1 ULB তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল। BSB BSB: Then Jesus was led by the Spirit into the wilderness to be tempted by the devil.
2 ULB তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পিছত যীচুৰ ভোক লাগিল। BSB BSB: After fasting forty days and forty nights, He was hungry.
3 ULB তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।” BSB BSB: The tempter came to Him and said, “If You are the Son of God, tell these stones to become bread.”
4 ULB তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, ‘মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়ে।” BSB BSB: But Jesus answered, “It is written: ‘Man shall not live on bread alone, but on every word that comes from the mouth of God.’”
5 ULB তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ’ল; BSB BSB: Then the devil took Him to the holy city and set Him on the pinnacle of the temple.
6 ULB আৰু যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে, ‘তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।” BSB BSB: “If You are the Son of God,” he said, “throw Yourself down. For it is written: ‘He will command His angels concerning You, and they will lift You up in their hands, so that You will not strike Your foot against a stone.’”
7 ULB যীচুৱে তাক ক’লে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।” BSB BSB: Jesus replied, “It is also written: ‘Do not put the Lord your God to the test.’”
8 ULB তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ'ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য্য দেখুৱালে। BSB BSB: Again, the devil took Him to a very high mountain and showed Him all the kingdoms of the world and their glory.
9 ULB চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।” BSB BSB: “All this I will give You,” he said, “if You will fall down and worship me.”
10 ULB তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এইবুলিও লিখা আছে, “তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।” BSB BSB: “Away from Me, Satan!” Jesus told him. “For it is written: ‘Worship the Lord your God and serve Him only.’”
11 ULB তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গদূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে। BSB BSB: Then the devil left Him, and angels came and ministered to Him.
12 ULB যীচুৱে যেতিয়া যোহনক বন্দী কৰি নিয়া বুলি শুনিলে, তেতিয়া তেওঁ গালীল প্রদেশলৈ গ’ল। BSB BSB: When Jesus heard that John had been imprisoned, He withdrew to Galilee.
13 ULB তেওঁ নাচৰত এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে। BSB BSB: Leaving Nazareth, He went and lived in Capernaum, which is by the sea in the region of Zebulun and Naphtali,
14 ULB যিচয়া ভাৱবাদীৰ দ্বাৰাই এই যি বচন কোৱা হৈছিল তাক পূর্ণ কৰিবলৈ এই সকলো ঘটিল: BSB BSB: to fulfill what was spoken through the prophet Isaiah:
15 ULB “জবূলূন দেশ আৰু নপ্তালী দেশ, সাগৰৰ তীৰত, যৰ্দ্দনৰ সিপাৰত অনা-ইহুদী সকলৰ গালীল! BSB BSB: “Land of Zebulun and land of Naphtali, the Way of the Sea, beyond the Jordan, Galilee of the Gentiles—
16 ULB যি সকল লোকে অন্ধকাৰত বাস কৰি আছিল তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে। যি সকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।” BSB BSB: the people living in darkness have seen a great light; on those living in the land of the shadow of death, a light has dawned.”
17 ULB সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মন পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।” BSB BSB: From that time on Jesus began to preach, “Repent, for the kingdom of heaven is near.”
18 ULB পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজ কাঢ়ি ফুৰোঁতে দুজন ভাই-ককাই চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল। BSB BSB: As Jesus was walking beside the Sea of Galilee, He saw two brothers, Simon called Peter and his brother Andrew. They were casting a net into the sea, for they were fishermen.
19 ULB যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা মাছমৰীয়া কৰিম।” BSB BSB: “Come, follow Me,” Jesus said, “and I will make you fishers of men.”
20 ULB তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ’ল। BSB BSB: And at once they left their nets and followed Him.
21 ULB তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে। BSB BSB: Going on from there, He saw two other brothers, James son of Zebedee and his brother John. They were in a boat with their father Zebedee, mending their nets. Jesus called them,
22 ULB তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গ’ল। BSB BSB: and immediately they left the boat and their father and followed Him.
24 ULB সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে। BSB BSB: News about Him spread all over Syria, and people brought to Him all who were ill with various diseases, those suffering acute pain, the demon-possessed, those having seizures, and the paralyzed, and He healed them.
25 ULB তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহূদিয়া আৰু যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল। BSB BSB: Large crowds followed Him, having come from Galilee, the Decapolis, Jerusalem, Judea, and beyond the Jordan.