1 ULB পাছত মিচৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ প্ৰথম দিনা, চীনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত যিহোৱাই মোচিক কলে, BSB BSB: On the first day of the second month of the second year after the Israelites had come out of the land of Egypt, the LORD spoke to Moses in the Tent of Meeting in the Wilderness of Sinai. He said:
2 ULB “তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃ বংশমতে নামৰ সংখ্যা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ অৰ্থাৎ প্ৰত্যেক নাম অনুসাৰে গণনা কৰা। BSB BSB: “Take a census of the whole congregation of Israel by their clans and families, listing every man by name, one by one.
3 ULB বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা। BSB BSB: You and Aaron are to number those who are twenty years of age or older by their divisions—everyone who can serve in Israel’s army.
4 ULB আৰু প্ৰত্যেক জনগোষ্ঠীৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ জনগোষ্ঠীৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। সেই প্রত্যেকজন বিষয়াই নিজ নিজ জনগোষ্ঠীৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ৱ দিব। BSB BSB: And one man from each tribe, the head of each family, must be there with you.
5 ULB যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোতা লোকসকলৰ নামবোৰ হ’ল: ৰূবেণ জনগোষ্ঠীৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ। BSB BSB: These are the names of the men who are to assist you: From the tribe of Reuben, Elizur son of Shedeur;
6 ULB চিমিয়োন জনগোষ্ঠীৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চল্মীয়েল। BSB BSB: from Simeon, Shelumiel son of Zurishaddai;
7 ULB যিহূদা জনগোষ্ঠীৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন। BSB BSB: from Judah, Nahshon son of Amminadab;
8 ULB ইচাখৰ জনগোষ্ঠীৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল। BSB BSB: from Issachar, Nethanel son of Zuar;
9 ULB জবূলূন জনগোষ্ঠীৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব। BSB BSB: from Zebulun, Eliab son of Helon;
10 ULB যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম জনগোষ্ঠীৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি জনগোষ্ঠীৰ পৰা পদাচূৰৰ পুত্ৰ গম্লীয়েল। BSB BSB: from the sons of Joseph: from Ephraim, Elishama son of Ammihud, and from Manasseh, Gamaliel son of Pedahzur;
11 ULB বিন্যামীন জনগোষ্ঠীৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান। BSB BSB: from Benjamin, Abidan son of Gideoni;
12 ULB দান জনগোষ্ঠীৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ। BSB BSB: from Dan, Ahiezer son of Ammishaddai;
13 ULB আচেৰ জনগোষ্ঠীৰ পৰা অক্ৰণৰ পুত্ৰ পগীয়েল। BSB BSB: from Asher, Pagiel son of Ocran;
14 ULB গাদ জনগোষ্ঠীৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ। BSB BSB: from Gad, Eliasaph son of Deuel;
15 ULB নপ্তালী জনগোষ্ঠীৰ পৰা ঐননৰ পুত্ৰ অহীৰা। BSB BSB: and from Naphtali, Ahira son of Enan.”
16 ULB এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠীসকলৰ প্রধান লোক। BSB BSB: These men were appointed from the congregation; they were the leaders of the tribes of their fathers, the heads of the clans of Israel.
17 ULB তেতিয়া মোচি আৰু হাৰোণে নামেৰে উল্লেখ কৰা সেই লোকসকলক লগত ল’লে, BSB BSB: So Moses and Aaron took these men who had been designated by name,
18 ULB আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোকসকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃ-বংশমতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকসকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে। BSB BSB: and on the first day of the second month they assembled the whole congregation and recorded their ancestry by clans and families, counting one by one the names of those twenty years of age or older,
19 ULB এইদৰে মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে চীনয় মৰুভূমিত তেওঁলোকৰ গণনা কৰিলে। BSB BSB: just as the LORD had commanded Moses. So Moses numbered them in the Wilderness of Sinai:
20 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যাবৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, ইস্ৰায়েলৰ জেষ্ঠ পুত্ৰ ৰূবেণৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Reuben, the firstborn of Israel, according to the records of their clans and families, counting one by one the names of every male twenty years of age or older who could serve in the army,
21 ULB ৰূবেণ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল। BSB BSB: those registered to the tribe of Reuben numbered 46,500.
22 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, চিমিয়োনৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Simeon, according to the records of their clans and families, counting one by one the names of every male twenty years of age or older who could serve in the army,
23 ULB চিমিয়োনৰ সেই জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ঊনষাঠি হাজাৰ তিনিশ জন লোক আছিল। BSB BSB: those registered to the tribe of Simeon numbered 59,300.
24 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে গাদৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Gad, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
25 ULB গাদৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ জন লোক আছিল। BSB BSB: those registered to the tribe of Gad numbered 45,650.
