1 ULB হে যিহোৱা, তোমাৰ ক্ৰোধত মোক ধমকি নিদিবা; তোমাৰ প্ৰচণ্ড কোপত মোক শাস্তি নিদিবা। BSB BSB: A Psalm of David, for remembrance. O LORD, do not rebuke me in Your anger or discipline me in Your wrath.
2 ULB কিয়নো তোমাৰ কাঁড়বোৰে মোক বিন্ধিছে, তোমাৰ হাতে মোক বৰকৈ হেঁচি ধৰিছে। BSB BSB: For Your arrows have pierced me deeply, and Your hand has pressed down on me.
3 ULB তোমাৰ ক্রোধৰ কাৰণে মোৰ শৰীৰত ক’তো সুস্থতা নাই; মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত স্বাস্থ্য নাই। BSB BSB: There is no soundness in my body because of Your anger; there is no rest in my bones because of my sin.
4 ULB মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে; সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে। BSB BSB: For my iniquities have overwhelmed me; they are a burden too heavy to bear.
5 ULB মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁবোৰ গেলি দুৰ্গন্ধময় হৈছে। BSB BSB: My wounds are foul and festering because of my sinful folly.
6 ULB মই দুখ পাই অতিশয় কুঁজা হৈ পৰিছো, ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ। BSB BSB: I am bent and brought low; all day long I go about mourning.
7 ULB মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে, মোৰ শৰীৰৰ ক’তো সুস্থতা নাই। BSB BSB: For my loins are full of burning pain, and no soundness remains in my body.
8 ULB মই অতিশয় দুৰ্ব্বল আৰু ভগ্ন হৈছোঁ; মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ। BSB BSB: I am numb and badly crushed; I groan in anguish of heart.
9 ULB হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই। BSB BSB: O Lord, my every desire is before You; my groaning is not hidden from You.
10 ULB মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে; এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে। BSB BSB: My heart pounds, my strength fails, and even the light of my eyes has faded.
11 ULB মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আতঁৰত থাকে। BSB BSB: My beloved and friends shun my disease, and my kinsmen stand at a distance.
12 ULB যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে। BSB BSB: Those who seek my life lay snares; those who wish me harm speak destruction, plotting deceit all day long.
13 ULB মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো; মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হৈ গ’লো। BSB BSB: But like a deaf man, I do not hear; and like a mute man, I do not open my mouth.
14 ULB যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো। BSB BSB: I am like a man who cannot hear, whose mouth offers no reply.
15 ULB হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছো; হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা। BSB BSB: I wait for You, O LORD; You will answer, O Lord my God.
16 ULB মই প্রার্থনা কৰোঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।” BSB BSB: For I said, “Let them not gloat over me—those who taunt me when my foot slips.”
17 ULB মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে। BSB BSB: For I am ready to fall, and my pain is ever with me.
18 ULB মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছো। BSB BSB: Yes, I confess my iniquity; I am troubled by my sin.
19 ULB যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী। যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক। BSB BSB: Many are my enemies without cause, and many hate me without reason.
20 ULB মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰো, তেওঁলোক মোৰ বিৰোধী। BSB BSB: Those who repay my good with evil attack me for pursuing the good.
21 ULB হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আতঁৰত নাথাকিবা। BSB BSB: Do not forsake me, O LORD; be not far from me, O my God.
22 ULB হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা! মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ। BSB BSB: Come quickly to help me, O Lord my Savior.
Select verses for actions: Enter goes to them and Escape comes back.