1 ULB চোৱা! যি দিনা তুমি লুট কৰি লোৱা দ্ৰব্য শত্ৰুৱে তোমাৰ মাজত ভাগ কৰি ল’ব, যিহোৱাৰ এনে এটা দিন আহি আছে। BSB BSB: Behold, a day of the LORD is coming when your plunder will be divided in your presence.
2 ULB কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব। BSB BSB: For I will gather all the nations for battle against Jerusalem, and the city will be captured, the houses looted, and the women ravished. Half of the city will go into exile, but the rest of the people will not be removed from the city.
3 ULB কিন্তু যিহোৱাই যুদ্ধ কৰিবলৈ ওলাই যাব আৰু সেই নগৰবোৰৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ দৰেই যুঁজ কৰিব। BSB BSB: Then the LORD will go out to fight against those nations, as He fights in the day of battle.
4 ULB সেই দিনা পূৱফালে যিৰূচালেমৰ সন্মুখত থকা জৈতুন পৰ্ব্বতৰ ওপৰত তেওঁৰ চৰণ স্থিতি হ’ব; আৰু জৈতুন পৰ্বত মাজেৰে ফাটি পূব আৰু পশ্চিম ফালে ভাগ হৈ বৰ ডাঙৰ উপত্যকা হ’ব আৰু পৰ্বতৰ এফাল উত্তৰ দিশে আৰু আন ফাল দক্ষিণ দিশে হুঁহকি যাব। BSB BSB: On that day His feet will stand on the Mount of Olives, east of Jerusalem, and the Mount of Olives will be split in two from east to west, forming a great valley, with half the mountain moving to the north and half to the south.
6 ULB আৰু এনে ঘটিব যে সেই দিনা পোহৰ নহ’ব; জ্যোতিবোৰ ম্লান হৈ যাব। BSB BSB: On that day there will be no light, no cold or frost.
7 ULB কিন্তু সেয়ে যিহোৱাই জনা অনুপম দিন হ’ব, সেয়ে দিনো নহয় ৰাতিও নহয়, কিন্তু সন্ধ্যা সময়ত পোহৰ হ’ব। BSB BSB: It will be a unique day known only to the LORD, without day or night; but when evening comes, there will be light.
8 ULB আৰু সেইদিনা যিৰূচালেমৰ পৰা জীৱন্ত জল সমূহ ওলাব, তাৰ আধা পূৱ সমূদ্ৰৰ ফালে, আধা পশ্চিম সমূদ্ৰৰ ফালে যাব; সেয়ে গৰম বা জাৰকালতো থাকিব। BSB BSB: And on that day living water will flow out from Jerusalem, half of it toward the Eastern Sea and the other half toward the Western Sea, in summer and winter alike.
9 ULB যিহোৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ’ব! সেইদিনা যিহোৱা অদ্বিতীয় হ’ব আৰু তেওঁৰ নামো অদ্বিতীয় হ’ব। BSB BSB: On that day the LORD will become King over all the earth—the LORD alone, and His name alone.
10 ULB গেবাৰে পৰা তাৰ মাজত দক্ষিণফালে থকা ৰিম্মোনলৈকে গোটেই দেশ পৰিবৰ্ত্তন হৈ অৰাবা যেন হ’ব আৰু নগৰখন বিন্যামীনৰ দুৱাৰৰ পৰা প্ৰথম দুৱাৰৰ ঠাইলৈকে, চুকৰ দুৱাৰলৈকে আৰু হননেলৰ ওখ কোঁঠৰ পৰা ৰজাৰ দ্ৰাক্ষাকুণ্ডলৈকে ওখ হৈ নিজ ঠাইত স্থাপিত হ’ব। BSB BSB: All the land from Geba to Rimmon south of Jerusalem will be turned into a plain, but Jerusalem will be raised up and will remain in her place, from the Benjamin Gate to the site of the First Gate to the Corner Gate, and from the Tower of Hananel to the royal winepresses.
11 ULB লোকসকলে যিৰূচালেমত বাস কৰিব; কোনো শত্রুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব। যিৰূচালেম নিৰাপদে বাস কৰিব। BSB BSB: People will live there, and never again will there be an utter destruction. So Jerusalem will dwell securely.
