1 ULB পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে। BSB BSB: Soon the people began to complain about their hardship in the hearing of the LORD, and when He heard them, His anger was kindled, and fire from the LORD blazed among them and consumed the outskirts of the camp.
2 ULB এই কাৰণে লোকসকলে মোচিৰ গুৰিত কাতৰোক্তি কৰিলে; তাতে মোচিয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰাত সেই অগ্নি নুমাল। BSB BSB: And the people cried out to Moses, and he prayed to the LORD, and the fire died down.
3 ULB তেতিয়া সেই ঠাইৰ নাম তবিয়েৰা দাহ ৰখা হ’ল; কিয়নো যিহোৱাৰ অগ্নিয়ে তেওঁলোকৰ বিৰুদ্ধে দাহ কৰিছিল। BSB BSB: So that place was called Taberah, because the fire of the LORD had burned among them.
4 ULB তাৰ পাছত, তেওঁলোকৰ মাজত থকা মিশ্ৰিত লোকসকলে খঁকুৱা স্বভাৱ কৰিবলৈ ধৰিলে আৰু ইস্ৰায়েলৰ সন্তানসকলে পুনৰায় কান্দি কান্দি ক’লে, “আমাক মঙহ খাবলৈ কোনে দিব? BSB BSB: Meanwhile, the rabble among them had a strong craving for other food, and again the Israelites wept and said, “Who will feed us meat?
5 ULB আমি মিচৰ দেশত বিনামূল্যে যি যি মাছ খাইছিলোঁ আৰু তিয়হ, খৰমূজা; পৰু, পিঁয়াজ আৰু নহৰুলৈ মনত পৰে। BSB BSB: We remember the fish we ate freely in Egypt, along with the cucumbers, melons, leeks, onions, and garlic.
6 ULB আৰু এতিয়া আমাৰ প্ৰাণ শুকাল; আমাৰ আগত এই মান্নাৰ বাহিৰে আৰু একোৱেই নাই। BSB BSB: But now our appetite is gone; there is nothing to see but this manna!”
7 ULB সেই মান্না ধনীয়া গুটিৰ নিচিনা আৰু তাৰ বৰণ গুগগুলুৰ বৰণৰ নিচিনা আছিল। BSB BSB: Now the manna resembled coriander seed, and its appearance was like that of gum resin.
8 ULB লোকসকলে ইফালে সিফালে ফুৰি তাক চপায় আৰু জাঁতত পিহি বা খপবলি খুন্দি গুড়ি কৰি টৌত সিজায় আৰু তাৰ দ্বাৰাই পিঠা বনায়; তাৰ আস্বাদ তেলেৰে যুগুত কৰা সুস্বাদু আহাৰৰ আস্বাদৰ নিচিনা আছিল। BSB BSB: The people walked around and gathered it, ground it on a handmill or crushed it in a mortar, then boiled it in a cooking pot or shaped it into cakes. It tasted like pastry baked with fine oil.
9 ULB ৰাতি ছাউনিৰ ওপৰত নিয়ৰ পৰা সময়ত, নিয়ৰৰ লগত সেই মান্না পৰি থাকে। BSB BSB: When the dew fell on the camp at night, the manna would fall with it.
10 ULB পাছে মোচিয়ে লোকসকলৰ গোষ্ঠী অনুসাৰে নিজ নিজ তম্বুৰ দুৱাৰৰ ওচৰত প্ৰতিজনে কান্দি থকা শুনিলে। তেতিয়া যিহোৱাৰ ক্ৰোধ অতিশয়ৰূপে জ্বলি উঠিল, আৰু মোচিয়েও অসন্তোষ পালে। BSB BSB: Then Moses heard the people of family after family weeping at the entrances to their tents, and the anger of the LORD was kindled greatly, and Moses was also displeased.
11 ULB পাছে মোচিয়ে যিহোৱাক জনালে, “তুমি কি কাৰণে তোমাৰ দাসক ইমান ক্লেশ দিছা? কি কাৰণে বা মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পোৱা নাই? তুমি এই সকলো লোকৰ ভাৰ মোৰ ওপৰত দিছা? BSB BSB: So Moses asked the LORD, “Why have You brought this trouble on Your servant? Why have I not found favor in Your sight, that You have laid upon me the burden of all these people?
