1 ULB এতেকে, হে মোৰ প্ৰিয় আৰু ইষ্ট ভাই সকল, আপোনালোকেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ বন্ধু সকল, এনেদৰেই প্ৰভুত আপোনালোকে স্থিৰে থাকক৷ BSB BSB: Therefore, my brothers, whom I love and long for, my joy and crown, that is how you must stand firm in the Lord, my beloved.
2 ULB মই ইবদিয়া আৰু চুন্তুখীক বিনয় কৰি আছোঁ, প্ৰভুত তেওঁলোক যেন এক মনৰ হয়। BSB BSB: I urge Euodia and Syntyche to agree with each other in the Lord.
3 ULB প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷ BSB BSB: Yes, and I ask you, my true yokefellow, to help these women who have contended at my side for the gospel, along with Clement and the rest of my fellow workers, whose names are in the Book of Life.
4 ULB আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক। BSB BSB: Rejoice in the Lord always. I will say it again: Rejoice!
5 ULB আপোনালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ। BSB BSB: Let your gentleness be apparent to all. The Lord is near.
6 ULB আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক। BSB BSB: Be anxious for nothing, but in everything, by prayer and petition, with thanksgiving, present your requests to God.
7 ULB তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব। BSB BSB: And the peace of God, which surpasses all understanding, will guard your hearts and your minds in Christ Jesus.
8 ULB শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক। BSB BSB: Finally, brothers, whatever is true, whatever is honorable, whatever is right, whatever is pure, whatever is lovely, whatever is admirable—if anything is excellent or praiseworthy—think on these things. 9 ULB আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব। BSB BSB: Whatever you have learned or received or heard from me, or seen in me, put it into practice. And the God of peace will be with you.
10 ULB মই প্ৰভুত অতিশয় আনন্দিত, কাৰণ মোৰ উপকাৰৰ অৰ্থে আপোনালোকৰ চিন্তা শেষত পুনৰজীৱিত হ’ল৷ যদিও আপোনালোকে আগতে চিন্তা কৰিছিল, কিন্তু তেতিয়া সহায় কৰিবলৈ কোনো সুবিধা পোৱা নাছিল। BSB BSB: Now I rejoice greatly in the Lord that at last you have revived your concern for me. You were indeed concerned, but you had no opportunity to show it.
11 ULB নাটনিৰ বিষয়ে মই যে এই কথা কৈছোঁ, এনে নহয়; কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। BSB BSB: I am not saying this out of need, for I have learned to be content regardless of my circumstances.
12 ULB মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰাচুৰ্যতাৰ সময়টো থাকিবলৈ জানো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ। BSB BSB: I know how to live humbly, and I know how to abound. In any and every situation I have learned the secret of being filled and being hungry, of having plenty and having need.
13 ULB মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। BSB BSB: I can do all things through Christ who gives me strength.
14 ULB তথাপি আপোনালোক যে, মোৰ ক্লেশত সহভাগী হ’ল, সেই বিষয়ে বৰ ভাল কৰিলে। BSB BSB: Nevertheless, you have done well to share in my affliction.
15 ULB হে ফিলিপীয়া সকল, আপোনালোকে নিজেও জানে যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল আপোনালোকেহে হৈছিল; BSB BSB: And as you Philippians know, in the early days of the gospel, when I left Macedonia, no church but you partnered with me in the matter of giving and receiving.
16 ULB এনে কি, মই থিচলনীকীত থাকোঁতেও, আপোনালোকে এবাৰতকৈ বেছি মোৰ প্ৰয়োজনীয় উপকাৰ পঠিয়াইছিল। BSB BSB: For even while I was in Thessalonica, you provided for my needs again and again.
17 ULB মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ। BSB BSB: Not that I am seeking a gift, but I am looking for the fruit that may be credited to your account.
18 ULB সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হ'লো৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷ BSB BSB: I have all I need and more, now that I have received your gifts from Epaphroditus. They are a fragrant offering, an acceptable sacrifice, well-pleasing to God.
19 ULB আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব। BSB BSB: And my God will supply all your needs according to His glorious riches in Christ Jesus.
20 ULB এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন। BSB BSB: To our God and Father be glory forever and ever. Amen.
21 ULB খ্ৰীষ্ট যীচুত থকা সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। মোৰ লগৰ ভাই সকলে আপোনালোকক মঙ্গলবাদ কৰিছে। BSB BSB: Greet all the saints in Christ Jesus. The brothers who are with me send you greetings.
22 ULB সকলো পবিত্ৰ লোকে, বিশেষকৈ চীজাৰৰ ঘৰৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে। BSB BSB: All the saints send you greetings, especially those from the household of Caesar.
23 ULB প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। BSB BSB: The grace of the Lord Jesus Christ be with your spirit.
Select verses for actions: Enter goes to them and Escape comes back.