12 ULB যিৰূচালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক যিহোৱাই এই মহামাৰীৰে আঘাত কৰিব: ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে তেওঁলোকৰ মাংস ক্ষয় পাব, চকুৰ গাঁতত তেওঁলোকৰ চকু ক্ষয় পাব আৰু তেওঁলোকৰ মুখত তেওঁলোকৰ জিভা ক্ষয় পাব। BSB BSB: And this will be the plague with which the LORD strikes all the peoples who have warred against Jerusalem: Their flesh will rot while they stand on their feet, their eyes will rot in their sockets, and their tongues will rot in their mouths.
13 ULB আৰু সেই দিনা তেওঁলোকৰ মাজত যিহোৱাৰ পৰা মহাকোলাহল উপস্থিত হ’ব; তেতিয়া প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ হাতত ধৰিব আৰু প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ অহিতে হাত তুলিব। BSB BSB: On that day a great panic from the LORD will come upon them, so that each will seize the hand of another, and the hand of one will rise against the other.
14 ULB যিহূদায়ো যিৰূচালেমত যুঁজ কৰিব! তেওঁলোকে চাৰিওফালে থকা সকলো জাতিৰ সোণ ৰূপ, কাপোৰ আদি ধন-সম্পত্তি অধিকৰূপে গোটাব। BSB BSB: Judah will also fight at Jerusalem, and the wealth of all the surrounding nations will be collected—gold, silver, and apparel in great abundance.
15 ULB আৰু সেই ছাউনিবোৰত থকা ঘোঁৰা, খছৰ, গাধ আদি সকলো পশুৰ আঘাতবোৰ, সেই আঘাতৰ নিচিনাই হ’ব। BSB BSB: And a similar plague will strike the horses and mules, camels and donkeys, and all the animals in those camps.
16 ULB আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পূজা পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব। BSB BSB: Then all the survivors from the nations that came against Jerusalem will go up year after year to worship the King, the LORD of Hosts, and to celebrate the Feast of Tabernacles.
17 ULB পৃথিবীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ যিৰূচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ’ব। BSB BSB: And should any of the families of the earth not go up to Jerusalem to worship the King, the LORD of Hosts, then the rain will not fall on them.
18 ULB আৰু মিচৰীয়া গোষ্ঠী যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ’ব; পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা জাতিক যিহোৱাই মহামাৰীৰে আঘাত কৰিব। BSB BSB: And if the people of Egypt will not go up and enter in, then the rain will not fall on them; this will be the plague with which the LORD strikes the nations who do not go up to celebrate the Feast of Tabernacles.
19 ULB এয়ে মিচৰৰ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা আটাই জাতিৰ দণ্ড হ’ব। BSB BSB: This will be the punishment of Egypt and of all the nations that do not go up to celebrate the Feast of Tabernacles.
20 ULB কিন্তু সেই দিনা, “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ!” এই কথা ঘোঁৰাবোৰৰ টিলিঙাত থাকিব আৰু যিহোৱাৰ গৃহত থকা সকলো ৰন্ধন-পাত্ৰ যজ্ঞবেদীৰ আগত থকা তেজ ৰখা পাত্ৰবোৰৰ নিচিনা হ’ব; BSB BSB: On that day, HOLY TO THE LORD will be inscribed on the bells of the horses, and the cooking pots in the house of the LORD will be like the sprinkling bowls before the altar.
21 ULB এনে কি, যিৰূচালেম আৰু যিহূদাৰ প্ৰত্যেক ৰন্ধন-পাত্ৰ বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু বলিদান কৰোঁতা আটাইলোকে আহি তাৰ মাজত কোনো কোনো পাত্ৰ লৈ তাতে সিজাব। সেই দিনা বাহিনীসকলৰ যিহোৱাৰ গৃহত কনানীয়া লোক পুনৰ নাথাকিব। BSB BSB: Indeed, every pot in Jerusalem and Judah will be holy to the LORD of Hosts, and all who sacrifice will come and take some pots and cook in them. And on that day there will no longer be a Canaanite in the house of the LORD of Hosts.