1 ULB মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক। BSB BSB: You are to imitate me, just as I imitate Christ.
2 ULB আপোনালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰিছে আৰু মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে মই আপোনালোকৰ প্ৰশংসা কৰিছোঁ। BSB BSB: Now I commend you for remembering me in everything and for maintaining the traditions, just as I passed them on to you.
3 ULB কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, আৰু পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা। BSB BSB: But I want you to understand that the head of every man is Christ, and the head of the woman is man, and the head of Christ is God.
4 ULB যি কোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰক অমৰ্য্যাদা কৰে। BSB BSB: Every man who prays or prophesies with his head covered dishonors his head.
6 ULB কাৰণ মহিলাই যদি ওৰণি নলয়, তেনেহলে চুলিও কটা যাওঁক; কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেনেহলে তেওঁ ওৰণি লওঁক। BSB BSB: If a woman does not cover her head, she should have her hair cut off. And if it is shameful for a woman to have her hair cut or shaved off, she should cover her head.
7 ULB কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱ স্বৰূপ হোৱা বাবে, ওৰণি লোৱা তেওঁৰ উচিত নহয়; কিন্তু মহিলা হ’লে পুৰুষৰহে গৌৰৱ। BSB BSB: A man ought not to cover his head, since he is the image and glory of God; but the woman is the glory of man.
8 ULB কিয়নো পুৰুষ মহিলাৰ পৰা নহয়, কিন্তু মহিলাহে পুৰুষৰ পৰা হ’ল। BSB BSB: For man did not come from woman, but woman from man.
9 ULB মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল। BSB BSB: Neither was man created for woman, but woman for man.
10 ULB সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য। BSB BSB: For this reason a woman ought to have a sign of authority on her head, because of the angels.
11 ULB তথাপি যি কি নহওক, প্ৰভুত মহিলা অবিহনে পুৰুষ স্বাধীন নহয়, পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়৷ BSB BSB: In the Lord, however, woman is not independent of man, nor is man independent of woman.
12 ULB কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল৷ তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল; কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল। BSB BSB: For just as woman came from man, so also man is born of woman. But everything comes from God.
13 ULB আপোনালোকে মনতে বিচাৰ কৰি চাওক, মহিলাই উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে? BSB BSB: Judge for yourselves: Is it proper for a woman to pray to God with her head uncovered?
14 ULB প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক? BSB BSB: Doesn’t nature itself teach you that if a man has long hair, it is a disgrace to him,
15 ULB কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক; কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হ’ল। BSB BSB: but that if a woman has long hair, it is her glory? For long hair is given to her as a covering.
16 ULB কিন্তু কোনোৱে যদি বাদ-বিবাদলৈ মন কৰে, তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই। BSB BSB: If anyone is inclined to dispute this, we have no other practice, nor do the churches of God.
17 ULB এই আদেশৰ লগতে পুনৰ এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰোঁ; সেই কথা হ’ল এই যে, আপোনালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খায়। BSB BSB: In the following instructions I have no praise to offer, because your gatherings do more harm than good.
18 ULB কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ। BSB BSB: First of all, I hear that when you come together as a church, there are divisions among you, and in part I believe it.
19 ULB কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ (প্ৰকৃত) মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে। BSB BSB: And indeed, there must be differences among you to show which of you are approved.
20 ULB তাতে আপোনালোক যেতিয়া একে ঠাইতে গোট খায়, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়; BSB BSB: Now then, when you come together, it is not the Lord’s Supper you eat.
21 ULB কিয়নো ভোজন কৰোঁতে, প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে; তাতে কোনো জনৰ ভোক থাকে, কোনো জন মতলীয়া হয়। BSB BSB: For as you eat, each of you goes ahead without sharing his meal. While one remains hungry, another gets drunk.
22 ULB তেনেহলে ভোজন-পান কৰিবলৈ, আপোনালোকৰ নিজ নিজ ঘৰ সঁচাকৈ নাই নে? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি, দীনহীন সকলক লাজ দিয়ে নে? মই আপোনালোকক কি ক’ম? এই কথাত আপোনালোকক প্ৰশংসা কৰিম নে? আপোনালোকক প্ৰশংসা নকৰোঁ। BSB BSB: Don’t you have your own homes in which to eat and drink? Or do you despise the church of God and humiliate those who have nothing? What can I say to you? Shall I praise you for this? No, I will not!
23 ULB কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল, BSB BSB: For I received from the Lord what I also passed on to you: The Lord Jesus, on the night He was betrayed, took bread,
24 ULB সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি ক’লে, ‘তোমালোকৰ কাৰণে এই মোৰ শৰীৰ। এই শৰীৰ তোমালোকৰ বাবে ভঙা হ’ব; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা’। BSB BSB: and when He had given thanks, He broke it and said, “This is My body, which is for you; do this in remembrance of Me.”
25 ULB এইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ ক’লে, ‘এই পান-পাত্ৰ মই দান কৰা, মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম; তোমালোকে যিমান বাৰ ইয়াক পান কৰা, সিমান বাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা’। BSB BSB: In the same way, after supper He took the cup, saying, “This cup is the new covenant in My blood; do this, as often as you drink it, in remembrance of Me.”
26 ULB কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে, প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে।” BSB BSB: For as often as you eat this bread and drink this cup, you proclaim the Lord’s death until He comes.
27 ULB এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ’ব। BSB BSB: Therefore, whoever eats the bread or drinks the cup of the Lord in an unworthy manner will be guilty of sinning against the body and blood of the Lord.
28 ULB কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰাৰ পাছত সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক। BSB BSB: Each one must examine himself before he eats of the bread and drinks of the cup.
29 ULB কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি সন্দেহ কৰে আৰু ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে। BSB BSB: For anyone who eats and drinks without recognizing the body eats and drinks judgment on himself.
30 ULB এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দুৰ্বলী আৰু ৰুগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল। BSB BSB: That is why many among you are weak and sick, and a number of you have fallen asleep.
31 ULB কিন্তু আমি নিজৰ বিচাৰ নিজে সত্যৰূপত কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন। BSB BSB: Now if we judged ourselves properly, we would not come under judgment.
32 ULB কিন্তু আমি যাতে জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ। BSB BSB: But when we are judged by the Lord, we are being disciplined so that we will not be condemned with the world.
33 ULB এতেকে, হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া ভোজন-পান কৰিবলৈ গোট খায়, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব BSB BSB: So, my brothers, when you come together to eat, wait for one another.
34 ULB আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়, এই কাৰণে কোনো জনৰ যদি ভোক লাগে, তেনেহলে তেওঁ ঘৰতে খাই আহক। অৱশিষ্ট কথাবোৰৰ বিষয়ে, মই যেতিয়া যাম, তেতিয়া নিৰ্দেশনা দিম। BSB BSB: If anyone is hungry, he should eat at home, so that when you come together it will not result in judgment. And when I come, I will give instructions about the remaining matters.
Select verses for actions: Enter goes to them and Escape comes back.