1 ULB তোমালোকে বসন্তকালৰ সময়ত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা- ধুমুহা-বৰষুণ সৃষ্টি কৰোঁতা যিহোৱা তেৱেই! আৰু তেৱেঁই তেওঁলোকৰ বাবে জাকে জাকে বৰষুণ দিব, মানুহ আৰু পথাৰ উভয়ৰ বাবেই বৰষুণ বৰষাব। BSB BSB: Ask the LORD for rain in springtime; the LORD makes the storm clouds, and He will give everyone showers of rain and crops in the field.
2 ULB কিয়নো গৃহ দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে ভেড়াৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়। BSB BSB: For idols speak deceit and diviners see illusions; they tell false dreams and offer empty comfort. Therefore the people wander like sheep, oppressed for lack of a shepherd.
3 ULB ভেড়া ৰখীয়াসকলৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে, আৰু এই মতা ছাগলীবোৰক (পৰিচাৰকসকলক) মই দণ্ড দিম; কিয়নো বাহিনীসকলৰ যিহোৱাই তেওঁৰ জাক যিহূদা-বংশৰ বুজ-বিচাৰ লৈ, তেওঁলোকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব! BSB BSB: “My anger burns against the shepherds, and I will punish the leaders. For the LORD of Hosts attends to His flock, the house of Judah; He will make them like His royal steed in battle.
4 ULB তাৰে পৰাই চুকৰ শিলটো, তম্বু ধৰি ৰখা খুটি, যুদ্ধৰ ধনু আৰু অধিপতি সকল আহিব। BSB BSB: The cornerstone will come from Judah, the tent peg from him, as well as the battle bow and every ruler together.
5 ULB তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব। BSB BSB: They will be like mighty men in battle, trampling the enemy in the mire of the streets. They will fight because the LORD is with them, and they will put the horsemen to shame.
6 ULB “মই যিহূদা বংশক সবল কৰিম আৰু যোচেফৰ বংশক উদ্ধাৰ কৰিম; কিয়নো তেওঁলোকক মই পুনৰায় পূৰ্ব অৱস্থালৈ আনিম কাৰণ তেওঁলোকৰ ওপৰত মোৰ দয়া আছে। তেওঁলোক যেন মোৰ দ্বাৰাই পৰিত্যক্ত হোৱা নাছিল, এনেকুৱা তেওঁলোক হ’ব; কাৰণ মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম। BSB BSB: I will strengthen the house of Judah and save the house of Joseph. I will restore them because I have compassion on them, and they will be as though I had not rejected them. For I am the LORD their God, and I will answer them.
7 ULB তেতিয়া ইফ্ৰয়িমীয়াসকল বীৰপুৰুষৰ নিচিনা হ’ব আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁলোকৰ হৃদয়ত তেনে আনন্দ হ’ব; তেওঁলোকৰ সন্তানসকলে তাকে দেখি আনন্দ কৰিব। তেওঁলোকৰ হৃদয়ে যিহোৱাত উল্লাস কৰিব! BSB BSB: Ephraim will be like a mighty man, and their hearts will be glad as with wine. Their children will see it and be joyful; their hearts will rejoice in the LORD.
8 ULB মই তেওঁলোকক সুহুৰিয়াই মাতি একগোট কৰিম, কিয়নো মই তেওঁলোকক উদ্ধাৰ কৰিম আৰু তেওঁলোক পুনৰায় বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব! BSB BSB: I will whistle for them to gather, for I have redeemed them; and they will be as numerous as they once were.
9 ULB মই তেওঁলোকক জাতি সমূহৰ মাজত বীজ সিঁচাৰ দৰে সিঁচিছিলো, কিন্তু তেওঁলোকে দূৰ দেশত মোক সোঁৱৰণ কৰিব যাতে তেওঁলোকে নিজ নিজ সন্তানসকলৰ সৈতে জীৱন-যাপন কৰি ঘূৰি আহিব। BSB BSB: Though I sow them among the nations, they will remember Me in distant lands; they and their children will live and return.
10 ULB কিয়নো মই তেওঁলোকক মিচৰ দেশৰ পৰা ঘূৰাই আনিম আৰু অচূৰৰ পৰা তেওঁলোকক গোট খুৱাম। যেতিয়া তেওঁলোকৰ ঠাইৰ নাটনি হ’ব, তেতিয়া মই তেওঁলোকক গিলিয়দ দেশ আৰু লিবাননলৈ আনিম। BSB BSB: I will bring them back from Egypt and gather them from Assyria. I will bring them to Gilead and Lebanon until no more room is found for them.
11 ULB তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ৱ তল পেলোৱা হ’ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব। BSB BSB: They will pass through the sea of distress and strike the waves of the sea; all the depths of the Nile will dry up. The pride of Assyria will be brought down, and the scepter of Egypt will depart.
12 ULB মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা। BSB BSB: I will strengthen them in the LORD, and in His name they will walk,” declares the LORD.