1 ULB এতিয়া আপোনালোকে মোলৈ যি বিষয়ে লিখিছিল, সেই বিষয়ে উত্তৰ দিওঁ; এজন পুৰুষে বিয়া নকৰাই ভাল; BSB BSB: Now for the matters you wrote about: It is good to abstain from sexual relations.
2 ULB কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক। BSB BSB: But because there is so much sexual immorality, each man should have his own wife, and each woman her own husband.
3 ULB শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক। BSB BSB: The husband should fulfill his marital duty to his wife, and likewise the wife to her husband.
4 ULB ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে। BSB BSB: The wife does not have authority over her own body, but the husband. Likewise the husband does not have authority over his own body, but the wife.
5 ULB আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়। BSB BSB: Do not deprive each other, except by mutual consent and for a time, so you may devote yourselves to prayer. Then come together again, so that Satan will not tempt you through your lack of self-control.
6 ULB মই এই সকলো কথা আপোনালোকক আজ্ঞাৰ দিয়াৰ দৰে যে কৈছোঁ, এনে নহয়; কিন্তু অনুমতিহে মাথোন দিছোঁ। BSB BSB: I say this as a concession, not as a command.
8 ULB অবিবাহিত আৰু বিধৱা সকলক মই কওঁ, তেওঁলোকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে, তেনেহলে ভাল। BSB BSB: Now to the unmarried and widows I say this: It is good for them to remain unmarried, as I am.
9 ULB কিন্তু ইন্দ্ৰিয়-দমন কৰিব নোৱাৰিলে, বিয়া হোৱা উচিত; কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোঁৱাই ভাল। BSB BSB: But if they cannot control themselves, let them marry. For it is better to marry than to burn with passion.
10 ULB এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ, অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।” BSB BSB: To the married I give this command (not I, but the Lord): A wife must not separate from her husband.
11 ULB কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক; আৰু “স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক।” BSB BSB: But if she does, she must remain unmarried or else be reconciled to her husband. And a husband must not divorce his wife.
12 ULB এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয়, কিন্তু মইহে কওঁ, যদি কোনো ভাইৰ খ্ৰীষ্টত অবিশ্বাসী ভাৰ্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক। BSB BSB: To the rest I say this (I, not the Lord): If a brother has an unbelieving wife and she is willing to live with him, he must not divorce her.
13 ULB আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে। BSB BSB: And if a woman has an unbelieving husband and he is willing to live with her, she must not divorce him.
14 ULB কিয়নো বিশ্বাসী ভার্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পবিত্রতা লাভ কৰে; এনে নহ’লে, আপোনালোকৰ সন্তানবোৰ অশুচি হ’লহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান। BSB BSB: For the unbelieving husband is sanctified through his believing wife, and the unbelieving wife is sanctified through her believing husband. Otherwise your children would be unclean, but now they are holy.
15 ULB তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যাব বিচাৰে, তেনেহলে তেওঁ যাওঁক। এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্য-বাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে। BSB BSB: But if the unbeliever leaves, let him go. The believing brother or sister is not bound in such cases. God has called you to live in peace.
16 ULB হে বিশ্বাসী ভার্যা, তোমাৰ স্বামীক তুমি পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা? হে বিশ্বাসী স্বামী, তোমাৰ ভার্যাক তুমিও পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা? BSB BSB: How do you know, wife, whether you will save your husband? Or how do you know, husband, whether you will save your wife?
17 ULB প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ। BSB BSB: Regardless, each one should lead the life that the Lord has assigned to him and to which God has called him. This is what I prescribe in all the churches.
18 ULB কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁ চুন্নৎ হোৱাতে থাকক; কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই। BSB BSB: Was a man already circumcised when he was called? He should not become uncircumcised. Was a man still uncircumcised when called? He should not be circumcised.
20 ULB ঈশ্বৰে যাক যি অৱস্থাতে আমন্ত্ৰণ কৰিছে, তেওঁ সেই অৱস্থাতে থাকক। BSB BSB: Each one should remain in the situation he was in when he was called.
