1 ULB হে ভাইসকল, আত্মিক বৰৰ বিষয়ে আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। BSB BSB: Now about spiritual gifts, brothers, I do not want you to be uninformed.
2 ULB আপোনালোকে জানে, যেতিয়া আপোনালোক মূৰ্তিপূজক আছিল, তেতিয়া নিৰ্ব্বাক মূৰ্তিবোৰৰ ওচৰলৈ গৈছিল, আৰু সেইবোৰে আপোনালোকক চালিত কৰিছিল। BSB BSB: You know that when you were pagans, you were influenced and led astray to mute idols.
3 ULB এই কাৰণে মই আপোনালোকক জনাইছোঁ যে, ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও ‘যীচু শাপগ্ৰস্থ’ বুলি নকয়; আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহ’লে, কোনেও ‘যীচু প্ৰভু’ বুলিব নোৱাৰে। BSB BSB: Therefore I inform you that no one who is speaking by the Spirit of God says, “Jesus be cursed,” and no one can say, “Jesus is Lord,” except by the Holy Spirit.
4 ULB নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা এক; BSB BSB: There are different gifts, but the same Spirit.
5 ULB আৰু পৰিচৰ্যা অনেক বিধ কিন্তু প্ৰভু এক; BSB BSB: There are different ministries, but the same Lord.
6 ULB কৰ্মসাধক গুণো অনেক বিধ, কিন্তু ঈশ্বৰ এক, তেওঁ সকলোতে সকলো কৰ্মৰ সাধনকৰ্তা। BSB BSB: There are different ways of working, but the same God works all things in all people.
7 ULB কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে। BSB BSB: Now to each one the manifestation of the Spirit is given for the common good.
9 ULB একে আত্মাৰে আন জনক বিশ্বাস দিয়া হৈছে; সেই একে আত্মাৰ দ্বাৰাই কোনোক সুস্থ কৰিব পৰা বৰ, BSB BSB: to another faith by the same Spirit, to another gifts of healing by that one Spirit,
10 ULB আন কোনো জনক পৰাক্ৰম কাৰ্য সাধন কৰিবলৈ, আন কোনোক ভাববাণী ক’বৰ, আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ, আন কোনোক নানা বিধ ভাষা ক’বৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবলৈ বৰ দিয়া হৈছে; BSB BSB: to another the working of miracles, to another prophecy, to another distinguishing between spirits, to another speaking in various tongues, and to still another the interpretation of tongues.
11 ULB কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেইদৰে তেওঁক ভাগ-বাঁটি দি সকলোকে সাধন কৰিছে। BSB BSB: All these are the work of one and the same Spirit, who apportions them to each one as He determines.
13 ULB কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হ’বলৈ এক আত্মাত বাপ্তিস্ম গ্ৰহন কৰিলোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ। BSB BSB: For in one Spirit we were all baptized into one body, whether Jews or Greeks, slave or free, and we were all given one Spirit to drink.
14 ULB কিয়নো শৰীৰ এক অঙ্গ নহয়, কিন্তু অনেক। BSB BSB: For the body does not consist of one part, but of many.
15 ULB ভৰিয়ে যদি কয়, মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়। BSB BSB: If the foot should say, “Because I am not a hand, I do not belong to the body,” that would not make it any less a part of the body.
16 ULB আৰু কাণেও যদি কয়, মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়। BSB BSB: And if the ear should say, “Because I am not an eye, I do not belong to the body,” that would not make it any less a part of the body.
17 ULB গোটেই শৰীৰেই চকু হোৱা হ’লে, শ্ৰৱণ ক’ত হ’লহেঁতেন? আৰু গোটেইটো কাণ হোৱা হ’লে, ঘ্ৰাণ ক’ত হ’লহেঁতেন? BSB BSB: If the whole body were an eye, where would the sense of hearing be? If the whole body were an ear, where would the sense of smell be?
