1 ULB যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ। BSB BSB: If I speak in the tongues of men and of angels, but have not love, I am only a ringing gong or a clanging cymbal.
2 ULB যদি মই ভাববাণী কোৱা বৰ পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ। BSB BSB: If I have the gift of prophecy and can fathom all mysteries and all knowledge, and if I have absolute faith so as to move mountains, but have not love, I am nothing.
3 ULB আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই। BSB BSB: If I give all I possess to the poor and exult in the surrender of my body, but have not love, I gain nothing.
4 ULB প্ৰেম সহনশীল আৰু স্নেহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী, BSB BSB: Love is patient, love is kind. It does not envy, it does not boast, it is not proud.
5 ULB বা অশিষ্টাচাৰী নহয়। ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয়, আৰু ই আন লোকে কৰা অন্যায়ৰ হিচাব নলয়৷ BSB BSB: It is not rude, it is not self-seeking, it is not easily angered, it keeps no account of wrongs.
6 ULB ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে, BSB BSB: Love takes no pleasure in evil, but rejoices in the truth.
7 ULB প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোতে আশা কৰে, আৰু সকলোকে সহ্য কৰে। BSB BSB: It bears all things, believes all things, hopes all things, endures all things.
8 ULB প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, আতৰি যাব; জ্ঞান হ’লে, লুপ্ত হ’ব। BSB BSB: Love never fails. But where there are prophecies, they will cease; where there are tongues, they will be restrained; where there is knowledge, it will be dismissed.
9 ULB কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ; BSB BSB: For we know in part and we prophesy in part,
10 ULB কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব। BSB BSB: but when the perfect comes, the partial passes away.
11 ULB যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰি পেলালোঁ। BSB BSB: When I was a child, I talked like a child, I thought like a child, I reasoned like a child. When I became a man, I set aside childish ways.
12 ULB কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিব পাৰিম। BSB BSB: Now we see but a dim reflection as in a mirror; then we shall see face to face. Now I know in part; then I shall know fully, even as I am fully known.
13 ULB কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম; এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ। BSB BSB: And now these three remain: faith, hope, and love; but the greatest of these is love.
Select verses for actions: Enter goes to them and Escape comes back.