12 ULB মই জানো এই সকলো লোকক গৰ্ভধাৰণ কৰিলোঁ, বা এই সকলো লোকক প্ৰসৱ কৰিলোঁ, যে তুমি এওঁলোকৰ পূৰ্ব্বপুৰুষসকলৰ আগত যি দেশ দিবলৈ অঙ্গীকাৰ কৰিছিলা, সেই দেশলৈ গাখীৰ খোৱা কেঁচুৱাক পালন কৰোঁতা বাপেকৰ দৰে তেওঁলোকক বুকুত বান্ধি নিবলৈ মোক আজ্ঞা দিছা? BSB BSB: Did I conceive all these people? Did I give them birth, so that You should tell me, ‘Carry them in your bosom, as a nurse carries an infant,’ to the land that You swore to give their fathers?
13 ULB এই সকলো লোকক দিবৰ বাবে মই ক’ত মাংস পাম? কিয়নো এওঁলোক সকলোৱে মোৰ গুৰিত কান্দি কৈছে, ‘আমাক মাংস দিয়া আমি খাওঁ।’ BSB BSB: Where can I get meat for all these people? For they keep crying out to me, ‘Give us meat to eat!’
14 ULB এই আটাই লোকৰ ভাৰ মই অকলেই বব নোৱাৰোঁ; কিয়নো সেয়ে মোৰ শক্তিতকৈয়ো গধুৰ। BSB BSB: I cannot carry all these people by myself; it is too burdensome for me.
15 ULB তুমি যদি মোলৈ এনে ব্যৱহাৰ কৰা, তেন্তে মই বিনয় কৰিছোঁ, মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে এতিয়া মোক একেবাৰে মাৰা আৰু মোৰ দুৰ্গতি মোক দেখিবলৈ নিদিবা। BSB BSB: If this is how You are going to treat me, please kill me right now—if I have found favor in Your eyes—and let me not see my own wretchedness.”
16 ULB তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি লোকসকলৰ মাজত যিসকলক বৃদ্ধ আৰু লোকসকলৰ অধ্যক্ষ বুলি জানা, ইস্ৰায়েলৰ এনে সত্তৰ জন বৃদ্ধ লোকক চপাই সাক্ষাৎ কৰি তম্বুৰ দুৱাৰলৈ আনা; তেওঁলোকে তোমাৰ লগত সেই ঠাইত থিয় হওঁক। BSB BSB: Then the LORD said to Moses, “Bring Me seventy of the elders of Israel known to you as leaders and officers of the people. Bring them to the Tent of Meeting and have them stand there with you.
17 ULB পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ বব। BSB BSB: And I will come down and speak with you there, and I will take some of the Spirit that is on you and put that Spirit on them. They will help you bear the burden of the people, so that you do not have to bear it by yourself.
18 ULB আৰু তুমি লোকসকলক কোৱা, ‘তোমালোকে কালিৰ বাবে নিজক পবিত্ৰ কৰা; যিহোৱা যে আহিব নিজকে যুগুত কৰা। তেতিয়া তোমালোকে মাংস খাবলৈ পাবা; কিয়নো তোমালোকে কান্দি কান্দি কৈছিলা, “আমাক মাংস খাবলৈ কোনে দিব? কিয়নো মিচৰ দেশত আমাৰ ভাল আছিল।” এই হেতুকে যিহোৱাই তোমালোকক মাংস দিব; আৰু তোমালোকে খাবলৈ পাবা। BSB BSB: And say to the people: Consecrate yourselves for tomorrow, and you will eat meat, because you have cried out in the hearing of the LORD, saying: ‘Who will feed us meat? For we were better off in Egypt!’ Therefore the LORD will give you meat, and you will eat.
