেওঁলোক গোট খোৱাত, পীলাতে তেওঁলোকক সুধিলে, "মই তোমালোকলৈ কোন জনক মুকলি কৰাটো তোমালোকে ইচ্ছা কৰা, বাৰাব্বাক নে খ্ৰীষ্ট বোলা যীচুক"? BSB BSB: So when the crowd had assembled, Pilate asked them, “Which one do you want me to release to you: Barabbas, or Jesus who is called Christ?”
18 ULB কিয়নো তেওঁলোকে যে অসুয়া কৰি যীচুক শোধাই দিছিল, সেই কথা তেওঁ জানিছিল। BSB BSB: For he knew it was out of envy that they had handed Jesus over to him.
19 ULB পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্য্যাই তেওঁলৈ কৈ পঠালে, বোলে, "সেই ধাৰ্ম্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালো।" BSB BSB: While Pilate was sitting on the judgment seat, his wife sent him this message: “Have nothing to do with that innocent man, for I have suffered terribly in a dream today because of Him.”
20 ULB কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে বাৰাব্বাক মুকলি কৰি দিবলৈ আৰু যীচুক বিনষ্ট কৰাবলৈ লোক সকলক উচটালে। BSB BSB: But the chief priests and elders persuaded the crowds to ask for Barabbas and to have Jesus put to death.
21 ULB তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁলোকক ক’লে, "এই দুই জনৰ মাজত মই কোন জনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা"? তেওঁলোকে ক’লে, "বাৰাব্বাক''। BSB BSB: “Which of the two do you want me to release to you?” asked the governor. “Barabbas,” they replied.
22 ULB পীলাতে তেওঁলোকক ক’লে, ''তেনেহ’লে খ্ৰীষ্ট বোলা যীচুক মই কি কৰিম?" সকলোৱে ক’লে, ''তাক ক্ৰুচত দিয়ক।" BSB BSB: “What then should I do with Jesus who is called Christ?” Pilate asked. They all answered, “Crucify Him!”
23 ULB তাতে তেওঁ ক’লে, ''কিয়? তেওঁ কি দোষ কৰিলে''? কিন্তু তেওঁলোকে বৰকৈ আটাহ পাৰি ক’লে, ''তাক ক্ৰুচত দিয়ক''। BSB BSB: “Why?” asked Pilate. “What evil has He done?” But they shouted all the louder, “Crucify Him!”
24 ULB তেতিয়া পীলাতে দেখিলে যে তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংৰ্ঘষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে, ইয়াকে দেখি পীলাতে লোক সকলৰ আগত পানী লৈ হাত ধুই ক’লে, ''এই ধাৰ্ম্মিক জনৰ ৰক্তপাতত মই নিৰ্দ্দোষী; এওঁক তোমালোকেই চাবা''। BSB BSB: When Pilate saw that he was accomplishing nothing, but that instead a riot was breaking out, he took water and washed his hands before the crowd. “I am innocent of this man’s blood,” he said. “You bear the responsibility.”
26 ULB তেতিয়া তেওঁ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীচুক চাবুকেৰে কোবাই ক্ৰুচত দিবলৈ শোধাই দিলে। BSB BSB: So Pilate released Barabbas to them. But he had Jesus flogged, and handed Him over to be crucified.
27 ULB তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিট’ৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে; BSB BSB: Then the governor’s soldiers took Jesus into the Praetorium and gathered the whole company around Him.
28 ULB আৰু তেওঁৰ গাৰ কাপোৰ গুচাই, উজ্বল বৰণৰ ৰাজবস্ত্ৰ পিন্ধাই দিলে৷ BSB BSB: They stripped Him and put a scarlet robe on Him.
29 ULB কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মুৰত দিলে আৰু সোঁ হাতত এডাল নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ললে আৰু তেওঁক বিদ্ৰূপ কৰি কলে- "হে, ইহুদী সকলৰ ৰজা, জয় হওক!" BSB BSB: And they twisted together a crown of thorns and set it on His head. They put a staff in His right hand, knelt down before Him, and mocked Him, saying, “Hail, King of the Jews!”
30 ULB তাতে তেওঁলোকে যীচুৰ গাত থুই পেলালে আৰু দণ্ড ডাল লৈ মুৰত কোবালে। BSB BSB: Then they spit on Him and took the staff and struck Him on the head repeatedly.
31 ULB এইদৰে তেওঁক বিদ্ৰূপ কৰি তেওঁৰ পৰা ৰাজবস্ত্ৰ খুলি পেলালে আৰু তেওঁক নিজৰ কাপোৰ পিন্ধাই ক্ৰুচত দিবলৈ লৈ গ’ল। BSB BSB: After they had mocked Him, they removed the robe and put His own clothes back on Him. Then they led Him away to crucify Him.
