1 ULB হে সমুদায় জাতি, তোমালোকে এইকথা শুনা; হে জগত-নিবাসী, কাণ পাতা। BSB BSB: For the choirmaster. A Psalm of the sons of Korah. Hear this, all you peoples; listen, all inhabitants of the world,
2 ULB উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা। BSB BSB: both low and high, rich and poor alike.
3 ULB মোৰ মুখে জ্ঞানৰ কথা কব; মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক। BSB BSB: My mouth will impart wisdom, and the meditation of my heart will bring understanding.
4 ULB মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম; বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম। BSB BSB: I will incline my ear to a proverb; I will express my riddle with the harp:
5 ULB মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে, সেই সঙ্কটৰ কালত মই কিয় ভয় কৰি থাকিম? BSB BSB: Why should I fear in times of trouble, when wicked usurpers surround me?
6 ULB সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহঙ্কাৰ কৰে। BSB BSB: They trust in their wealth and boast in their great riches.
7 ULB কোনেও কাকো কোনো প্রকাৰে মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে। নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে, যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে। BSB BSB: No man can possibly redeem his brother or pay his ransom to God.
8 ULB কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক; মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে, BSB BSB: For the redemption of his soul is costly, and never can payment suffice,
9 ULB যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাঁতলৈ নাযাব। BSB BSB: that he should live on forever and not see decay.
10 ULB আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়; নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই তেওঁলোক বিনষ্ট হয়। তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়। BSB BSB: For it is clear that wise men die, and the foolish and the senseless both perish and leave their wealth to others.
11 ULB তেওঁলোকৰ মনোভাৱ এই যে, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে। BSB BSB: Their graves are their eternal homes—their dwellings for endless generations—even though their lands were their namesakes.
12 ULB কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব। BSB BSB: But a man, despite his wealth, cannot endure; he is like the beasts that perish.
13 ULB যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, আৰু তেওঁলোকৰ পাছত যি লোকসকলে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা) BSB BSB: This is the fate of the foolish and their followers who endorse their sayings. Selah
14 ULB তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা ভেড়াৰ জাকস্বৰূপ; মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হব; ঈশ্বৰ-ভক্তসকলে ৰাতিপুৱাই তেওঁলোকৰ ওপৰত কর্তৃত্ব কৰিব; তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব; তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব। BSB BSB: Like sheep they are destined for Sheol. Death will be their shepherd. The upright will rule them in the morning, and their form will decay in Sheol, far from their lofty abode.
15 ULB কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা)। BSB BSB: But God will redeem my life from Sheol, for He will surely take me to Himself. Selah
16 ULB যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ ধন-সম্পদ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা। BSB BSB: Do not be afraid when a man grows rich, when the splendor of his house increases.
17 ULB কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব। BSB BSB: For when he dies, he will carry nothing away; his abundance will not follow him down.
18 ULB যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে, কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে; BSB BSB: Though in his lifetime he blesses his soul—and men praise you when you prosper—
19 ULB তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব, যিসকলে পুণৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব। BSB BSB: he will join the generation of his fathers, who will never see the light of day.
20 ULB কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব। BSB BSB: A man who has riches without understanding is like the beasts that perish.
Select verses for actions: Enter goes to them and Escape comes back.