1 ULB ফিলিষ্টীয়া সকলৰ পিছে পিছে যোৱাৰ পৰা উভটি আহি চৌলে ক’লে, “দায়ূদ মৰুপ্ৰান্তৰ অয়িন-গদীৰত আছে।” BSB BSB: After Saul had returned from pursuing the Philistines, he was told, “David is in the wilderness of En-gedi.”
2 ULB তাতে চৌলে ইস্ৰায়েলসকলৰ পৰা তিনি হাজাৰ মনোনীত লোক লৈ, বনৰীয়া ছাগলীৰ পৰ্বতলৈ গৈ দায়ূদ আৰু তেওঁৰ লোকসকলক বিচাৰিলে। BSB BSB: So Saul took three thousand chosen men from all Israel and went to look for David and his men in the region of the Rocks of the Wild Goats.
3 ULB তেওঁ বাটৰ মাজত ভেড়া ৰখা ঠাই পালে, য’ত এটা গুহা আছিল। চৌলে বিশ্ৰাম লবলৈ ভিতৰলৈ সোমালে। কিন্তু দায়ূদ আৰু তেওঁৰ লোকসকল সেই গুহাৰ অন্তৰ ভাগত বহি আছিল। BSB BSB: Soon Saul came to the sheepfolds along the road, where there was a cave, and he went in to relieve himself. And David and his men were hiding in the recesses of the cave.
4 ULB দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চাওক যি দিনৰ বিষয়ে যিহোৱাই আপোনাক কৈছিল সেইদিন আজিয়ে, ‘মই তোমাৰ শত্ৰুক তোমাৰ হাতত সমৰ্পণ কৰিম’ তাতে তোমাৰ যি ইচ্ছা, তাকে তালৈ কৰিবা।” তেতিয়া দায়ূদে গৈ গোপনে চৌলৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লে। BSB BSB: So David’s men said to him, “This is the day about which the LORD said to you, ‘Behold, I will deliver your enemy into your hand, that you may do with him as you wish.’” Then David crept up and stealthily cut off a corner of Saul’s robe.
5 ULB তাৰ পাছত দায়ূদৰ হৃদয় ব্যাকুল হ’ল কাৰণ তেওঁ চৌলৰ চোলাৰ এডোখৰ কাটি লৈছিল। BSB BSB: Afterward, David’s conscience was stricken because he had cut off the corner of Saul’s robe.
6 ULB তেওঁ তেওঁৰ লোকসকলক ক’লে, “যিহোৱাৰ অভিষিক্ত মোৰ প্ৰভুলৈ এনে কাম কৰিবলৈ, তেওঁৰ বিৰুদ্ধে হাত দাঙিবলৈ যিহোৱাই মোক নিষেদ কৰক; কিয়নো তেওঁ যিহোৱাৰ অভিষিক্ত লোক।” BSB BSB: So he said to his men, “The LORD forbid that I should do such a thing to my master, the LORD’s anointed. May I never lift my hand against him, since he is the LORD’s anointed.”
7 ULB এই কথাৰে দায়ূদে তেওঁৰ লোকসকলক চৌলৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ বাধা দিলে। তাৰ পাছত চৌল গুহাৰ পৰা ওলাই নিজ বাটেদি গুচি গ’ল। BSB BSB: With these words David restrained his men, and he did not let them rise up against Saul. Then Saul left the cave and went on his way.
8 ULB দায়ূদেও গুহাৰ পৰা বাহিৰ ওলাই, “হে মোৰ প্ৰভু মহাৰাজ,” এই বুলি চৌলক ৰিঙিয়াই মাতিলে। যেতিয়া চৌলে তেওঁলৈ ঘূৰি চালে তেতিয়া দায়ূদে মাটিলৈ তল মূৰ কৰি প্ৰণিপাত কৰিলে আৰু তেওঁক সন্মান দিলে। BSB BSB: After that, David got up, went out of the cave, and called out to Saul, “My lord the king!” When Saul looked behind him, David bowed facedown in reverence
9 ULB দায়ূদে চৌলক ক’লে, “চাওক, দায়ূদে আপোনাৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিছে বুলি লোকসকলে কোৱা কথা আপুনি কিয় শুনে? BSB BSB: and said to Saul, “Why do you listen to the words of men who say, ‘Look, David intends to harm you’?
10 ULB আপুনি আজি নিজ চকুৰে দেখিছে যে, আজি এই গুহাৰ ভিতৰত যিহোৱাই আপোনাক মোৰ হাতত সমৰ্পণ কৰিছিল। কিছুমান লোকে মোক আপোনাক বধ কৰিবলৈ কৈছিল কিন্তু মই আপোনালৈ কৃপাদৃষ্টি কৰিলোঁ। মই ক’লোঁ, “মই নিজ প্ৰভুৰ বিৰুদ্ধে মোৰ হাত নাদাঙিম; কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত লোক।” BSB BSB: Behold, this day you have seen with your own eyes that the LORD delivered you into my hand in the cave. I was told to kill you, but I spared you and said, ‘I will not lift my hand against my lord, since he is the LORD’s anointed.’