26 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, যিহূদাৰ পুত্রসকলৰ পৰা জন্ম হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Judah, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
27 ULB যিহূদা জনগোষ্ঠীৰ গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল চৌসত্তৰ হাজাৰ ছশ জন লোক। BSB BSB: those registered to the tribe of Judah numbered 74,600.
28 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, ইচাখৰৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Issachar, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
29 ULB ইচাখৰৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ জন। BSB BSB: those registered to the tribe of Issachar numbered 54,400.
30 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, জুবুলূনৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Zebulun, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
31 ULB জুবুলূন জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ জন। BSB BSB: those registered to the tribe of Zebulun numbered 57,400.
32 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, যোচেফৰ সন্তানসকলৰ মাজৰ ইফ্ৰয়িমৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Joseph: From the sons of Ephraim, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
33 ULB ইফ্ৰয়িম জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ জন। BSB BSB: those registered to the tribe of Ephraim numbered 40,500.
34 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে মনচিৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: And from the sons of Manasseh, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
35 ULB মনচি জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ জন। BSB BSB: those registered to the tribe of Manasseh numbered 32,200.
36 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম মূৰৰ সংখ্যা অনুসাৰে, বিন্যামীনৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Benjamin, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
37 ULB বিন্যামীনৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ জন। BSB BSB: those registered to the tribe of Benjamin numbered 35,400.
38 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, দানৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Dan, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
39 ULB দান জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল বাষষ্ঠী হাজাৰ সাত শ জন। BSB BSB: those registered to the tribe of Dan numbered 62,700.
40 ULB গোষ্ঠী অনুসাৰে, পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, আচেৰৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Asher, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
41 ULB আচেৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচশ জন। BSB BSB: those registered to the tribe of Asher numbered 41,500.
42 ULB গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, নপ্তালীৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। BSB BSB: From the sons of Naphtali, according to the records of their clans and families, counting the names of all those twenty years of age or older who could serve in the army,
43 ULB নপ্তালি জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল তেপন্ন হাজাৰ চাৰিশ জন। BSB BSB: those registered to the tribe of Naphtali numbered 53,400.
44 ULB মোচি আৰু হাৰোণে এই আটাই লোকসকলক গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইস্ৰায়েলৰ সেই বাৰ জন অধ্যক্ষকো গণনা কৰিলে যিসকল ইস্রায়েলৰ জনগোষ্ঠীৰ নেতৃত্ৱত আছিল। BSB BSB: These were the men numbered by Moses and Aaron, with the assistance of the twelve leaders of Israel, each one representing his family.
45 ULB নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ সন্তানসকলক, অৰ্থাৎ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, ইস্ৰায়েলৰ মাজৰ সকলো লোককে এইদৰে গণনা কৰা হ’ল। BSB BSB: So all the Israelites twenty years of age or older who could serve in Israel’s army were counted according to their families.
46 ULB গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন। BSB BSB: And all those counted totaled 603,550.
47 ULB কিন্তু নিজ পিতৃ-বংশ অনুসাৰে উৎপন্ন হোৱা সেই লেবীয়াসকলক গণনা কৰা নহ’ল। BSB BSB: The Levites, however, were not numbered along with them by the tribe of their fathers.
48 ULB কিয়নো যিহোৱাই মোচিক কৈছিল, BSB BSB: For the LORD had said to Moses:
49 ULB ‘তুমি লেবী জনগোষ্ঠীক সৰ্বমুঠ ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা।’ BSB BSB: “Do not number the tribe of Levi in the census with the other Israelites.
50 ULB কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়াসকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব। BSB BSB: Instead, you are to appoint the Levites over the tabernacle of the Testimony, all its furnishings, and everything in it. They shall carry the tabernacle and all its articles, care for it, and camp around it.
51 ULB আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব। BSB BSB: Whenever the tabernacle is to move, the Levites are to take it down, and whenever it is to be pitched, the Levites are to set it up. Any outsider who goes near it must be put to death.
52 ULB ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে নিজ নিজ ছাউনিৰ পতাকাৰ গুৰিত, তম্বু তৰিব লাগিব। BSB BSB: The Israelites are to camp by their divisions, each man in his own camp and under his own standard.
53 ULB কিন্তু ইস্ৰায়েলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ’বলৈ, নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবীয়াসকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবীয়াসকলৰ জিম্মাত থাকিব।” BSB BSB: But the Levites are to camp around the tabernacle of the Testimony and watch over it, so that no wrath will fall on the congregation of Israel. So the Levites are responsible for the tabernacle of the Testimony.”
54 ULB ইস্ৰায়েলৰ সন্তানসকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে। BSB BSB: Thus the Israelites did everything just as the LORD had commanded Moses.
Select verses for actions: Enter goes to them and Escape comes back.