1 ULB ৰজা লমুৱেলৰ বাক্য; তেওঁৰ মাতৃয়ে তেওঁক ঈশ্বৰীয় বচন শিক্ষা দিয়া। BSB BSB: These are the words of King Lemuel—the burden that his mother taught him:
2 ULB মোৰ পুত্র কি? আৰু মোৰ গৰ্ভৰ পৰা জন্মা পুত্ৰ কি? আৰু মোৰ সঙ্কল্পৰ পুত্র কি? BSB BSB: What shall I say, O my son? What, O son of my womb? What, O son of my vows?
3 ULB তোমাৰ শক্তি মহিলাক নিদিবা, আৰু ৰজাক ধ্বংস কৰা সকলৰ পথত নচলিবা। BSB BSB: Do not spend your strength on women or your vigor on those who ruin kings.
4 ULB হে লমুৱেল, এইটো ৰজাসকলৰ বাবে নহয়, ৰজাসকলৰ বাবে সুৰা পান কৰা উপযুক্ত নহয়; অথবা “সুৰা ক’ত আছে?” বুলি শাসনকৰ্ত্তাই সোধা অনুচিত; BSB BSB: It is not for kings, O Lemuel, it is not for kings to drink wine, or for rulers to crave strong drink,
5 ULB তেওঁলোকে পান কৰিব আৰু বিধানত কি আছে তাক পাহৰিব, আৰু সকলো দুৰ্দশাগ্রস্ত লোকৰ অধিকাৰক বিপথগামী কৰিব। BSB BSB: lest they drink and forget what is decreed, depriving all the oppressed of justice.
6 ULB বিনাশলৈ যোৱা জনক সুৰা দিয়া, আৰু বেদনাদায়ক যন্ত্রণাত ভোগি থকা সকলক দ্রাক্ষাৰস পান কৰোৱা। BSB BSB: Give strong drink to one who is perishing, and wine to the bitter in soul.
7 ULB তেওঁ পান কৰিব আৰু নিজৰ দৰিদ্রতাক পাহৰিব, আৰু তেওঁৰ সমস্যাৰ কথা মনত নাথাকিব। BSB BSB: Let him drink and forget his poverty, and remember his misery no more.
8 ULB কথা ক’ব নোৱাৰা সকলৰ বাবে কথা কোৱা, বিনাশ হোৱা সকলৰ কাৰণ সমূহৰ বাবে BSB BSB: Open your mouth for those with no voice, for the cause of all the dispossessed.
9 ULB কথা কোৱা আৰু ন্যায়ৰ জোখেৰে বিচাৰ কৰা। দৰিদ্ৰ আৰু অভাবি লোকৰ বিষয়ে বিচাৰ কৰা। BSB BSB: Open your mouth, judge righteously, and defend the cause of the poor and needy.
10 ULB প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়? মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক BSB BSB: A wife of noble character, who can find? She is far more precious than rubies.
11 ULB তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে, আৰু তেওঁৰ স্বামীৰ কেতিয়াও অভাৱ নহয়। BSB BSB: The heart of her husband trusts in her, and he lacks nothing of value.
12 ULB তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে। BSB BSB: She brings him good and not harm all the days of her life.
13 ULB তেওঁ ঊল আৰু শণ সূতা বাচি লয়, আৰু আনন্দেৰে নিজৰ হাতেৰে সেই সূতা দি কাম কৰে। BSB BSB: She selects wool and flax and works with eager hands.
14 ULB তেওঁ বণিক জাহাজৰ দৰে, তেওঁ বহুত দূৰৰ পৰা নিজৰ খোৱা বস্তু আনে, BSB BSB: She is like the merchant ships, bringing her food from afar.
15 ULB তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়, আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে, আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে। BSB BSB: She rises while it is still night to provide food for her household and portions for her maidservants.
