1 ULB হে প্ৰিয় ভাইসকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ তলত আছিল, আৰু সকলোৱেই সাগৰৰ মাজেদি পাৰ হৈছিল৷ BSB BSB: I do not want you to be unaware, brothers, that our forefathers were all under the cloud, and that they all passed through the sea.
2 ULB মোচিত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হ’ল৷ BSB BSB: They were all baptized into Moses in the cloud and in the sea.
3 ULB তেওঁলোক সকলোৱেই একে আত্মিক আহাৰ ভোজন কৰিছিল, BSB BSB: They all ate the same spiritual food
4 ULB আৰু সকলোৱেই একে আত্মিক জল পান কৰিছিল৷ কিয়নো যি আত্মিক শিল তেওঁলোকৰ লগত গৈছিল, সেই শিলেই খ্ৰীষ্ট। BSB BSB: and drank the same spiritual drink; for they drank from the spiritual rock that accompanied them, and that rock was Christ.
5 ULB তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহ’ল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁলোকক মৰুপ্ৰান্তত নিপাত কৰা হ’ল। BSB BSB: Nevertheless, God was not pleased with most of them, for they were struck down in the wilderness.
6 ULB এই সকলো ঘটনা আমাৰ বাবে এক আর্হি স্বৰূপ হ’ল; সেয়েহে তেওঁলোকে যেনেকৈ কামনা কৰিছিল, তেনেকৈ আমিও যেন মন্দ বিষয়ৰ কামনা নকৰোঁ৷ BSB BSB: These things took place as examples to keep us from craving evil things as they did.
7 ULB তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; “মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল”। BSB BSB: Do not be idolaters, as some of them were. As it is written: “The people sat down to eat and drink and got up to indulge in revelry.”
8 ULB তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত; একেদিনাই তেইশ হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক। BSB BSB: We should not commit sexual immorality, as some of them did, and in one day twenty-three thousand of them died.
9 ULB তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন প্ৰভুক পৰীক্ষা নকৰোঁ। BSB BSB: We should not test Christ, as some of them did, and were killed by snakes.
10 ULB তেওঁলোকৰ কিছুমান লোকে অভিযোগ কৰি ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত মৃত্যু হ’ল, আপোনালোক তেনেকৈ অভিযোগ নকৰিব৷ BSB BSB: And do not complain, as some of them did, and were killed by the destroying angel.
11 ULB তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল; আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে। BSB BSB: Now these things happened to them as examples and were written down as warnings for us, on whom the fulfillment of the ages has come.
12 ULB এই কাৰণে যি কোনোৱে স্থিৰ আছোঁ বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক। BSB BSB: So the one who thinks he is standing firm should be careful not to fall.
13 ULB যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসযোগ্য; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব। BSB BSB: No temptation has seized you except what is common to man. And God is faithful; He will not let you be tempted beyond what you can bear. But when you are tempted, He will also provide an escape, so that you can stand up under it.
14 ULB এই কাৰণে, হে মোৰ প্ৰিয় ভাইসকল সকলো প্ৰকাৰৰ মূৰ্তিক উপাসনা কৰাৰ পৰা দূৰৈত থাকক৷ BSB BSB: Therefore, my beloved, flee from idolatry.
15 ULB মই আপোনালোকক বুদ্ধিমান যেন ভাবি কওঁ, আপোনালোকে নিজে মোৰ কথা বিবেচনা কৰি চাব৷ BSB BSB: I speak to reasonable people; judge for yourselves what I say.
16 ULB আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টই দান কৰা শৰীৰৰ সহভাগিতা নহয় নে? BSB BSB: Is not the cup of blessing that we bless a participation in the blood of Christ? And is not the bread that we break a participation in the body of Christ?
17 ULB কিয়নো অনেক যি আমি, সকলোৱেই এক পিঠাত অংশ গ্ৰহণ কৰাৰ যোগেদি আমি অনেক লোক হলেও এক শৰীৰৰ ভাগী হলোঁ৷ BSB BSB: Because there is one loaf, we who are many are one body; for we all partake of the one loaf.
18 ULB ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক৷ যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদীৰ সহভাগী নহয় নে? BSB BSB: Consider the people of Israel: Are not those who eat the sacrifices fellow partakers in the altar?
19 ULB তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে? BSB BSB: Am I suggesting, then, that food sacrificed to an idol is anything, or that an idol is anything?
20 ULB তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই। BSB BSB: No, but the sacrifices of pagans are offered to demons, not to God. And I do not want you to be participants with demons.
21 ULB আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে। BSB BSB: You cannot drink the cup of the Lord and the cup of demons too; you cannot partake in the table of the Lord and the table of demons too.
22 ULB নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত? BSB BSB: Are we trying to provoke the Lord to jealousy? Are we stronger than He?
23 ULB সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই বৃদ্ধি নকৰে। BSB BSB: “Everything is permissible,” but not everything is beneficial. “Everything is permissible,” but not everything is edifying.
24 ULB প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক। BSB BSB: No one should seek his own good, but the good of others.
25 ULB যি কোনো মাংস বজাৰত বেচে, দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি (বিচাৰ নকৰাকৈ) সেইবোৰ ভোজন কৰিব; BSB BSB: Eat anything sold in the meat market without raising questions of conscience,
26 ULB কিয়নো জগত আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই। BSB BSB: for, “The earth is the Lord’s, and the fullness thereof.”
27 ULB খ্ৰীষ্টক অবিশ্বাস কৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে, আপোনালোক যদি যাবলৈ সন্মত হয়, তেনেহলে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি (বিচাৰ নকৰাকৈ), যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব। BSB BSB: If an unbeliever invites you to a meal and you want to go, eat anything set before you without raising questions of conscience.
28 ULB কিন্তু কোনোৱে যদি আপোনালোকক, “এয়ে বলি দিয়া আহাৰ হয় বুলি কয়,” তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব। BSB BSB: But if someone tells you, “This food was offered to idols,” then do not eat it, for the sake of the one who told you and for the sake of conscience—
29 ULB দোষাদোষ জ্ঞান বুলি যে কৈছোঁ, সেয়ে আপোনাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধ-বিচাৰ কৰা হয়? BSB BSB: the other one’s conscience, I mean, not your own. For why should my freedom be determined by someone else’s conscience?
30 ULB মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ, তেনেহলে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়? BSB BSB: If I partake in the meal with thankfulness, why am I denounced because of that for which I give thanks?
31 ULB এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব। BSB BSB: So whether you eat or drink or whatever you do, do it all to the glory of God.
32 ULB তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলীৰ কাৰোৱে বিঘিনি জনক নহয়; BSB BSB: Do not become a stumbling block, whether to Jews or Greeks or the church of God—
33 ULB কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷ BSB BSB: as I also try to please everyone in all I do. For I am not seeking my own good, but the good of many, that they may be saved.
Select verses for actions: Enter goes to them and Escape comes back.