11 ULB চাওক, মোৰ পিতৃ, এইয়া মোৰ হাতত আপোনাৰ চোলাৰ তল ভাগৰ এডোখৰ আছে। মই আপোনাৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লোঁ, তথাপি আপোনাক বধ নকৰিলোঁ; আপুনি বিবেচনা কৰি চাওক যে, মই আপোনাৰ বিৰুদ্ধে দুষ্কৰ্ম বা বিশ্ৱাস ঘাতক কৰা নাই, আৰু মই আপোনাৰ বিৰুদ্ধে কোনো পাপ কৰা নাই; তথাপি আপুনি মোৰ প্ৰাণ ল’বৰ কাৰণে বিচাৰি ফুৰিছে। BSB BSB: See, my father, look at the corner of your robe in my hand. For I cut it off, but I did not kill you. Know and see that there is no evil or rebellion in my hands. I have not sinned against you, even though you are hunting me down to take my life.
12 ULB যিহোৱাই মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰিব, আৰু যিহোৱাই মোৰ কাৰণে আপোনাৰ ওপৰত প্ৰতিকাৰ সাধিব; কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব। BSB BSB: May the LORD judge between you and me, and may the LORD take vengeance on you, but my hand will never be against you.
13 ULB প্ৰাচীনলোকসকলে কথাতে কয়, ‘দুষ্টৰ পৰাই দুষ্টতা জন্মে।’ কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব। BSB BSB: As the old proverb says, ‘Wickedness proceeds from the wicked.’ But my hand will never be against you.
14 ULB ইস্ৰায়েলৰ ৰজা কাৰ পাছত বাহিৰলৈ ওলাই আহিছে? আপুনি নো কাৰ পাছত খেদি আহিছে? এটা মৰা কুকুৰৰ পাছত! এটা মাখিৰ পাছত! BSB BSB: Against whom has the king of Israel come out? Whom are you pursuing? A dead dog? A flea?
15 ULB এই হেতুকে যিহোৱা বিচাৰকৰ্ত্তা হৈ মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰক; তেওঁ দৃষ্টিপাত কৰি মোৰ বিবাদ নিস্পত্তি কৰক, আৰু আপোনাৰ হাতৰ পৰা মোক ৰক্ষা কৰক।” BSB BSB: May the LORD be our judge and decide between you and me. May He take notice and plead my case and deliver me from your hand.”
16 ULB দায়ূদে চৌলক এই সকলো কথা কৈ শেষ কৰাৰ পাছত, চৌলে সুধিলে, “হে মোৰ বোপা দায়ূদ, এয়ে জানো তোমাৰ মাত?” এই বুলি কৈ চৌলে বৰ মাতেৰে ক্ৰন্দন কৰিলে। BSB BSB: When David had finished saying these things, Saul called back, “Is that your voice, David my son?” Then Saul wept aloud
17 ULB তেওঁ দায়ূদক ক’লে, “মোতকৈ তুমি ধাৰ্ম্মিক; কাৰণ তুমি মোৰ মঙ্গল কৰিলা, কিন্তু মই তোমাক অমঙ্গল কৰিলোঁ। BSB BSB: and said to David, “You are more righteous than I, for you have rewarded me with good, though I have rewarded you with evil.
18 ULB যিহোৱাই মোক তোমাৰ হাতত সমৰ্পণ কৰিলতো, তুমি মোক বধ কৰা নাই; ইয়াতে তুমি যে মোলৈ মঙ্গল ব্যৱহাৰ কৰিছা তাক আজি তুমি মোক দেখুৱালা। BSB BSB: And you have declared this day how you have treated me well, for when the LORD delivered me into your hand, you did not kill me.
19 ULB কাৰণ মানুহে নিজ শত্ৰুক ল’গ পালে তেওঁক নিৰাপদে যাবলৈ দিব নে? সেয়েহে আজি তুমি মোলৈ যি কৰিলা, তাৰ সলনি যিহোৱাই তোমাৰ মঙ্গল কৰক। BSB BSB: When a man finds his enemy, does he let him go away unharmed? May the LORD reward you with good for what you have done for me this day.
20 ULB এতিয়া মই জানিছোঁ যে, তুমি নিশ্চয় ৰজা হ’বা, আৰু ইস্ৰায়েলৰ ৰাজ্য তোমাৰ হাতত স্থাপন কৰা হ’ব।” BSB BSB: Now I know for sure that you will be king and that the kingdom of Israel will be established in your hands.
21 ULB সেয়েহে তুমি মোৰ পাছত মোৰ বংশ উচ্ছন্ন নকৰিবলৈ, আৰু মোৰ পিতৃ বংশৰ পৰা মোৰ নামো লুপ্ত নকৰিবলৈ যিহোৱাৰ নামেৰে মোৰ আগত শপত খোৱা। BSB BSB: So now, swear to me by the LORD that you will not cut off my descendants or wipe out my name from my father’s house.”
22 ULB তাতে দায়ূদে চৌলৰ আগত শপত খালে। তাৰ পাছত চৌল নিজৰ ঘৰলৈ গ’ল, কিন্তু দায়ূদ আৰু তেওঁৰ লোকসকল দুৰ্গলৈ গ’ল। BSB BSB: So David gave his oath to Saul. Then Saul returned home, but David and his men went up to the stronghold.
Select verses for actions: Enter goes to them and Escape comes back.