18 ULB কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অঙ্গ-প্ৰত্যঙ্গবোৰক, এনে কি, সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে। BSB BSB: But in fact, God has arranged the members of the body, every one of them, according to His design.
19 ULB নতুবা আটাইবোৰ অঙ্গ-প্ৰত্যঙ্গ এক অঙ্গ হোৱা হ’লে, তেনেহলে শৰীৰ ক’ত হ’লহেঁতেন? BSB BSB: If they were all one part, where would the body be?
20 ULB কিন্তু এতিয়া অনেক অঙ্গ-প্ৰত্যঙ্গ হলেও, শৰীৰ এক। BSB BSB: As it is, there are many parts, but one body.
21 ULB আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক’ব নোৱাৰে; বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক ক’ব নোৱাৰে। BSB BSB: The eye cannot say to the hand, “I do not need you.” Nor can the head say to the feet, “I do not need you.”
22 ULB কওক ছাৰি, শৰীৰৰ যি যি অঙ্গ আন অঙ্গতকৈ দুৰ্বল বোধ হয়, সেই সকলো অঙ্গ-প্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয় BSB BSB: On the contrary, the parts of the body that seem to be weaker are indispensable,
23 ULB শৰীৰৰ যি যি অঙ্গ আনতকৈ অনাদৰণীয় জ্ঞান কৰোঁ, সেইবোৰক অধিক আদৰেৰে ভূষিত কৰোঁ; BSB BSB: and the parts we consider less honorable, we treat with greater honor. And our unpresentable parts are treated with special modesty,
24 ULB আৰু আমাৰ শৰীৰৰ কুৰূপ অঙ্গবোৰেও অধিক শোভা পায়। কিন্তু আমাৰ সুৰূপ অঙ্গবোৰৰ একো প্ৰয়োজন নাই। BSB BSB: whereas our presentable parts have no such need. But God has composed the body and has given greater honor to the parts that lacked it,
25 ULB কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অঙ্গ-প্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে, এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি, শৰীৰ সংগঠিত কৰিলে। BSB BSB: so that there should be no division in the body, but that its members should have mutual concern for one another.
26 ULB তাতে এক অঙ্গই দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই দুখ পায়; আৰু এক অঙ্গই মৰ্যদা পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই আনন্দ কৰে। BSB BSB: If one part suffers, every part suffers with it; if one part is honored, every part rejoices with it.
27 ULB আপোনালোক খ্ৰীষ্টৰ শৰীৰ আৰু একো একোজনেই এক এক অঙ্গ স্বৰূপ। BSB BSB: Now you are the body of Christ, and each of you is a member of it.
28 ULB আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্য কৰোতাসকলক, তাৰ পাছত সুস্থ কৰিব পৰা বৰ থকাসকলক, উপকাৰক সকলক, শাসন-পদ পোৱা সকলক আৰু নানা ভাষা কওতা সকলক নিযুক্ত কৰিলে। BSB BSB: And in the church God has appointed first of all apostles, second prophets, third teachers, then workers of miracles, and those with gifts of healing, helping, administration, and various tongues.
29 ULB সকলোৱেই পাঁচনি নে? সকলোৱেই ভাববাদী নে? সকলোৱেই উপদেশক নে? সকলোৱেই পৰাক্ৰম কাৰ্য কৰোঁতা নে? BSB BSB: Are all apostles? Are all prophets? Are all teachers? Do all work miracles?
30 ULB সকলোৱেই সুস্থ কৰিব পৰা বৰ পাইছে নে? সকলোৱেই পৰভাষা কয় নে? সকলোৱেই অৰ্থ বুজাই দিয়ে নে? BSB BSB: Do all have gifts of healing? Do all speak in tongues? Do all interpret?
31 ULB কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াহ কৰক; তথাপি তাতকৈয়ো এক উত্তম পথ মই আপোনালোকক দেখুৱাওঁ। BSB BSB: But eagerly desire the greater gifts. And now I will show you the most excellent way.
Select verses for actions: Enter goes to them and Escape comes back.