1 ULB যেতিয়া বিলিয়ামে দেখিলে যে ইস্ৰায়েলক আশীৰ্ব্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ নিমিত্তে নগ’ল। বৰং, মৰুভূমিৰ ফাললৈহে মুখ কৰিলে। BSB BSB: And when Balaam saw that it pleased the LORD to bless Israel, he did not seek omens as on previous occasions, but he turned his face toward the wilderness.
2 ULB বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল। BSB BSB: When Balaam looked up and saw Israel encamped tribe by tribe, the Spirit of God came upon him,
4 ULB যি জনে ঈশ্বৰৰ বাক্য শুনে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, তেওঁ মাটিত পৰি চকু মেলি কৈছে, BSB BSB: the prophecy of one who hears the words of God, who sees a vision from the Almighty, who bows down with eyes wide open:
5 ULB হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ! হে ইস্ৰায়েল, তোমাৰ আবাসবোৰ কেনে মনোহৰ! BSB BSB: How lovely are your tents, O Jacob, your dwellings, O Israel!
6 ULB সেইবোৰ উপত্যকাৰ নিচিনা বিস্তৃত, আৰু নদীৰ পাৰত থকা বাৰীবোৰৰ সদৃশ, যিহোৱাই ৰোৱা অগৰু গছৰ নিচিনা, আৰু পানীৰ ওচৰত থকা এৰচ গছৰ তুল্য। BSB BSB: They spread out like palm groves, like gardens beside a stream, like aloes the LORD has planted, like cedars beside the waters.
7 ULB তেওঁৰ কলহৰ পৰা পানী উথালি খাই পৰিছে; তেওঁৰ গুটি অনেক পানীৰ কাষত সিঁচা হ’ব, তেওঁৰ ৰজা অগাগতকৈয়ো ওখ হ’ব, তেওঁৰ ৰাজ্যৰ উন্নতি হ’ব। BSB BSB: Water will flow from his buckets, and his seed will have abundant water. His king will be greater than Agag, and his kingdom will be exalted.
8 ULB ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে; তেওঁৰ বল মেঠনৰ বলৰ নিচিনা। তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব, আৰু সিহঁতৰ হাড় গুড়ি কৰিব, আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব। BSB BSB: God brought him out of Egypt with strength like a wild ox, to devour hostile nations and crush their bones, to pierce them with arrows.
9 ULB তেওঁ সিংহৰ দৰে পৰি শুলে, সিংহীৰ দৰে শয়ন কৰিলে; কোনে তেওঁক জগাব? তোমাক আশীৰ্ব্বাদ দিওঁতা প্ৰতিজন আশীৰ্ব্বাদপ্ৰাপ্ত হওক, আৰু তোমাক শাও দিওঁতা প্ৰতিজন অভিশপ্ত হওক। BSB BSB: He crouches, he lies down like a lion, like a lioness—who dares to rouse him? Blessed are those who bless you and cursed are those who curse you.”
10 ULB তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনালোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা। BSB BSB: Then Balak’s anger burned against Balaam, and he struck his hands together and said to Balaam, “I summoned you to curse my enemies, but behold, you have persisted in blessing them these three times.
11 ULB এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আতঁৰাই ৰাখিলে।” BSB BSB: Therefore, flee at once to your home! I said I would reward you richly, but instead the LORD has denied your reward.”
12 ULB তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতসকলৰ আগত মই কোৱা নাছিলো নে, যে, BSB BSB: Balaam answered Balak, “Did I not already tell the messengers you sent me
13 ULB ‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’ BSB BSB: that even if Balak were to give me his house full of silver and gold, I could not do anything of my own accord, good or bad, to go beyond the command of the LORD? I must speak whatever the LORD says.
14 ULB এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।” BSB BSB: Now I am going back to my people, but come, let me warn you what this people will do to your people in the days to come.”
15 ULB বিলিয়ামে নিজৰ পদ্য গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে। BSB BSB: Then Balaam lifted up an oracle, saying, “This is the prophecy of Balaam son of Beor, the prophecy of a man whose eyes are open,
16 ULB এয়েই এজনৰ ভাৱবাণী যি জনে ঈশ্বৰৰ বাক্য শুনে, আৰু সৰ্ব্বোপৰি জনাৰ তত্ব জানে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, সেই জনে মাটিত পৰি চকু মেলি কৈছে। BSB BSB: the prophecy of one who hears the words of God, who has knowledge from the Most High, who sees a vision from the Almighty, who bows down with eyes wide open:
17 ULB মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব। BSB BSB: I see him, but not now; I behold him, but not near. A star will come forth from Jacob, and a scepter will arise from Israel. He will crush the skulls of Moab and strike down all the sons of Sheth.
18 ULB তেওঁৰ শত্ৰু ইদোম এক আধিপত্য হ’ব, তেওঁৰ শত্ৰু চেয়ীৰেই এক আধিপত্য হ’ব; তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য্য কৰিব। BSB BSB: Edom will become a possession, as will Seir, his enemy; but Israel will perform with valor.
19 ULB যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব, আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব। BSB BSB: A ruler will come from Jacob and destroy the survivors of the city.”
20 ULB তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে, “এই অমালেক জাতিবিলাকৰ মাজত প্ৰথম; কিন্তু তাৰ শেষ-দশা সৰ্ব্বনাশ।” BSB BSB: Then Balaam saw Amalek and lifted up an oracle, saying: “Amalek was first among the nations, but his end is destruction.”
21 ULB তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে, “তোমাৰ নিবাস অতি দৃঢ়, আৰু তোমাৰ বাহ শিলত পতা। BSB BSB: Next he saw the Kenites and lifted up an oracle, saying: “Your dwelling place is secure, and your nest is set in a cliff.
22 ULB তথাপি কেনীয়ালোক বিনষ্ট হ’ব, শেষত অচূৰে তোমাক বন্দী কৰি লৈ যাব। BSB BSB: Yet Kain will be destroyed when Asshur takes you captive.”
23 ULB তেতিয়া বিলিয়ামে নিজৰ শেষ পদ্যটি গাই গ’ল। তেওঁ ক’লে, হায় হায়! যেতিয়া ঈশ্বৰে ইয়াক কৰিব, তেতিয়া কোন জীয়াই থাকিব পাৰিব? BSB BSB: Once more Balaam lifted up an oracle, saying: “Ah, who can live unless God has ordained it?
24 ULB আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব; সেইবোৰে অচূৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব, কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব। BSB BSB: Ships will come from the coasts of Cyprus; they will subdue Asshur and Eber, but they too will perish forever.”
25 ULB তেতিয়া বিলিয়ামে উঠি গুচি গ’ল। তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ’ল। BSB BSB: Then Balaam arose and returned to his homeland, and Balak also went on his way.
Select verses for actions: Enter goes to them and Escape comes back.