21 ULB যেতিয়া ঈশ্বৰে আপোনাক আমন্ত্রণ কৰিছিল, তেতিয়া আপুনি দাস আছিল নেকি? ইয়াকে লৈ একো চিন্তা নকৰিব; অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পায়, তেনেহলে সেই সুযোগ গ্রহণ কৰক। BSB BSB: Were you a slave when you were called? Do not let it concern you—but if you can gain your freedom, take the opportunity.
22 ULB দাস অৱস্থাত যি জনক প্রভুৱে আমন্ত্রণ কৰিলে, তেওঁ প্রভুৰ মুক্ত লোক। সেইদৰে যি জনক মুক্ত অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰণ কৰিলে, তেওঁ খ্ৰীষ্টৰ দাস। BSB BSB: For he who was a slave when he was called by the Lord is the Lord’s freedman. Conversely, he who was a free man when he was called is Christ’s slave.
23 ULB মূল্য দি আপোনালোকক (মুক্তিৰ অৰ্থে) কিনা হৈছে, সেয়ে মানুহৰ দাস নহ’ব। BSB BSB: You were bought at a price; do not become slaves of men.
24 ULB হে ভাইসকল, আমি প্ৰতিজন যি অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হলোঁ, সেই অৱস্থাতে আমি ঈশ্বৰে সৈতে থাকোঁহক। BSB BSB: Brothers, each one should remain in the situation he was in when God called him.
25 ULB যি সকলৰ বিয়া হোৱা নাই, তেখেতসকলৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ। BSB BSB: Now about virgins, I have no command from the Lord, but I give a judgment as one who by the Lord’s mercy is trustworthy.
26 ULB সেয়ে মোৰ ভাব হয়, বর্তমান এই সঙ্কটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে, তেনে থকাই ভাল। BSB BSB: Because of the present crisis, I think it is good for a man to remain as he is.
27 ULB আপুনি ভাৰ্যাৰ সৈতে প্রতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছে নেকি? তেনেহলে মুক্ত হ’বলৈ চেষ্টা নকৰিব। আপুনি ভাৰ্য্যাৰ পৰা মুক্ত হৈ আছে নেকি অর্থাৎ অবিবাহিত নেকি? তেনেহলে ভাৰ্যা পাবলৈ চেষ্টা নকৰিব। BSB BSB: Are you committed to a wife? Do not seek to be released. Are you free of commitment? Do not look for a wife.
28 ULB কিন্তু আপুনি যদি বিয়াও কৰাইছে, তাত আপোনাৰ কোনো পাপ নহয়। কোনো কুমাৰীয়ে যদি বিয়া কৰাই, তেনেহলে তেৱোঁ পাপ নকৰে। কিন্তু যি সকলে বিয়া কৰাই, তেখেতসকলে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব। মই এই সকলোৰে পৰা আপোনালোকক ৰেহাই দিব বিচাৰোঁ। BSB BSB: But if you do marry, you have not sinned. And if a virgin marries, she has not sinned. But those who marry will face troubles in this life, and I want to spare you this.
29 ULB কিন্তু, হে ভাইসকল, মই ইয়াকে কওঁ, সময় কম। এতিয়াৰ পৰা যি সকলৰ ভাৰ্যা আছে, তেখেতসকলে এনেভাৱে চলক যেন তেখেতসকলৰ ভাৰ্যা নাই; BSB BSB: What I am saying, brothers, is that the time is short. From now on those who have wives should live as if they had none;
30 ULB যি সকলে ক্রন্দন কৰিছে, তেখেতসকলে এনেভাৱে চলক যেন ক্রন্দন কৰা নাই; যি সকলে আনন্দ কৰিছে, তেখেতসকলে এনেভাৱে চলক যেন আনন্দ কৰা নাই; যি সকলে কোনো বস্তু ক্রয় কৰিছে, তেখেতসকলে এনেভাৱে চলক যেন তেখেতসকলৰ নিজৰ একো নাই। BSB BSB: those who weep, as if they did not; those who are joyful, as if they were not; those who make a purchase, as if they had nothing;
31 ULB যি সকল লোক জগতৰ বিষয় সমূহত জড়িত, তেখেতসকলে যেন সম্পূর্ণভাৱে তাত আসক্ত নহয়; কাৰণ এই জগতৰ ধাৰা লুপ্ত হ’ব ধৰিছে।। BSB BSB: and those who use the things of this world, as if not dependent on them. For this world in its present form is passing away.
