1 ULB তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! যিহোৱাৰ নামৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসসকল, তেওঁৰ প্রশংসা কৰা। BSB BSB: Hallelujah! Praise the name of the LORD. Give praise, O servants of the LORD,
2 ULB তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা! BSB BSB: who stand in the house of the LORD, in the courts of the house of our God.
3 ULB তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়। BSB BSB: Hallelujah, for the LORD is good; sing praises to His name, for it is lovely.
4 ULB কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে। BSB BSB: For the LORD has chosen Jacob as His own, Israel as His treasured possession.
5 ULB কিয়নো মই জানো যে যিহোৱা মহান, আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান। BSB BSB: For I know that the LORD is great; our Lord is above all gods.
6 ULB আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে। BSB BSB: The LORD does all that pleases Him in the heavens and on the earth, in the seas and in all their depths.
7 ULB তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে। BSB BSB: He causes the clouds to rise from the ends of the earth. He generates the lightning with the rain and brings forth the wind from His storehouses.
8 ULB তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তানসকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে। BSB BSB: He struck down the firstborn of Egypt, of both man and beast.
9 ULB হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে। BSB BSB: He sent signs and wonders into your midst, O Egypt, against Pharaoh and all his servants.
10 ULB তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে। BSB BSB: He struck down many nations and slaughtered mighty kings:
11 ULB ইমোৰীয়াসকলৰ ৰজা চিহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে। BSB BSB: Sihon king of the Amorites, Og king of Bashan, and all the kings of Canaan.
12 ULB তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে। BSB BSB: He gave their land as an inheritance, as a heritage to His people Israel.
13 ULB হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী। BSB BSB: Your name, O LORD, endures forever, Your renown, O LORD, through all generations.
14 ULB কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসসকলক কৃপা কৰিব। BSB BSB: For the LORD will vindicate His people and will have compassion on His servants.
15 ULB জাতিসমূহৰৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য্য। BSB BSB: The idols of the nations are silver and gold, made by the hands of men.
16 ULB সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে; BSB BSB: They have mouths, but cannot speak; they have eyes, but cannot see;
17 ULB কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই। BSB BSB: they have ears, but cannot hear; nor is there breath in their mouths.
18 ULB সেইবোৰৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা। BSB BSB: Those who make them become like them, as do all who trust in them.
19 ULB হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; BSB BSB: O house of Israel, bless the LORD; O house of Aaron, bless the LORD;
20 ULB হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱালৈ ভয় ৰখা ভক্ত লোকসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা। BSB BSB: O house of Levi, bless the LORD; you who fear the LORD, bless the LORD!
21 ULB চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক; তেওঁ যিৰূচালেমত নিবাস কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। BSB BSB: Blessed be the LORD from Zion—He who dwells in Jerusalem. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.