1 ULB যিৰূচালেমৰ লোকসকল, এতিয়া একলগ হৈ যুদ্ধলৈ শাৰীত আহাঁ, তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে, কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক লাঠিৰে গালত প্রহাৰ কৰিব। BSB BSB: Now, O daughter of troops, mobilize your troops; for a siege is laid against us! With a rod they will strike the cheek of the judge of Israel.
3 ULB এই হেতুকে যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিয়ে, ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব; আৰু তেওঁৰ ভাইসকলৰ অৱশিষ্ট সকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব। BSB BSB: Therefore Israel will be abandoned until she who is in labor has given birth; then the rest of His brothers will return to the children of Israel.
4 ULB যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব। BSB BSB: He will stand and shepherd His flock in the strength of the LORD, in the majestic name of the LORD His God. And they will dwell securely, for then His greatness will extend to the ends of the earth.
5 ULB তেঁৱেই আমাৰ শান্তি হ’ব; যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব, আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব, তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন ভেড়া-ৰখীয়া, আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম। BSB BSB: And He will be our peace when Assyria invades our land and tramples our citadels. We will raise against it seven shepherds, even eight leaders of men.
6 ULB এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ, আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্ৰোদৰ দেশ শাসন কৰিব। যেতিয়া অচূৰে আমাৰ দেশত সোমাব, আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব, তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব। BSB BSB: And they will rule the land of Assyria with the sword, and the land of Nimrod with the blade drawn. So He will deliver us when Assyria invades our land and marches into our borders.
7 ULB বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, যিহোৱাৰ পৰা অহা নিয়ৰ, আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ, আৰু মনুষ্য সন্তানসকলৰ বাবে অপেক্ষা নকৰে। BSB BSB: Then the remnant of Jacob will be in the midst of many peoples like dew from the LORD, like showers on the grass, which do not wait for man or linger for mankind.
8 ULB দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ, আৰু ভেড়াৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকিব আৰু ফালি টুকুৰা টুকুৰ কৰিব, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। BSB BSB: Then the remnant of Jacob will be among the nations, in the midst of many peoples, like a lion among the beasts of the forest, like a young lion among flocks of sheep, which tramples and tears as it passes through, with no one to rescue them.
9 ULB তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক, আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব। BSB BSB: Your hand will be lifted over your foes, and all your enemies will be cut off.
10 ULB “সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে, “মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোৰাবোৰ ধ্বংস কৰিম, আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম। BSB BSB: “In that day,” declares the LORD, “I will remove your horses from among you and wreck your chariots.
11 ULB মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম। BSB BSB: I will remove the cities of your land and tear down all your strongholds.
12 ULB মই তোমালোকৰ হাতৰ মায়াকাৰ্য নষ্ট কৰিম, আৰু তোমালোকৰ কোনো গণক নাথাকিব। BSB BSB: I will cut the sorceries from your hand, and you will have no fortune-tellers.
13 ULB মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ, আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম। তোমালোকৰ নিজৰ হাতৰ কার্যক আৰু প্ৰণিপাত নকৰিবা; BSB BSB: I will also cut off the carved images and sacred pillars from among you, so that you will no longer bow down to the work of your own hands.
14 ULB মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম, আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম। BSB BSB: I will root out the Asherah poles from your midst and demolish your cities.
15 ULB যি দেশে মোৰ কথা নুশুনে সেই দেশৰ ওপৰত মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম। BSB BSB: I will take vengeance in anger and wrath upon the nations that have not obeyed Me.”