1 ULB পাছে যোচেফৰ সন্তানসকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তানসকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল, BSB BSB: Now the family heads of the clan of Gilead son of Machir son of Manasseh, one of the clans of Joseph, approached Moses and the leaders who were the heads of the Israelite families and addressed them,
2 ULB তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তানসকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভূক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েকসকলক দিবলৈ মোৰ প্ৰভূৱে যিহোৱাৰ পৰা আজ্ঞা পালে। BSB BSB: saying, “When the LORD commanded my lord to give the land as an inheritance to the Israelites by lot, He also commanded him to give the inheritance of our brother Zelophehad to his daughters.
3 ULB কিন্তু ইস্ৰায়েলৰ সন্তানসকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি জনগোষ্ঠীৰ হ’ব, সেই জনগোষ্ঠীৰ উত্তৰাধীকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধীকাৰৰ ভাগৰ পৰা কটা যাব। BSB BSB: But if they marry any of the men from the other tribes of Israel, their inheritance will be withdrawn from the portion of our fathers and added to the tribe into which they marry. So our allotted inheritance would be taken away.
4 ULB আৰু যেতিয়া ইস্ৰায়েলৰ সন্তানসকলকৰ যোবেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি জনগোষ্ঠীৰ হ’ব, সেই জনগোষ্ঠীৰ উত্তৰাধীকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ জনগোষ্ঠীৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।” BSB BSB: And when the Jubilee for the Israelites comes, their inheritance will be added to the tribe into which they marry and taken away from the tribe of our fathers.”
5 ULB তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তানসকলৰ ফৈদে ঠিক কৈছে। BSB BSB: So at the word of the LORD, Moses commanded the Israelites: “The tribe of the sons of Joseph speaks correctly.
6 ULB যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃফৈদৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’ BSB BSB: This is what the LORD has commanded concerning the daughters of Zelophehad: They may marry anyone they please, provided they marry within a clan of the tribe of their father.
7 ULB এইদৰে ইস্ৰায়েলৰ সন্তানসকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-ফৈদৰ আধিপত্যতে থাকিব লাগিব। BSB BSB: No inheritance in Israel may be transferred from tribe to tribe, because each of the Israelites is to retain the inheritance of the tribe of his fathers.
8 ULB আৰু ইস্ৰায়েলৰ সন্তানসকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তানসকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-ফৈদৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব। BSB BSB: Every daughter who possesses an inheritance from any Israelite tribe must marry within a clan of the tribe of her father, so that every Israelite will possess the inheritance of his fathers.
9 ULB তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।” BSB BSB: No inheritance may be transferred from one tribe to another, for each tribe of Israel must retain its inheritance.”
10 ULB চলফাদৰ জীয়েকসকলে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য্য কৰিলে। BSB BSB: So the daughters of Zelophehad did as the LORD had commanded Moses.
11 ULB কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ’ল। BSB BSB: Mahlah, Tirzah, Hoglah, Milcah, and Noah, the daughters of Zelophehad, were married to cousins on their father’s side.
12 ULB যোচেফৰ পুত্ৰ মনচিৰ সন্তানসকলৰ গোষ্ঠীৰ মাজত সিহঁতৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল। BSB BSB: They married within the clans of the descendants of Manasseh son of Joseph, and their inheritance remained within the tribe of their father’s clan.
13 ULB যিহোৱাই যিৰীহোৰ সন্মূখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তানসকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে। BSB BSB: These are the commandments and ordinances that the LORD gave the Israelites through Moses on the plains of Moab by the Jordan across from Jericho.
Select verses for actions: Enter goes to them and Escape comes back.