1 ULB ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়। BSB BSB: The king’s heart is a waterway in the hand of the LORD; He directs it where He pleases.
2 ULB সকলো মানুহৰ পথ তেওঁৰ নিজৰ দৃষ্টিত ন্যায়; কিন্তু যিহোৱাই হৃদয় জোখে। BSB BSB: All a man’s ways seem right to him, but the LORD weighs the heart.
3 ULB যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা; বলিদানতকৈ এই কৰ্য সমূহ যিহোৱাৰ গ্রহণীয়। BSB BSB: To do righteousness and justice is more desirable to the LORD than sacrifice.
4 ULB অহঙ্কাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়; দুষ্ট লোকৰ প্রদীপ পাপেৰে পৰিপূৰ্ণ। BSB BSB: Haughty eyes and a proud heart—the guides of the wicked—are sin.
5 ULB পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে। BSB BSB: The plans of the diligent bring plenty, as surely as haste leads to poverty.
6 ULB মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন-সম্পত্তি অস্থায়ী ভাপ, সেইবোৰ মৃত্যু বিচাৰে, BSB BSB: Making a fortune by a lying tongue is a vanishing mist, a deadly pursuit.
7 ULB দুষ্ট লোকৰ অত্যাচাৰে তেওঁলোকক দূৰ কৰিব; কাৰণ তেওঁলোকে ন্যায় পথত চলিবলৈ অসন্মত হয়। BSB BSB: The violence of the wicked will sweep them away because they refuse to do what is just.
8 ULB অপৰাধীৰ পথ কুটিল হয়, কিন্তু যি জন শুদ্ধ, তেওঁ সৎ কাৰ্য কৰে। BSB BSB: The way of a guilty man is crooked, but the conduct of the innocent is upright.
9 ULB দন্দুৰী স্বভাৱৰ ভাৰ্যাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ চালৰ এচুকত বাস কৰাই ভাল। BSB BSB: Better to live on a corner of the roof than to share a house with a quarrelsome wife.
10 ULB দুষ্ট লোকৰ আত্মাই পাপ আকাঙ্ক্ষা কৰে, আৰু তেওঁৰ পৰা তেওঁৰ চুবুৰীয়া কৃপা দৃষ্টি নাপায়। BSB BSB: The soul of the wicked man craves evil; his neighbor finds no favor in his eyes.
11 ULB যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়, আৰু যেতিয়া জ্ঞানী লোকে নিৰ্দেশ পায়, তেতিয়া তেওঁৰ জ্ঞান বৃদ্ধি হয়। BSB BSB: When a mocker is punished, the simple gain wisdom; and when a wise man is instructed, he acquires knowledge.
12 ULB যি জনে সৎ কাৰ্য কৰে, তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে; তেওঁ দুষ্ট লোকলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে। BSB BSB: The Righteous One considers the house of the wicked and brings the wicked to ruin.
13 ULB যি জনে দৰিদ্ৰ লোকৰ কাতৰোক্তি নুশুনে, সেই জন যেতিয়া কান্দিব, তেতিয়া কোনেও নুশুনিব। BSB BSB: Whoever shuts his ears to the cry of the poor, he too shall cry out and receive no answer.
14 ULB গুপ্ত উপহাৰ ক্রোধ শান্ত কৰে, আৰু গোপন উপহাৰে প্ৰচণ্ড ক্ৰোধৰ পৰা আঁতৰায় ৰাখে। BSB BSB: A gift in secret soothes anger, and a covert bribe pacifies great wrath.
15 ULB যেতিয়া ন্যায় বিচাৰ হয়, তেতিয়া ন্যায় কৰা জনে আনন্দ পায়; কিন্তু কুকৰ্ম কৰা জনলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে। BSB BSB: Justice executed is a joy to the righteous, but a terror to the workers of iniquity.
16 ULB যি জনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে, সেই জনে মৃত সকলৰ সমাজত জিৰণী ল’ব। BSB BSB: The man who strays from the path of understanding will rest in the assembly of the dead.
17 ULB যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব; আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব। BSB BSB: He who loves pleasure will become poor; the one who loves wine and oil will never be rich.
18 ULB সৎ কাৰ্য কৰা লোকৰ বাবে দুষ্টলোকে প্রায়শ্চিত পায়; আৰু ন্যায়পৰায়ণ লোকৰ বাবে বিশ্বাসঘাতকৰ প্রায়শ্চিত হয়। BSB BSB: The wicked become a ransom for the righteous, and the faithless for the upright.
19 ULB দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল। BSB BSB: Better to live in the desert than with a contentious and ill-tempered wife.
20 ULB জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে। BSB BSB: Precious treasures and oil are in the dwelling of the wise, but a foolish man consumes them.
21 ULB যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে। BSB BSB: He who pursues righteousness and loving devotion finds life, righteousness, and honor.
22 ULB জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে। BSB BSB: A wise man scales the city of the mighty and pulls down the stronghold in which they trust.
23 ULB যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে। BSB BSB: He who guards his mouth and tongue keeps his soul from distress.
24 ULB গৰ্ব্বি আৰু অহঙ্কাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে। BSB BSB: Mocker is the name of the proud and arrogant man—of him who acts with excessive pride.
25 ULB এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়। BSB BSB: The craving of the slacker kills him because his hands refuse to work.
26 ULB ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাঙ্ক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে। BSB BSB: All day long he covets more, but the righteous give without restraint.
27 ULB দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব। BSB BSB: The sacrifice of the wicked is detestable—how much more so when brought with ill intent!
28 ULB মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব; কিন্তু কথা শুনা জনে, তেওঁ সকলো সময়ৰ বাবে কথা ক’ব। BSB BSB: A lying witness will perish, but the man who listens to truth will speak forever.
29 ULB দুষ্ট লোকে নিজকে পৰাক্রমী দেখুৱাই; কিন্তু ন্যায়পৰায়ণ লোকে নিজৰ পথ বিবেচনা কৰে। BSB BSB: A wicked man hardens his face, but the upright man makes his way sure.
30 ULB যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা, বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে। BSB BSB: There is no wisdom, no understanding, no counsel that can prevail against the LORD.
31 ULB যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়, কিন্তু জয় যিহোৱাৰ কাৰণেহে হয়। BSB BSB: A horse is prepared for the day of battle, but victory is of the LORD.
Select verses for actions: Enter goes to them and Escape comes back.