Revelation 15 15 Revelation Seals, trumpets and bowls Assamese Unlocked Literal Bible 1 ULB তেতিয়া মই স্বৰ্গত আন এটা মহৎ আৰু আচৰিত চিন: সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত দেখিলোঁ, সেইবোৰেই শেষ উৎপাত; কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়। BSB BSB: Then I saw another great and marvelous sign in heaven: seven angels with the seven final plagues, with which the wrath of God is completed.
2 ULB পাছত জুইৰে মিহলি হোৱা এখন আয়নাৰ দৰে সমুদ্ৰ দেখিলোঁ; আৰু যি সকল সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ’ল, তেওঁলোকক ঈশ্বৰৰ বীণা লৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ; BSB BSB: And I saw something like a sea of glass mixed with fire, beside which stood those who had conquered the beast and its image and the number of its name. They were holding harps from God,
3 ULB সেই লোক সকলে ঈশ্বৰৰ দাস মোচিৰ গীত আৰু সেই মেষ পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে জাতিবোৰ ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷ BSB BSB: and they sang the song of God’s servant Moses and of the Lamb: “Great and wonderful are Your works, O Lord God Almighty! Just and true are Your ways, O King of the nations!
4 ULB আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় প্ৰকাশিত কৰা হ’ল৷” BSB BSB: Who will not fear You, O Lord, and glorify Your name? For You alone are holy. All nations will come and worship before You, for Your righteous acts have been revealed.”
5 ULB তাৰ পাছত মই দেখিলোঁ, সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য-তম্বুৰ মন্দিৰ স্ৱর্গত মেলা হ’ল; BSB BSB: After this I looked, and the temple—the tabernacle of the Testimony—was opened in heaven.
6 ULB সেই অতি পবিত্ৰ স্থানৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত ওলাল; তেওঁলোক শুদ্ধ আৰু উজ্জল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল। BSB BSB: And out of the temple came the seven angels with the seven plagues, dressed in clean and bright linen and girded with golden sashes around their chests.
7 ULB পাছত সেই চাৰি জীৱিত প্ৰাণীৰ এটাই সেই সাত জন দূতক চিৰকাল জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পুৰ হোৱা সাতোটা সোণৰ বাটি দিলে। BSB BSB: Then one of the four living creatures gave the seven angels seven golden bowls full of the wrath of God, who lives forever and ever.
8 ULB ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোৱাঁৰে মন্দিৰ পৰিপূৰ্ণ হ’ল; আৰু সেই সাত জন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে। BSB BSB: And the temple was filled with smoke from the glory of God and from His power; and no one could enter the temple until the seven plagues of the seven angels were completed.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Revelation 15
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Revelation 15, and keep Opened free for readers who can’t pay.