16 ULB তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়; তেওঁ নিজৰ হাতৰ শ্ৰমৰ ফলেৰে দ্ৰাক্ষাবাৰী পাতে। BSB BSB: She appraises a field and buys it; from her earnings she plants a vineyard.
17 ULB তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে, আৰু নিজৰ বাহু বলৱান কৰে। BSB BSB: She girds herself with strength and shows that her arms are strong.
18 ULB তেওঁৰ বাবে লাভ জনক যি তেনে বিষয় তেওঁ চিন্তা কৰে, আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়। BSB BSB: She sees that her gain is good, and her lamp is not extinguished at night.
19 ULB তেওঁ টাকুৰি ঘুৰাবলৈ নিজৰ হাত মেলে, আৰু তেওঁ সূতা ঘুৰাই হাত দাঙি ৰাখে। BSB BSB: She stretches out her hands to the distaff and grasps the spindle with her fingers.
20 ULB তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে। BSB BSB: She opens her arms to the poor and reaches out her hands to the needy.
21 ULB তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে; তেওঁৰ ঘৰৰ সকলো লোকে ৰঙা বৰণীয়া কাপোৰ পিন্ধে। BSB BSB: When it snows, she has no fear for her household, for they are all clothed in scarlet.
22 ULB তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে; তেওঁ মিহি শণ সুতাৰ বেঙুনীয়া ৰঙৰ পোচাক পিন্ধে। BSB BSB: She makes coverings for her bed; her clothing is fine linen and purple.
23 ULB যেতিয়া তেওঁ দেশত বৃদ্ধসকলৰ লগত বহে, তেতিয়া তেওঁৰ স্বামী সকলোৰে পৰিচিত হয়; BSB BSB: Her husband is known at the city gates, where he sits among the elders of the land.
24 ULB তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে, আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে। BSB BSB: She makes linen garments and sells them; she delivers sashes to the merchants.
25 ULB তেওঁ বল আৰু সন্মানেৰে পোচাক পিন্ধে; তেওঁ আহিব লগা দিনৰ বাবে নিশ্চিন্ত হৈ হাঁহে। BSB BSB: Strength and honor are her clothing, and she can laugh at the days to come.
26 ULB তেওঁ নিজৰ মুখ প্ৰজ্ঞাৰ কথা কবলৈ মেলে; আৰু তেওঁৰ জিভাত দয়াৰ শিক্ষা থাকে। BSB BSB: She opens her mouth with wisdom, and faithful instruction is on her tongue.
27 ULB তেওঁ নিজৰ ঘৰৰ লোকসকলৰ চালচলনলৈ দৃষ্টি ৰাখে, আৰু তেওঁ এলেহুৱাৰ আহাৰ নাখায়। BSB BSB: She watches over the affairs of her household and does not eat the bread of idleness.
28 ULB তেওঁৰ সন্তান সকলে সাৰ পায়, আৰু যি বস্তু সিহঁতক সুখী কৰিব, সেইবোৰ সিহঁতক তেওঁ দিয়ে। তেওঁৰ স্বামীয়ে তেওঁক প্ৰশংসা কৰি কয়, BSB BSB: Her children rise up and call her blessed; her husband praises her as well:
29 ULB “অনেক জীয়েকে ভাল কাৰ্য কৰে, কিন্তু তুমি তেওঁলোক সকলোকে অতিক্রম কৰিলা” BSB BSB: “Many daughters have done noble things, but you surpass them all!”
30 ULB সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন, কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয় হ’ব। BSB BSB: Charm is deceptive and beauty is fleeting, but a woman who fears the LORD is to be praised.
31 ULB তেওঁৰ হাতৰ শ্রমৰ অনুসাৰে তেওঁক ফল দিয়া, আৰু দুৱাৰত তেওঁৰ কামবোৰক প্রশংসা কৰা। BSB BSB: Give her the fruit of her hands, and let her works praise her at the gates.
Select verses for actions: Enter goes to them and Escape comes back.