19 ULB তোমালোকে এদিন বা দুদিন, বা পাঁচ দিন, বা দহ দিন, বা বিশ দিন যে তাক খাবা এনে নহয়; BSB BSB: You will eat it not for one or two days, nor for five or ten or twenty days,
20 ULB সম্পুৰ্ণ এমাহলৈকে খাবা, যেতিয়ালৈকে সেয়ে তোমালোকৰ নাকেদি নোলায় আৰু ঘিণ লগা নহয়, তেতিয়ালৈকে তাক খাবা, কিয়নো তোমালোকে তোমালোকৰ মাজত থকা যিহোৱাক অগাহ্য কৰি তেওঁৰ আগত কান্দি কান্দি এই কথা কৈছিলা যে “আমি কিয় মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলোঁ?” BSB BSB: but for a whole month—until it comes out of your nostrils and makes you nauseous—because you have rejected the LORD, who is among you, and have cried out before Him, saying, ‘Why did we ever leave Egypt?’”
21 ULB তেতিয়া মোচিয়ে ক’লে, যি লোকসকলৰ মাজত আছোঁ, তেওঁলোক ছয় লাখ পদাতিক; তথাপি তুমি কৈছা, ‘সম্পুৰ্ণ এমাহ খাবৰ বাবেই মই তেওঁলোকক মঙহ দিম।’ BSB BSB: But Moses replied, “Here I am among 600,000 men on foot, yet You say, ‘I will give them meat, and they will eat for a month.’
22 ULB তেওঁলোকক আটাই মেৰ, ছাগ আৰু গৰুৰ জাক মাৰিব লাগে নে? নাইবা তেওঁলোকক অঁটাকৈ সাগৰৰ আটাই মাছ গোটাব লাগে নে? BSB BSB: If all our flocks and herds were slaughtered for them, would they have enough? Or if all the fish in the sea were caught for them, would they have enough?”
23 ULB তেতিয়া যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ হাত জানো চুটি হ’ল? তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ’ব নে নহ’ব, তাক তুমি এতিয়া দেখিবলৈ পাবা।” BSB BSB: The LORD answered Moses, “Is the LORD’s arm too short? Now you will see whether or not My word will come to pass.”
24 ULB তেতিয়া মোচিয়ে বাহিৰলৈ গৈ, যিহোৱাৰ বাক্য লোকসকলক ক’লে, আৰু তেওঁলোকৰ বৃদ্ধ লোকৰ মাজৰ সত্তৰ জনক গোটাই তম্বুৰ চাৰিওফালে থিয় কৰিলে। BSB BSB: So Moses went out and relayed to the people the words of the LORD, and he gathered seventy of the elders of the people and had them stand around the tent.
25 ULB তাতে যিহোৱাই মেঘত নামি তেওঁক কথা ক’লে আৰু যি আত্মা মোচিত আছিল, তাৰ কিছু লৈ, সেই সত্তৰজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত, তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিলে; কিন্তু তাৰ পাছত আৰু নকৰিলে। BSB BSB: Then the LORD came down in the cloud and spoke to him, and He took some of the Spirit that was on Moses and placed that Spirit on the seventy elders. As the Spirit rested on them, they prophesied—but they never did so again.
26 ULB কিন্তু দুজন মানুহ ছাউনিত থাকিল, এজনৰ নাম ইল্দদ, আন জনৰ নাম মেদদ। এই দুজনতো আত্মা থাকিল। তেওঁলোকৰ নাম বহীত নাম লিখা লোকসকলৰ মাজত আছিল হয়, কিন্তু ওলাই তম্বুৰ ওচৰলৈ যোৱা নাছিল। যিয়েই নহওঁক লাগে, কিন্তু তেওঁলোকে ছাউনিত ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। BSB BSB: Two men, however, had remained in the camp—one named Eldad and the other Medad—and the Spirit rested on them. They were among those listed, but they had not gone out to the tent, and they prophesied in the camp.
27 ULB তাতে এজন ডেকা মানুহে লৰি গৈ মোচিক ক’লে, “ইল্দদ আৰু মেদদে ছাউনিত ভাববাণী প্ৰচাৰ কৰিছে।” BSB BSB: A young man ran and reported to Moses, “Eldad and Medad are prophesying in the camp.”
