1 ULB এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা। BSB BSB: Therefore I urge you, brothers, on account of God’s mercy, to offer your bodies as living sacrifices, holy and pleasing to God, which is your spiritual service of worship.
2 ULB আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷ BSB BSB: Do not be conformed to this world, but be transformed by the renewing of your mind. Then you will be able to test and approve what is the good, pleasing, and perfect will of God.
3 ULB কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক। BSB BSB: For by the grace given me I say to every one of you: Do not think of yourself more highly than you ought, but think of yourself with sober judgment, according to the measure of faith God has given you.
4 ULB কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়, BSB BSB: Just as each of us has one body with many members, and not all members have the same function,
5 ULB তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছো। BSB BSB: so in Christ we who are many are one body, and each member belongs to one another.
6 ULB কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেন্তে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷ BSB BSB: We have different gifts according to the grace given us. If one’s gift is prophecy, let him use it in proportion to his faith;
7 ULB যদি পৰিচৰ্যাৰ বৰ হয়, তেন্তে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷ BSB BSB: if it is serving, let him serve; if it is teaching, let him teach;
8 ULB উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক। BSB BSB: if it is encouraging, let him encourage; if it is giving, let him give generously; if it is leading, let him lead with diligence; if it is showing mercy, let him do it cheerfully.
9 ULB প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি উত্তম, তাত আসক্ত হওক৷ BSB BSB: Love must be sincere. Detest what is evil; cling to what is good.
10 ULB ভ্ৰাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷ BSB BSB: Be devoted to one another in brotherly love. Outdo yourselves in honoring one another.
11 ULB যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷ BSB BSB: Do not let your zeal subside; keep your spiritual fervor, serving the Lord.
12 ULB আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক; BSB BSB: Be joyful in hope, patient in affliction, persistent in prayer.
13 ULB পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক। BSB BSB: Share with the saints who are in need. Practice hospitality.
15 ULB যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক। BSB BSB: Rejoice with those who rejoice; weep with those who weep.
16 ULB আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক ৷ নিজৰ নিজৰ মানত জ্ঞানী নহব। BSB BSB: Live in harmony with one another. Do not be proud, but associate with the lowly. Do not be conceited.
18 ULB যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক। BSB BSB: If it is possible on your part, live at peace with everyone.
20 ULB “কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেন্তে তেওঁক ভোজন কৰোঁৱা; যদি তেওঁৰ পিয়াহ লাগে, তেন্তে জল পান কৰোঁৱা; তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”। BSB BSB: On the contrary, “If your enemy is hungry, feed him; if he is thirsty, give him a drink. For in so doing, you will heap burning coals on his head.”
21 ULB কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক। BSB BSB: Do not be overcome by evil, but overcome evil with good.
Select verses for actions: Enter goes to them and Escape comes back.