32 ULB মই বিচাৰো, আপোনালোকে যেন চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে। অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাৱে; তেখেতে চিন্তা কৰে, কেনেকৈ তেখেতে প্রভুক সন্তুষ্ট কৰিব। BSB BSB: I want you to be free from concern. The unmarried man is concerned about the work of the Lord, how he can please the Lord.
33 ULB কিন্তু বিবাহিত পুৰুষে জগতৰ বিষয়বোৰ ভাৱে; তেখেতে চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব। BSB BSB: But the married man is concerned about the affairs of this world, how he can please his wife,
34 ULB তেখেতে ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে, যাতে তেখেত দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই জগতৰ বিষয়বোৰ ভাৱে; তেখেতে চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব। BSB BSB: and his interests are divided. The unmarried woman or virgin is concerned about the work of the Lord, how she can be holy in both body and spirit. But the married woman is concerned about the affairs of this world, how she can please her husband.
35 ULB মই আপোনালোকৰ হিতৰ অর্থেই এই কথা কৈছোঁ। আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে। BSB BSB: I am saying this for your own good, not to restrict you, but in order to promote proper decorum and undivided devotion to the Lord.
36 ULB তথাপি যদি কোনো মানুহৰ বোধ হয় যে, তেখেতৰ কুমাৰী বাগ্দান কৰা জনীৰ প্রতি ন্যায় আচৰণ কৰা নাই, যদি তেখেতৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেখেতৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেনেহলে তেখেতে নিজৰ ইচ্ছামতে সেই কুমাৰীক বিয়া কৰক; তাত পাপ নহয়। BSB BSB: However, if someone thinks he is acting inappropriately toward his betrothed, and if she is beyond her youth and they ought to marry, let him do as he wishes; he is not sinning; they should get married.
37 ULB কিন্তু যদি তেখেতে বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয়, তেনেহলেও তেখেতৰ ওপৰত কোনো চাপ নাই৷ তেখেত নিজৰ ইচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে, আৰু তেখেতে যদি সেই কুমাৰীক কুমাৰীভাৱে ৰাখিব বিচাৰে, তেনেহলে তেখেতে ঠিক কার্যই কৰে। BSB BSB: But the man who is firmly established in his heart and under no constraint, with control over his will and resolve in his heart not to marry the virgin, he will do well.
38 ULB এতেকে যি জনে তেখেতৰ বাগ্দান কৰা কুমাৰীক বিয়া কৰায়, তেখেতে ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনেও তাতকৈ ভাল কৰ্ম কৰে। BSB BSB: So then, he who marries the virgin does well, but he who does not marry her does even better.
39 ULB স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেখেতৰ বন্ধনত আবদ্ধ থাকে। কিন্তু স্বামীৰ মৃত্যু হ’লে তেখেত মুক্ত; তেতিয়া যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়। BSB BSB: A wife is bound to her husband as long as he lives. But if her husband dies, she is free to marry anyone she wishes, as long as he belongs to the Lord.
40 ULB কিন্তু মোৰ বিবেচনাত তাই যেনেকৈ আছে, যদি তেনেকৈয়ে থাকে, তেনেহলে পুনৰ অধিক সুখী হ’ব। মই ভাৱো যে, মোৰ সৈতে ঈশ্বৰৰ আত্মা আছে। BSB BSB: In my judgment, however, she is happier if she remains as she is. And I think that I too have the Spirit of God.
Select verses for actions: Enter goes to them and Escape comes back.