32 ULB পাছত তেওঁলোক ওলাই যাওঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক বিচাৰি পালে, তেওঁলোকে তেওঁক যীচুৰ ক্ৰুচ বৈ নিবলৈ ধৰি নিলে। BSB BSB: Along the way they found a man from Cyrene, named Simon, and they forced him to carry the cross of Jesus.
33 ULB তেওঁলোকে তেতিয়া গলগথা, অৰ্থাৎ "মুৰৰ লাওখোলা" নামেৰে এখন ঠাই পালে. BSB BSB: And when they came to a place called Golgotha, which means The Place of the Skull,
34 ULB তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে; কিন্তু তেওঁ তাক চেকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে। BSB BSB: they offered Him wine to drink, mixed with gall; but after tasting it, He refused to drink it.
35 ULB পাছত তেওঁলোকে যীচুক ক্ৰুচত দি তেওঁৰ কাপোৰ চিঠি খেলি ভাগ-বাঁটি ল’লে; BSB BSB: When they had crucified Him, they divided up His garments by casting lots.
36 ULB আৰু তাতে বহি তেওঁলোকে যীচুক পহৰা দি থাকিল। BSB BSB: And sitting down, they kept watch over Him there.
37 ULB তেওঁৰ এই অপবাদ লিখি, মুৰত এখন ফলক আৰি দিলে, "এই জন ইহুদী সকলৰ ৰজা যীচু"৷ BSB BSB: Above His head they posted the written charge against Him: THIS IS JESUS, THE KING OF THE JEWS.
38 ULB সেই সময়ত তেওঁৰ সোঁফালে এটা, বাওঁফালে এটা, এইদৰে দুটা ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল। BSB BSB: Two robbers were crucified with Him, one on His right and the other on His left.
39 ULB সেই সময়ত বাটেদি অহা-যোৱা কৰা বাটৰুৱাবোৰে মুৰ জোকাৰি জোকাৰি, নিন্দা কৰি ক’লে, BSB BSB: And those who passed by heaped abuse on Him, shaking their heads
40 ULB "হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে ক্ৰুচৰ পৰা নামি আহা।' BSB BSB: and saying, “You who are going to destroy the temple and rebuild it in three days, save Yourself! If You are the Son of God, come down from the cross!”
41 ULB সেইদৰে প্ৰধান পুৰোহিত, পৰিচাৰক সকলে বিদ্ৰূপ কৰি ক'লে, BSB BSB: In the same way, the chief priests, scribes, and elders mocked Him, saying,
42 ULB ''তেওঁ আন লোকক ৰক্ষা কৰিলে, কিন্তু নিজকে ৰক্ষা নকৰে কিয়৷ তেওঁ বোলে ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেতিয়াহে আমি তেওঁক বিশ্বাস কৰিম। BSB BSB: “He saved others, but He cannot save Himself. He is the King of Israel! Let Him come down now from the cross, and we will believe in Him.
43 ULB তেওঁ ঈশ্বৰত ভাৰসা কৰিছে; ঈশ্বৰে যদি তেওঁক ভাল পায়, তেন্তে এতিয়া তেওঁক নিস্তাৰ কৰকচোন; কিয়নো নিজকে কৈছিল "ময়েই ঈশ্বৰৰ পুত্ৰ।" BSB BSB: He trusts in God. Let God deliver Him now if He wants Him. For He said, ‘I am the Son of God.’”
44 ULB তেতিয়া তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰেই নিন্দা কৰিলে। BSB BSB: In the same way, even the robbers who were crucified with Him berated Him.
45 ULB পাছত বাৰ বজাৰ পৰা তিনি বজালৈকে, গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ’ল; BSB BSB: From the sixth hour until the ninth hour darkness came over all the land.
46 ULB আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, "এলী, এলী, লামা চবক্তানী?" অৰ্থাৎ, ''হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা? BSB BSB: About the ninth hour Jesus cried out in a loud voice, “Eli, Eli, lema sabachthani?” which means, “My God, My God, why have You forsaken Me?” 47 ULB তেতিয়া তাতে থিয় হৈ থকা কোনো কোনোৱে ইয়াকে শুনি ক’লে, "তেওঁ এলিয়াক মাতিছে।" BSB BSB: When some of those standing there heard this, they said, “He is calling Elijah.”
48 ULB তেতিয়াই তেওঁলোকৰ মাজৰ এজনে ল’ৰি গৈ, স্পঞ্জ এটুকুৰা লৈ চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। BSB BSB: One of them quickly ran and brought a sponge. He filled it with sour wine, put it on a reed, and held it up for Jesus to drink.
49 ULB কিন্তু আনবোৰে ক’লে, "অকলে থকিবলৈ দিয়া; এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ।" BSB BSB: But the others said, “Leave Him alone. Let us see if Elijah comes to save Him.”
