2 ULB এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই। BSB BSB: So when you give to the needy, do not sound a trumpet before you, as the hypocrites do in the synagogues and on the streets, to be honored by men. Truly I tell you, they already have their full reward.
3 ULB কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা; BSB BSB: But when you give to the needy, do not let your left hand know what your right hand is doing,
4 ULB কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব। BSB BSB: so that your giving may be in secret. And your Father, who sees what is done in secret, will reward you.
5 ULB তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ নিচিনা নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই। BSB BSB: And when you pray, do not be like the hypocrites. For they love to pray standing in the synagogues and on the street corners to be seen by men. Truly I tell you, they already have their full reward.
6 ULB কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ কোঠালিলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব। BSB BSB: But when you pray, go into your inner room, shut your door, and pray to your Father, who is unseen. And your Father, who sees what is done in secret, will reward you.
7 ULB প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে প্রার্থনা শুনা যাব। BSB BSB: And when you pray, do not babble on like pagans, for they think that by their many words they will be heard.
8 ULB এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে। BSB BSB: Do not be like them, for your Father knows what you need before you ask Him.
9 ULB এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওঁক; BSB BSB: So then, this is how you should pray: ‘Our Father in heaven, hallowed be Your name.
10 ULB তোমাৰ ৰাজ্য হওঁক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওঁক। BSB BSB: Your kingdom come, Your will be done, on earth as it is in heaven.
11 ULB আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। BSB BSB: Give us this day our daily bread.
12 ULB আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। BSB BSB: And forgive us our debts, as we also have forgiven our debtors.
13 ULB আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷' BSB BSB: And lead us not into temptation, but deliver us from the evil one.’
14 ULB কিয়নো তোমালোকে যদি আনৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বর্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব; BSB BSB: For if you forgive men their trespasses, your heavenly Father will also forgive you.
15 ULB কিন্তু তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব। BSB BSB: But if you do not forgive men their trespasses, neither will your Father forgive yours.
16 ULB যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই। BSB BSB: When you fast, do not be somber like the hypocrites, for they disfigure their faces to show men they are fasting. Truly I tell you, they already have their full reward.
17 ULB কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল'বা; BSB BSB: But when you fast, anoint your head and wash your face,
18 ULB যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব। BSB BSB: so that your fasting will not be obvious to men, but only to your Father, who is unseen. And your Father, who sees what is done in secret, will reward you.
19 ULB যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা; BSB BSB: Do not store up for yourselves treasures on earth, where moth and rust destroy, and where thieves break in and steal.
20 ULB কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি নিদিয়ে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা। BSB BSB: But store up for yourselves treasures in heaven, where moth and rust do not destroy, and where thieves do not break in and steal.
21 ULB কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হ’ব। BSB BSB: For where your treasure is, there your heart will be also.
22 ULB চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমালোকৰ চকু যদি ভালে থাকে, তেনেহলে তোমালোকৰ গোটেই শৰীৰ দীপ্তিময় হ’ব; BSB BSB: The eye is the lamp of the body. If your eyes are good, your whole body will be full of light.
23 ULB কিন্তু তোমালোকৰ চকু যদি বেয়া হয়, তেনেহলে তোমালোকৰ গোটেই শৰীৰ অন্ধকাৰময় হ’ব। এতেকে তোমালোকৰ তাত থকা পোহৰ যদি আচলতে অন্ধকাৰময় হয়, তেনেহলে সেই আন্ধাৰ কিমান গভীৰ হব! BSB BSB: But if your eyes are bad, your whole body will be full of darkness. If then the light within you is darkness, how great is that darkness!
24 ULB কোনেও দুজন গৰাকীৰ ওচৰত খাটিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক ভাল পাব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে খাটিব নোৱাৰা। BSB BSB: No one can serve two masters: Either he will hate the one and love the other, or he will be devoted to the one and despise the other. You cannot serve both God and money.
25 ULB এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম'- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে? BSB BSB: Therefore I tell you, do not worry about your life, what you will eat or drink; or about your body, what you will wear. Is not life more than food, and the body more than clothes?
27 ULB আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? BSB BSB: Who of you by worrying can add a single hour to his life?
28 ULB বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলি ফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে; BSB BSB: And why do you worry about clothes? Consider how the lilies of the field grow: They do not labor or spin.
29 ULB তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্য্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল। BSB BSB: Yet I tell you that not even Solomon in all his glory was adorned like one of these.
30 ULB এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেন্তে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে? BSB BSB: If that is how God clothes the grass of the field, which is here today and tomorrow is thrown into the furnace, will He not much more clothe you, O you of little faith?
32 ULB কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। BSB BSB: For the Gentiles strive after all these things, and your heavenly Father knows that you need them.
33 ULB কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব। BSB BSB: But seek first the kingdom of God and His righteousness, and all these things will be added unto you.
34 ULB এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট। BSB BSB: Therefore do not worry about tomorrow, for tomorrow will worry about itself. Today has enough trouble of its own.