28 ULB তেতিয়া মোচিৰ পৰিচাৰক, তেওঁৰ মনোনীত লোক নূনৰ পুত্ৰ যিহোচুৱাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভূ মোচি, তেওঁলোকক নিষেধ কৰক।” BSB BSB: Joshua son of Nun, the attendant to Moses since youth, spoke up and said, “Moses, my lord, stop them!”
29 ULB তাতে মোচিয়ে তেওঁ ক’লে, “তুমি মোৰ পক্ষ হৈ ঈৰ্ষা কৰিছা নে? যিহোৱাৰ আটাইলোক লোক ভাববাদী হোৱা হ’লে, আৰু যিহোৱাই তেওঁলোকৰ ওপৰত নিজ আত্মা থাকিবলৈ দিয়া হ’লে, মই কেনে সন্তোষ পালোঁহেঁতেন।” BSB BSB: But Moses replied, “Are you jealous on my account? I wish that all the LORD’s people were prophets and that the LORD would place His Spirit on them!”
30 ULB পাছত মোচি আৰু ইস্ৰায়েলৰ বৃদ্ধসকল ছাউনিলৈ গ’ল। BSB BSB: Then Moses returned to the camp, along with the elders of Israel.
31 ULB পাছত যিহোৱাৰ ওচৰৰ পৰা বায়ু ওলাই সমুদ্ৰৰ পৰা ইমান বটা চৰাই আনি ছাউনিৰ ওপৰত পেলালে, যে, ছাউনিৰ চাৰিওফালে ইকাষে-সিকাষে এদিনৰ বাটলৈকে, সেইবোৰ দুহাত ওখ হৈ মাটিৰ ওপৰত পৰিল। BSB BSB: Now a wind sent by the LORD came up, drove in quail from the sea, and brought them near the camp, about two cubits above the surface of the ground, for a day’s journey in every direction around the camp.
32 ULB তাতে তেওঁলোকে সেই ওৰে দিন ওৰে ৰাতি আৰু পিছদিনাও গোটেই দিন উঠি সেই বটা চৰাইবোৰ গোটালে। তেওঁলোকৰ মাজত যেয়ে সকলোতকৈ তাকৰকৈ গোটালে, তাৰো দহ হোমৰ আছিল। পাছত তেওঁলোকৰ ছাউনিৰ চাৰিওফালে নিজৰ বাবে, তাক শুকাবলৈ মেলি দিলে। BSB BSB: All that day and night, and all the next day, the people stayed up gathering the quail. No one gathered less than ten homers, and they spread them out all around the camp.
33 ULB কিন্তু তেওঁলোকে দুই দাঁতৰ মাজত মঙহ কামোৰ মাৰি ধৰোঁতেই, চোবোৱাৰ আগেয়ে লোকসকললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল। তাতে যিহোৱাই লোকসকলক অতিশয় মহামাৰীৰ দ্বাৰাই আঘাত কৰিলে। BSB BSB: But while the meat was still between their teeth, before it was chewed, the anger of the LORD burned against the people, and the LORD struck them with a severe plague.
34 ULB আৰু সেই ঠাইৰ নাম কিব্ৰোৎ-হত্তাবা খঁকুৱা স্বভাৱ কৰাসকলৰ মৈদাম ৰখা হ’ল; কিয়নো সেই ঠাইত তেওঁলোকে খঁকুৱা স্বভাৱ কৰাবোৰক মৈদাম দিলে। BSB BSB: So they called that place Kibroth-hattaavah, because there they buried the people who had craved other food.
35 ULB পাছত লোকসকলে কিব্ৰোৎ-হত্তাবাৰ পৰা হচেৰোতলৈ যাত্ৰা কৰি সেই ঠাইতে থাকিল। BSB BSB: From Kibroth-hattaavah the people moved on to Hazeroth, where they remained for some time.
Select verses for actions: Enter goes to them and Escape comes back.