52 ULB তেতিয়া মৈদামবোৰ মুকলি হৈ গ'ল আৰু বহু নিদ্ৰিত পবিত্ৰ লোকৰ দেহ উত্থিত হ’ল। BSB BSB: The tombs broke open, and the bodies of many saints who had fallen asleep were raised.
53 ULB তেওঁৰ উত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গ'ল আৰু বহু ব্যক্তিক দেখা দিলে। BSB BSB: After Jesus’ resurrection, when they had come out of the tombs, they entered the holy city and appeared to many people.
54 ULB পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, "এওঁ সচাঁকৈয়ে ঈশ্বৰৰ পুত্ৰ।" BSB BSB: When the centurion and those with him who were guarding Jesus saw the earthquake and all that had happened, they were terrified and said, “Truly this was the Son of God.”
55 ULB গালীলৰ পৰা তেওঁৰ পাছে পাছে বহুতো মহিলা আহিছিল, তেওঁলোকে দূৰৰ পৰা সকলো চাই আছিল৷ BSB BSB: And many women were there, watching from a distance. They had followed Jesus from Galilee to minister to Him.
56 ULB তেওঁলোকৰ ভিতৰত মগ্দলিনি মৰিয়ম, যাকোব আৰু যোচেফৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক, আদি কৰি যীচুৰ সেৱা-শুশ্ৰষা কৰিবলৈ যীচুৰ লগত অহা মহিলা সকল আছিল৷ BSB BSB: Among them were Mary Magdalene, Mary the mother of James and Joseph, and the mother of Zebedee’s sons.
57 ULB তেতিয়া গধূলি হৈ আহিছিল, তালৈ অৰিমাথিয়া নগৰৰ পৰা এজন ধনী মানুহ অাহিল, তেওঁৰ নাম যোচেফ, তেওঁ যীচুৰ শিষ্য আছিল৷ BSB BSB: When it was evening, there came a rich man from Arimathea named Joseph, who himself was a disciple of Jesus.
58 ULB তেওঁ পীলাতৰ ওচৰলৈ গৈ, যীচুৰ দেহ খুজিলে; তেতিয়া পীলাতে দেহ দিবলৈ আজ্ঞা দিলে। BSB BSB: He went to Pilate to ask for the body of Jesus, and Pilate ordered that it be given to him.
59 ULB পাছত যোচেফে দেহ লৈ, শণ-সুতাৰ মিহি চাফা কাপোৰেৰে দেহটো মেৰিয়ালে, BSB BSB: So Joseph took the body, wrapped it in a clean linen cloth,
60 ULB আৰু নিজৰ বাবে শিলত খান্দি থোৱা যি মৈদাম আছিল, তাৰ ভিতৰত দেহটো শুৱাই থলে৷ এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ দুৱাৰত থলে আৰু তেওঁলোক তাৰ পৰা গুচি গ’ল। BSB BSB: and placed it in his own new tomb that he had cut into the rock. Then he rolled a great stone across the entrance to the tomb and went away.
61 ULB কিন্তু মগ্দলীনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ, মৈদামৰ বিপৰীত দিশত বহি আছিল। BSB BSB: Mary Magdalene and the other Mary were sitting there opposite the tomb.
62 ULB পাছ দিনা অৰ্থাৎ আয়োজন দিনৰ পাছ দিনা, প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে পীলাতৰ ওচৰত গোট খাই ক’লে, BSB BSB: The next day, the one after Preparation Day, the chief priests and Pharisees assembled before Pilate.
63 ULB "হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, 'তিন দিনৰ মুৰত মই পুনৰাই উঠিম', এতিয়া এই কথা আমাৰ মনত পৰিছে। BSB BSB: “Sir,” they said, “we remember that while He was alive that deceiver said, ‘After three days I will rise again.’
64 ULB এই হেতুকে, তৃতীয় দিনলৈকে তেওঁৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক; কিজানি তেওঁৰ শিষ্যবোৰে আহি তেওঁৰ দেহ চুৰ কৰি নিব আৰু মানুহবোৰক ক’ব, 'তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল'; যদি সেয়ে হয় তেনেহ’লে ই প্ৰথম ভ্ৰান্তিতকৈয়ো শেষ ভ্ৰান্তি অধিক হানি জনক হ’ব।" BSB BSB: So give the order that the tomb be secured until the third day. Otherwise, His disciples may come and steal Him away and tell the people He has risen from the dead. And this last deception would be worse than the first.”
65 ULB পীলাতে তেওঁলোকক ক’লে, 'তোমালোকে এদল চন্তৰী লোৱা; এতিয়া যোৱা আৰু তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ।" BSB BSB: “You have a guard,” Pilate said. “Go, make the tomb as secure as you know how.”
66 ULB তাৰ পাছত তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰিলে আৰু এদল চন্তৰীক মৈদাম ৰখিবলৈ দায়িত্ব দিলে। BSB BSB: So they went and secured the tomb by sealing the stone and posting the guard.